শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণাম••আয়নাল হক

Rinku Rajowar
0
হে চিৰ নমস্য---
মোৰ শিক্ষাগুৰু ,
তুমি দেখুৱাই দিয়া পথেৰেই
আগবাঢ়ি গৈ আছোঁ।
জ্ঞানৰ শলিতাডাল জ্বলাই
পোহৰালা মোৰ অন্ধকাৰ মনৰ আকাশ,
তুমি পথ প্ৰদৰ্শক হোৱাৰ বাবেই
পিছলি পৰা নাই কোনোদিনে
নৈতিকতাৰ শুকুলা আৱৰণখন
যিদিনাই দিলা পিন্ধাই
সিদিনাই মানুহ হোৱাৰ পণ
লৈছিলোঁ গোপনে--!
তোমাৰ ঋণ
পৰিশোধ কৰিব নোৱাৰোঁ হে শ্ৰদ্ধেয়,
তুমি দিয়া জ্ঞানেৰে
সমাজখন গঢ়িব পাৰিলে
হয়তো তুমি হ'বা ধন্য
আৰু মইও হৈ ৰ'ম চিৰ কৃতজ্ঞ
তোমাৰ পদকমলত।
হে গুৰু,
আজিৰ এই শিক্ষক দিৱসত
তোমাক পুনৰ জনালোঁ সশ্ৰদ্ধ প্ৰণাম

📌আয়নাল হক,ধুবুৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)