সাগৰৰ পাৰলৈ বহু দূৰ••যদুমনি নাথ

Rinku Rajowar
0
নীলা জলৰাশিৰ মাজেৰে
অনিৰুদ্ধ গতিৰে,
গৈ গৈ 
গম পালোঁ
সাগৰলৈ কিমান দূৰ?
মাজত অহা বিশাল
ঢৌ বোৰ 
যেন জীৱনলৈ 
অহা প্ৰচণ্ড তুষাৰপাত।
স্বপ্নময় জীৱনৰ
কোবাল সোঁতত
নৌকা বিহীন 
নাবিকৰ দৰে সাঁতুৰিছো
আৰু সাঁতুৰিছো। 
কিন্তু পাইছোঁ জানো,
তাৰ পাৰ।
আশাৰ মৰীচিকাৰ
পম খেদি, 
জীৱনৰ কোবাল সোঁতত
 নাওঁ এৰি দিছোঁ ।
কিন্তু ,
প্ৰচণ্ড ঢৌৰ মাজত 
ককবকাই উঠি 
নিজকে প্ৰশ্ন কৰিছোঁ
সাগৰৰ পাৰলৈ আৰু 
কিমান দূৰ?

    📌যদুমনি নাথ
  গৰুখুটি , দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)