গামোচা-গীতাৰ্থ মজিন্দাৰ

Rinku Rajowar
0
অসমীয়া সমাজ জীৱনৰ অতি গুৰুত্বপূৰ্ণ বস্ত্ৰ হ'ল গামোচা। গামোচা অবিহনে কোনো এটা অনুষ্ঠান সম্ভৱ হৈ উঠিব নোৱাৰে। সাধাৰণতে গামোচা এখনৰ চাৰিওফালে ৰঙা সূতাৰে আৱৰি থকা দেখা যায়। অসমীয়া গামোচাৰ দৰে বিহাৰী, বঙালী আদি মানুহে গামোচা দৰে একে এবিধ বস্ত্ৰ গামছা বা গমছা নামেৰে এবিধ বস্ত্ৰ ব্যবহাৰ কৰে। অসমীয়া সমাজ গামোচাক এক সংস্কৃতিৰ প্ৰতিক হিচাপে ব্যৱহাৰ কৰে। অসমীয়া মানুহৰ গৌৰৱ তথা সংস্কৃতিৰ প্ৰতিক গামোচা খনে ২০২২চনৰ ১৩ ডিচেম্বৰত পঞ্জীয়ন তথা সংৰক্ষণৰ অধিনিয়ম ১৯৯৯অনুসৰি ভাৰত চৰকাৰে GI-tag-ত অন্তৰ্ভুক্ত কৰে। অসমীয়াৰ ঘাইকৈ গাঁৱৰ অঞ্চলৰ মানুহে কাম কাজ কৰোঁতেই গামোচা এখনে মেৰিয়াই লয়।ঘৰলৈ নতুন আলহী বা নতুনকৈ বস্তু এটা আনিলেই গামোচা খনেৰে সন্মান জনোৱা হয়। নামঘৰৰ গুৰুৰ আসনত তথা সএৰ সিংহাসনতো গামোচা ভক্তিৰ চিনস্বৰূপে প্ৰদান কৰা হয়। নামঘৰত বা নিজৰ ঘৰত পূজা পাতল কৰিলে এখন গামোচা ডিঙিত মেৰিয়াই লোৱা টো অসমীয়া সমাজৰ এক পৰম্পৰা।
                     গামোচাৰ ইতিহাস খুচৰিলে কোনো ঐতিহাসিক সমল পোৱা নাযায়। অসমীয়া সংস্কৃতিত গা মচা কাপোৰ খনকে গামোচা বুলি কোৱা হয়। গামোচাক বিশেষকৈ তিনি ধৰণে নামাকৰণ কৰা হয়।
১/পানী গামোচা-যি বোৰ গামোচাত ফুল নাথাকে সেইবোৰত গামোচাক পানী গামোচা বোলে।
২/তামোল গামোচা- যিবোৰ গামোচা সৰু সৰু ফুল বাচি তৈয়াৰ কৰা হয় তাক তামোল গামোচা। আৰু ৩/বিহুৱান-বহাগ বিহুৰ সময়ত গাভৰু ছোৱালী সকলে চেনাই লৈ বুলি বোৱা ডাঙৰ ফুলৰ গামোচাক বিহুৱান বুলি কোৱা হয়।
       ইতিহাসবিদ ডক্তৰ লীলা গগৈৰ মতে আহোম সাম্ৰাজ্যৰ পৰাই অসমত গামোচা প্ৰচলন আছে।আনকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰাই গামোচা প্ৰচলন হোৱা কথা জনা যায়।
  
📌গীতাৰ্থ মজিন্দাৰ
     ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)