শাৰদী-ৰেণু শৰ্মা

Rinku Rajowar
0
শৰত তোমাক জনালোঁ সাদৰ আমন্ত্ৰণ
তুমি আহিবা শেৱালি ফুলাৰ বাটেৰে।          তোমাক আথেবেথে বহুৱাম বুলি              শেৱালিয়ে দলিছা পাৰিব                  
দুবৰি বনৰ বুকুত         
আই আহিব বুলি         
ফুলিব কঁহুৱা ফুল         
চোঁৱৰ বুলাব আইৰ         
ভাগৰুৱা দেহা             
জীৰাবহি বেলৰ তলত
মণ্ডপ সজাব জাকজমকেৰে             
প্ৰতিমাৰ আবাহন        
মূলমন্ত্ৰ উচ্চাৰণ       
ঢাক ঢোল শংখ ঘণ্টা   
আয়তীৰ উৰুলীমংগলে              
পূজা দিব জগতৰ আইক শোড়ষোপচাৰে ।
দেবীক প্ৰণামি ভক্তগণে কৰিব প্ৰাৰ্থনা-----
ৰূপং দেহি     
জয়ং দেহি যশো দেহি     
দিশো জহি।
যা দেবী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা ।নমস্তসৈ নমস্তসৈ নমস্তসৈ নমোনমঃ।।                 

📌ৰেণু শৰ্মা, ডিব্ৰুগড়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)