মই হাঁহি হাঁহিয়েই মৃত্যুক
আকোঁৱালি লম সেই মূহুৰ্ততে
কাৰণ মৰি মৰি জীয়াই থকাতকৈ
মৃত্যুয়েই শ্ৰেয় বুলি ভাবো মই।
সকলো স্বাৰ্থপৰ এই পৃথিৱীত
কি পাইছোঁ অতদিনে জীয়াই থাকি
আনৰ বাবে সকলো কৰি চোন
শেষত মইয়ে এলাগী হও।
কোনোবাই যদি মোক
সুখৰ সংজ্ঞা সুধিব খোজে
মই উত্তৰত কি কম......?
নিজান ৰাতিবোৰ প্ৰিয় কৰি
জীয়াই থাকিবলৈ জানো
কোনোবাই বিচাৰে
কিন্তু সময়ে মোক নিঃসংগ কৰি পেলালে
নিৰৱতা প্ৰিয় হৈ পৰিলো
চিৰদিন চাগে বিষাদতে বুৰ গৈ
এদিন হেৰাই যাম মৃত্যুৰ গহ্বৰত
সেয়ে মৃত্যুক আকোঁৱালি ল'বলৈ মোৰ ভয় নলগা হ'ল।
*দিপশিখা ৰাজকোঁৱৰ*
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ