কঁহুৱা ফুলৰ হাঁহি••উৰিস্মা নাথ

@admin
0
আহিনৰ আঁচল উৰুৱাই
নিৰৱে নিতালে শৰৎ আহিছে।
শৰতৰ বোকোচাত উঠি
ধৰাৰ বুকুলৈ কঁহুৱা ৰাণীও
যেন উজাই আহিছে,
বুকুৰ অজস্ৰ মৰম ভালপোৱা লৈ।
শাৰদী কঁহুৱাৰ প্ৰেম দেখি
কুঁৱলীও প্ৰেমোন্মাদ হৈ পৰিছে।
কঁহুৱা ৰাণীয়ে বগা সাজ পিন্ধি 
লাজতে মিচিকিয়াই হাঁহিছে।
বিশাল হেঙুলীয়া আকাশৰ
ৰূপোৱালী জোনাকত,
নৈ পৰিয়া গৰাৰ কিৰীলি শুনি
হালি জালি নাচিছে কঁহুৱাই।
শৰতৰ প্ৰেয়সী কঁহুৱা ৰাণী
কুঁৱলীৰ আজি প্ৰিয় হৈ পৰিছে।
শৰতৰ প্ৰথম টোপাল কুঁৱলীয়ে,
কঁহুৱা ৰাণীক পিন্ধাইছে নিয়ৰৰ মণি।
সকলো যেন নিশাৰ প্ৰেমাস্পদ,
শাৰদী গভীৰ নিশাৰ অভিশাৰিতা।

                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)