এজন ভোকাতুৰ আৰ্তনাদ••নৱজিৎ নাথ

Rinku Rajowar
0
এখন অচিনাকী পৃথিৱীৰ
এগৰাকী চিনাকী কিন্তু,
বিশাল মনৰ এজন পৃথিক।
তেওঁৰ নাই কোনো চিন্তন,
নাই কোনো বেদনা আৰু
 নাই কোনা আৰু কেতিয়াও 
 সেই দুখ ,যন্তনা আৰু হতাশা।।

এটি বিশাল মনেৰে আৱৰি আছে,
এখনি সুগভীৰ হৃদয়ৰ ভ‍ঁৰালটো।।
তেওঁৰ দেহৰ প্ৰতিটো তেজৰ 
ৰক্তটোপালৰ  কনিকাৰ মাজত ,
  তেওঁৰ যত সদায় লুকাই আছে ,
 এটি উদাৰতা আৰু মানৱতাৰ
  দৰে ভৰপূৰ এটি  সুবিশাল মন।।

তেওঁৰ দুটি ওঠত নাই,
কেতিয়াও সেই মিঠা হাঁহিটো।
নাই কোনা চঞ্চলতা সোৱাদ ;
নাই কোনা সেই হাঁহি ধেমালি।
 সদায় নিস্তব্দতাৰে বিৰাজমান ।।

পৰিয়ালৰ তথা সন্তানৰ আৰ্থিক 
অনাটনৰ অভাৱে জুৰুলা কৰা।
তেওঁ দুখ  দুৰ্দশাৰে সদায় বিধস্ত
তেওঁ এজন নিৰক্ষৰতাবিহীন 
কিন্তু সুপষ্টবাদী এগৰাকী ব্যক্তি।।

তেওঁৰ নাই দেহৰ এখন হাত 
জন্মগত শাৰিৰীক ভাৱে বিকল ,
পৰিয়াল আৰু সন্তানৰ  দায়িত্বত 
কপালৰ ঘাম মাটিত পেলাই,
এখোজ দুখোজ  খোজৰে,
কেতিয়াবা তেওঁ ৰাষ্টাৰ দাঁতিত।।
  
আকৌ আন কেতিয়াবা...!
প্ৰতিখন গাড়ীয়ে গাড়ীয়ে 
 প্ৰতিগৰাকী পদযাত্ৰীৰ ওচৰত
  সৰুকৈ কিবা এটি পোৱাৰ 
  অপেক্ষাত সদায় তেওঁ নিস্তব্দ।।
পথৰ দুৱাৰ দলিৰ আৰত, 
অধীৰ হেপাঁহৰে বাট চাই  থাকে।।

📌নৱজিৎ নাথ।
ছিপাঝাৰ ,(দৰং) ...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)