আৰু মই তাৰ মাজে - মাজে গৈ আছোঁ
অচিন পথাৰখনৰ সৌদিশে কি আছে দৰ্শন কৰিবলৈ ।
কিজানিবা অচিন পথাৰখনৰ সৌদিশে
ৰঙীন সপোনবোৰে মোৰ কাৰনে,
অপেক্ষা কৰি আছে ।
গৈ থাকোঁতে বহুবাৰ উজটিও খাইছোঁ,
কিন্তু আকৌ গৌৰৱে উঠিছোঁ
ন-ন পথ অতিক্ৰম কৰিবলৈ ।
কেতিয়াবা আকৌ সুবিধা বুজি
পিছফালে চাইছোঁ কিমান দূৰ অতিক্ৰম কৰিলোঁ।
ভয় লাগে কেতিয়াবা,
সেই অচিন পথাৰখনৰ সৌদিশে
ৰঙীন সপোনৰ ঠাইত অবাস্তৱ কল্পনা জানো নাই ?
কিন্তু সাহসৰে আকৌ গতি কৰিছোঁ
গৈ আছোঁ অচিন পথাৰখনৰ সৌদিশৰ সন্ধানত ।
✍️ জেৰিফা ওৱাহিদা ।
কবিতাটো পঢ়ি ভাল লাগিল৷
ReplyDelete