সেউজ ধাননিডৰা ••লখিমী শৰ্মা

Rinku Rajowar
0
চৌদিশে সেউজীয়াৰ মাজত 
   ধুনীয়া সেউজীয়া ধাননিডৰাৰ ,
    দৃশ্যই মন - প্ৰাণ 
      উৎফুল্লিত কৰি তুলিছে ,
     চৰাই - চিৰিকটিৰ মাতত 
     প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু 
     দুগুণে বৃদ্ধি পাব ধৰিছে ,
    সেউজীয়া পৃথিৱীৰ 
             সেউজীয়াৰ মাজত 
     সেউজ ধাননিডৰা ,
      সেউজীয়া ধাননিডৰাৰ 
      আলিতে মনে মনে গৈ
     পিতায়ে পাতিছে চেপা ,
  গধূলি বেলিকা আইৰ জোহালত 
       মাছৰ জুতিৰ মজা ,
ৰোৱনী , দাৱনী কৃষকসমাজৰ
        কষ্টৰ ফল মিঠা 
চাৰিওদিশে সোণোৱালী শস্যৰ 
কি যে মনোৰম এক দৃশ্যৰ শোভা  ।।।।

     

🖊️ লখিমী শৰ্মা 
       যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)