একবিংশ শতিকাৰ তৃতীয় দশকটো অসমীয়া কবিতাৰ কাৰণে বিশেষত্বপূৰ্ণ সময়। এই সময়ছোৱাতে অসমীয়া কবিতাত সৰহ সংখ্যক কবিৰ সৃষ্টি হ'ল। কবি আৰু কবিতাৰ যেন বৃহৎ আন্দোলন গঢ়ি উঠিল। এই সময়তে প্ৰতিফলিত হ'ল যে অসমীয়া কবি বিশ্ব কবিসকলৰ সমকক্ষ। এই সময়তে অসমীয়া কবিয়ে লাভ কৰিলে কবিতাত জ্ঞানপীঠ বঁটা। ইয়াতকৈ অসমীয়া কবিৰ কাৰণে সুখৰ বাতৰি একোৱেই হ'ব নোৱাৰে।
সাহিত্যৰ প্ৰাচীনতম সৃষ্টিয়েই হ'ল কবিতা। পৃথিৱীৰ প্ৰাচীনতম গ্ৰন্থ ঋকবেদই ইয়াৰ প্ৰমাণ। মানুহৰ হৃদয়, মন আৰু চিন্তাত আলোড়ন সৃষ্টি কৰিবপৰা কবিতাৰ ভাষা অনন্য আৰু ইয়াৰ অৰ্থ ব্যাপক। দেশ কাল, ইতিহাস চেতনা, নৈসৰ্গিক বিস্ময় তথা দাৰ্শনিক অন্তঃদৃষ্টিয়ে কবিতাৰ ভাষাক প্ৰদান কৰে এক নতুন মাত্ৰা। সেয়ে প্ৰাচীন কাব্য আৰু বিশিষ্ট কবিৰ কবিতাসমূহে যুগে যুগে আমাক চিন্তাৰ খোৰাক যোগাই অফুৰন্ত অনুপ্ৰেৰণা প্ৰদান কৰি আহিছে।
অসমীয়া কবি আৰু কবিতাই যুগে যুগে চমকপ্ৰদ সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি আহিছে। এনেদৰে কেইবাশতিকা অতিক্ৰম হোৱাৰ পাছত অসমীয়া কাব্য জগতলৈ এটা সোণালী দিন আহিল। কবিতা নিৰ্মাণ কৰি কৰি কবি নীলমণি ফুকন দেৱে যি সময়ত জ্ঞানপীঠ বঁটা লাভ কৰিলে সেইসময়ত তেখেতৰ বঁটা লাভৰ আশা, আনন্দ একো নাই। সেই আনন্দ উপভোগ কৰিলে মাথো অসমীয়া জাতিয়েহে। তেখেতে জ্ঞানপীঠৰ দৰে বঁটা গ্ৰহণৰ আবেগৰ সময়তো অধিক কঠিনতা আৰু সুক্ষ্মতাহে প্ৰদৰ্শন কৰিলে।
বৰ্তমান অসমীয়া সমাজ আৰু সভ্যতালৈ অহা পৰিবৰ্তনে অসমীয়া কবিতাৰ গতি কোনো কবিৰ কলমত শক্তিশালী আৰু কোনো কবিৰ কলমত দুৰ্বল আৰু কেতিয়াবা কোনোবা কবিৰ কলমত ৰূপান্তৰৰ দৃষ্টি ভংগীৰে কবিতাক লজ্জিত কৰি তুলিছে।
এই সময়চোৱাত কোনো কবিৰ মানসিক মানচিত্ৰ বহল, সমাজৰ কল্যাণকামী এক শুভ বুদ্ধি তেওঁলোকৰ মহৎ কবিতাৰাশিৰ প্ৰাণ হৈ পৰিছে। তেওঁলোকৰ কবিতাবোৰৰ মাজত আছে অভিধানগত অৰ্থতকৈ ইংগিতময়তাৰ চাপ। জন-জীৱনৰ বেদনাৰ লগে লগে আশাভৰা শক্তিমন্ত কণ্ঠস্বৰো তেওঁলোকৰ কবিতাত শুনিবলৈ পোৱা যায়।
ইয়াৰ মাজতে কিছুসংখ্যক কবিয়ে আকৌ প্ৰকৃতিৰ প্ৰতি থকা নিৰ্দিষ্ট দৃষ্টি মানুহৰ জগতখনলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি আশা আৰু প্ৰাপ্তিৰ মাজত থাকি তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰিছে। এইসকল কবিৰ হৃদয়বাৰ্তাক বৌদ্ধিক সচেতনাৰে প্ৰকাশ কৰোঁতে এজন পৰ্যবেক্ষকৰ ভূমিকাৰে এটা বিষয়ৰ আৱেগ, অনুভূতি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। উৎপেক্ষা, প্ৰতীক,ৰূপক এইসকল কবিৰ কবিতাৰ প্ৰকাশ ভংগীত ব্যঞ্জনাৰ বিশেষ বাহন ৰূপে ব্যৱহাৰ হৈছে।
কবিতাত আংগিক নতুনত্ব বিচাৰি আধুনিক কবিসকলে জটিল প্ৰকাশ ভংগীৰ চৰ্চা কৰিবলৈ লৈছিল আৰু অতি সংযমেৰে মনৰ ভাৱক চেপি ৰখাৰ প্ৰয়াসৰপৰা মুক্ত হ'বলৈ চেষ্টা কৰিছিল। এওঁলোক শব্দ সচেতন আছিল। আনহাতে এইখিনি সময়তে কিছু সংখ্যক কবিৰ কবিতাত আকৌ শব্দ আৰু ভাষা প্ৰয়োগৰ বেমেজালি আছিল।
আন কিছুসংখ্যক ডেকা বয়সৰ সংবেদনশীল কবিক আকৌ নিৰ্দিষ্ট আদৰ্শবাদে আকৃষ্ট কৰিছে। এইসকল কবিৰ সৰহ সংখ্যকেই উচ্চ শিক্ষিত হোৱাৰ বাবে সামাজিক সমস্যা, ৰাজনৈতিক সমস্যা, শোষণৰ বিৰুদ্ধে তেওঁলোকৰ মনত এক গভীৰ প্ৰতিক্ৰিয়া সদা-সৰ্বদা চলি আছে। এই সময়ৰ কবিসকলে সূক্ষ্ম সূক্ষ্ম বস্তুক বিষয়বস্তু হিচাপে লৈ কবিতা লিখি আহিছে। সহজ সৰল ভাষাত লিখা কবিতাত নতুনত্ব একো নাই মাথো শব্দ প্ৰয়োগ অতি কৌশলেৰে কৰিছে। কবিতাবোৰ পাঠ কৰাৰ পাছত কবিতাৰ শব্দ নিক্ষেপনৰ যি প্ৰতিক্ৰিয়া সি পাঠকৰ হৃদয়ত দোলা দি যায়। দেখি থকা বস্তু এটা বা সমস্যা এটাকে ইমান সুন্দৰ বিশ্লেষণেৰে কবিয়ে দেখুৱাই দিয়ে যে পাঠক বিমোহিত হৈ পৰে। এই বিমোহন কিমান স্থায়ী সেয়া সময়ে ক'ব। কা-আন্দোলন, ক'ৰোণা মহামাৰী, প্ৰেমত বিশ্বাস হীনতা, নিৰাশা, মুদ্ৰাস্ফীতি অসমৰ আভ্যন্তৰীণ সীমাৰ সমস্যা, জাতি দ্ৰোহ, ৰাজনৈতিক সমস্যা, বিজ্ঞান আৰু শিল্পৰ প্ৰসাৰতা, সুবিধাবাদীয়ে লোৱা সুবিধা, প্ৰাকৃতিক দুৰ্যোগ আদিয়ে এইসকল কবিৰ কবিতাত প্ৰভাৱান্বিত কৰিছে।
বৰ্তমান সময়ত অসমীয়া কবিতাই জটিলতাৰ স্তৰ অতিক্ৰম কৰি পাঠকৰ অন্তৰত ঠাই ল'বলৈ সমৰ্থ হৈছে। প্ৰায় দহবছৰমানৰ ভিতৰতে অসমীয়া কবিতাৰ পৰিধি বহু ব্যাপক হৈ পৰিল। অসমীয়া কবিতাৰ উপাদানো বহু বৈচিত্ৰময় আৰু অভিনৱত্বৰে সমৃদ্ধ হ'ল। এই সময়ছোৱাৰ কবিতাই দেহ সজ্জাৰ বাবে গদ্যৰ বেছি ওচৰ চাপি গ'ল। কবিতাৰ ভাষা আৰু সাধাৰণ মানুহৰ মুখৰ ভাষাৰ মাজত ঘনিষ্ঠ আত্মীয়তা গঢ়ি উঠিল। অসমীয়া কবিতাৰ শব্দ বিন্যাস নতুন হ'ল, যেনেকৈ অসমীয়া সমাজ ব্যাৱস্থাৰ ব্যাপক পৰিৱৰ্তন আহি পৰিল তেনেকৈ অসমীয়া কবিতাৰ দেহ গঠনতো ইংৰাজী আৰু ভাৰতীয় অন্যান্য ভাষাৰ প্ৰভাৱ দেখা গ'ল। সঁচা কথা ক'বই লাগিব বহু কবিৰ কবিতাত সাৰ্থক সৃষ্টিৰ পৰিমাণ কম। তথাপি বৰ্তমান সময়ত তেওঁলোক কবি। কবিতা লিখিলেই এতিয়া কবি। কাৰণ কবিতাৰ সঠিক মাপকাঠি নাই। ভাল বাঁহেৰে নিৰ্মাণ কৰা সঁজুলিও সঁজুলি, বেয়া বাঁহেৰে নিৰ্মাণ কৰা সঁজুলিও সঁজুলি। পচন্দ অপচণ্ড সম্পূৰ্ণ পাঠকৰ হাতত। পাঠক কিন্তু সমালোচক নহয়। পাঠক আৰু সমালোচকৰ হাততহে আছে কবিতাৰ জনপ্ৰিয়তা, বাকীখিনি কবিতা কবিৰ সম্পূৰ্ণ নিজা ভাব,অনুভৱৰ সাঁচতীয়া সম্পদ।
বৰ্তমান সময়ৰ কবিসকলক আধুনিক কবিসকলৰপৰা পৃথকাই আনি নব্যাধুনিক কবিৰ শাৰীত থিয় কৰাব পাৰি। ইয়াৰ মাজতে কিছুসংখ্যক কবি আধুনিক ভাব ৰসেৰে ৰঞ্জিত হৈয়েই থাকিল।
একবিংশ শতিকাৰ তৃতীয় দশকত অসমীয়া কবিতা অকল কবিৰ একচেটিয়া সম্পদ হৈ থকা নাই। সৰ্বসাধাৰণ মানুহৰ বুকুৰ মাজলৈ কবিতাৰ ধাৰা এটা বৈ গৈছে। এই ধাৰাক কোনোৱে কৌশলপূৰ্ণ ভাৱে, কোনোৱে আনৰ অনুকৰণত আকৌ কোনোৱে দেখাক দেখি কবিতাৰ যাত্ৰাত সহযাত্ৰী হৈ পৰিছে। মুঠতে অসমীয়া কবিতাই বৰ্তমান নিজস্ব আসন লাভ কৰি গৌৰৱ ঘোষণা কৰিছে আৰু সৰ্বভাৰতীয় কবিতাৰ সমকক্ষ বুলি স্বীকৃতি লাভ কৰিছে।
কবি কোনো কালে সুখী নাছিল। এতিয়াও সুখী নহয়। একো একোটা যন্ত্ৰণাই কবিক চেপি খুন্দি মৰে। সেই যন্ত্ৰণাৰ বাবেই কবিৰ হৃদয়ত সৃষ্টি হয় মহা সমুদ্ৰৰ ঢৌ, ঢৌৰ ভাবনাত কবি উটি ভাঁহি ফুৰে আৰু তাৰপৰাই উৎপন্ন হয় কবিৰ কলমত শব্দৰ ঝংকাৰ। কবিৰ ভাবনাক কোনেও বান্ধি ৰাখিব নোৱাৰে, কোনো বস্তুৰ মোহত কবি কোনোকালে মোহান্ধ হোৱা নাই, কবিৰ এখন নিজস্ব জগত আছে। যত আছে মানৱতা, প্ৰেম, দয়া, কৰুণা আদি। কবিয়ে সেইবোৰ চিন্তাত কেতিয়াবা কান্দে কেতিয়াবা হাহে, কেতিয়াবা বিদ্ৰোহী হৈ পৰে। কবিয়ে কালৈকো ভয় নকৰে, কবিৰ কোনো কথাত আপোচ নাই, কবিয়ে উপলব্ধি কৰে সমাজ ব্যৱস্থাত মানুহৰ মূল্য তেনেই কম। ইয়াৰ মাজতে কিছুসংখ্যক কবিয়ে আকৌ ভোগবাদী অৰ্থনীতিত টকাই সকলোৰে মূল চালিকাশক্তি বুলি কবিতাৰ মাধ্যমেৰে বেহু ৰচনা কৰিবলৈ লৈছে।
কবিয়ে কেৱল নিজৰ সুখৰ চিন্তা নকৰে, সমাজৰ এশ এবুৰি সমস্যাত কবি মেৰ খাই থাকে। কবিয়ে নিজকে সামাজিক সমস্যাৰ বাঘ জৰীৰে মেৰাই মেৰাই বান্ধে। আনৰ দুখ দেখিলে কবিৰ বুকুত সেইবোৰ শিল হৈ বহে। সেই বাবেই কবি আন মানুহতকৈ ব্যতিক্ৰম। সেইবাবেই কবিৰ ভাবনাক লৈ ধেমালি নকৰিব, কবিয়ে অলপতে দুখ পাই কবিৰ প্ৰাণ কোমলতকৈয়ো কোমল। কবিসুলভ মন এটা মানুহৰে আছে বাবেই পৃথিৱীখন ধুনীয়া হৈ আছে। মৰম ভালপোৱাবোৰ আছে বাবেই জগতখন বৰ্তি আছে।
✍️তিলোত্তমা মহন্ত গোস্বামী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ