মই প্ৰিয় প্ৰেমিকা-ৰুম্পী দাস

©Admin
0
বৰষুণৰ চেঁচা বতাহে 
মোক ৰিঙিয়াই মাতিছে ,
প্ৰিয় প্ৰেমিকা বুলি ।
ভালপোৱা আছে বহু 
মোৰ এই কোমল হৃদয়ত ,
মইও সযতনে প্ৰেম প্ৰকাশৰ 
প্ৰস্তাৱ আগবঢ়ালোঁ ;
দুয়োটা হৃদয়ৰ ভাৱনা একমত ।
আবেলি প্ৰতিদিনাই 
মই চোতালত বহি ...
সেই বতাহ প্ৰেমিকক 
অপেক্ষা কৰোঁ ।
কেতিয়াবা হঠাৎ আহে 
কেতিয়াবা গাজনি প্ৰকাশেৰে ,
মোৰ কোমলীয়া দেহাটোক
প্ৰেমময় টোপালবোৰে 
শান্ত কৰি দিয়ে ।
মই শান্ত পক্ষী ।


*ৰুম্পী দাস*
*ভালুকমাৰী ৰাণীপুখুৰী , হোজাই*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)