শাৰদীয়-পাপৰি দাস

Rinku Rajowar
0
শাৰদীয় এপাহ শুভ্ৰ শেৱালি
   শৰতৰে উষ্ম গধুলি 
জোনাকৰে ধেমালি,,,
   আকৌ আহিল
মোৰ প্ৰিয় শাৰদীয় ৰাণী,,,
  শৰতৰ নিয়ৰৰ সৰু সৰু টোপালবোৰে
  সেমেকাই তুলেহি দুভৰি,,,
শুকুলা শেৱালিৰ পৰশে
  ঢাকি ধৰেহি সমগ্ৰ পৃথিৱী,,,
নিয়ৰৰ নিভাঁজ পৰশত
   শেৱালি ৰহন সনা পদুলি
যেন নিয়ৰ ফুলা নিশাৰ, 
    জোনাকৰ ৰহন সনা গধুলি ,,,।

✍️পাপৰি দাস।
বৰপেটা ছোৱালী মহাবিদ্যালয়,বৰপেটা।
(স্নাতক তৃতীয় ষান্মাসিক)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)