সুহুৰি••অনিন্দিতা খনিকৰ হাজৰিকা

Rinku Rajowar
0
আবেলি নিৰ্জন ঘাটত শুনিলোঁ 
এটা সুহুৰি, 
সুহুৰিত বাগৰিছে প্ৰেম 
ভালপোৱাৰ ৰাগী; 
ৰিমঝিম এজাক বৰষুণ
বুকুৰ বীণাত তুলিছে ঝংকাৰ
পুৰণি পেটাৰি খুলি বহিছে বুদ্ধ! 

তাহানি পিতায়ে কৈছিল
সুহুৰি বোৰলৈ কাণ উণাই নেথাকিবি, —

সুহুৰিত যদিওবা আকাশীগংগা বয়
ধাৰত অমৃতময় মদিৰা 
প্ৰতাৰণাৰ জোৱাৰত
পানীযুঁৱলিও শিল হয়! 

সুহুৰিবোৰ উকি হ'লে
বৰঘৰৰ মজিয়া কঁপে! 

ভৰদুপৰীয়া নদীৰ কেঁকুৰিত
দেও ভূত চৰে, 
বাৰিষাৰ পিছল বাট 
খোজত খোপনি ধৰিবি
চকুত মায়াৰ চামনি পৰি
চেলেকনী পুঠিকেই ৰৌ ভকুৱা যেন দেখি, 
আই অ'
সৰিয়হ তলিলৈ অকলে নেযাবি
সৰিয়হ তলিৰ হালধীয়াত
পৰুৱাই পাব চাবি...

সময়ৰ বুকুতেই সময়ে বাগৰ সলায়
পিতাইৰ বাণী হয় অসাৰ
ব্ৰহ্মাণ্ড ঘূৰণতেই মকৰা জালৰ বেৰেক 
পিতায়ে উৱাদিহ নেপায়
সুহুৰি বাজি থাকে অহৰহ.....
নদীৰ কেঁকুৰিত,   পাৰত,  বকুল তলত 
চৰণীয়া পথাৰত তিনিআলিৰ মূৰত
শাওণ  ফাগুন বা আঘোণ আহিব নেলাগে 
সুহুৰিৰ বাবে
নেলাগে ফুলিব
কৃষ্ণচূড়া নাহৰ কিম্বা শেৱালি! 

সুহুৰিত মাজৰাতি জোনাক নামে
ফুলিউঠে
আবতৰীয়া তৰুৱা কদমৰ পাহি
জোনাকীৰ দৰে জিলমিলাই উঠে ৰাধা কৃষ্ণৰ হাঁহি
যমুনা উজাই ব‌য়
সুহুৰিৰ ৰাগীত জীৱৰ চটফটনি
চক্ৰবেহুত অভিমন্যুৰ বধ
বুদ্ধ জ্ঞান বিন্দু মাত্ৰ, —! 


📌অনিন্দিতা খনিকৰ হাজৰিকা
বৰদলৈ নগৰ, তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)