আহিনৰ এটি আবেলি-মানস কুমাৰ শইকীয়া

Rinku Rajowar
0
শৰৎৰ শেৱালি ফুলা আহিনৰ এটি আবেলি
ভাহি আহে যেন এক অচিনাক্ত সুৰ,
মোৰ হৃদয় বাগিচাৰ ফুলাম বাটচৰাত। 
নিয়ৰ পৰি প্ৰকাশিত কৰা মোৰ মনৰ ফুলনিত
কৰবাৰ পৰা যেন আহিছে যেন,
এজাক ফুটকা ফুটুকী ৰঙীণ পখিলা। 
শীতল এজাক মৃদু বতাহ বলিছে চৌদিশে
লগত এজাক কিনকিনিয়া বৰষুণ,
যাৰ টোপালত জিলিকি উঠিছে
শস্য শ্যামলাৰ এই বিশাল বসুন্ধৰা। 
পশ্চিমত মাৰ যোৱা ৰঙা সূৰুযৰ কিৰণে
সুমধুৰ কৰা আহিনৰ আবেলি,
ঘূৰণীয়া জোনবাইৰ ৰূপালি কিৰণে
জিলিকাই নিয়ৰ ভৰা দুবৰিৰ চানেকি। 
                
✍️মানস কুমাৰ শইকীয়া
ৰঙামাটি চেউনী গাঁও ,বাদুলিপাৰ
 গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)