সুধাকণ্ঠ তোমাক প্ৰণাম-মমী দত্ত

©Admin
0
সুৰৰ মায়াৰে জগত জিনিলা
জিনিলা জনতাৰ প্ৰাণ,
আজিও জনতাই জীয়াই ৰাখিছে
ৰাখিছে তোমাৰ মান ।

বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
হৃদয় কঁপোৱা গান,
মহা মানৱৰে আদৰ্শৰে‌ নিতে
পৰিৱৰ্তন অনা টান।

শত শত জনতাই তোমাক সুঁৱৰিলে
সোঁৱৰণো গীত হয় ,
তোমাৰ গীতৰ আভ্যন্তৰ ভেদি
একতাৰ নদী বয়।

জাতি-জনজাতি মিলি একে বুলি
দিলা তুমি পৰিচয়, 
তেজৰ কোনো নাই ভিন্ন যে ৰং
জীৱন যুগমীয়া হয়।

জীৱন নাটৰ আৰম্ভণীত জ্যোতি বিষ্ণুৰে লগ,
সামৰণীত দেখা পালোঁ আমি সবে
তোমাৰ সততাৰে জয়।
মৃত্যু শৰ্য্যাত তোমাক আলিংগন
হাজাৰ শত জনগণ,
জীৱন থাকে মানে তোমাৰ গীত গাম
সুধাকণ্ঠ তোমাক প্ৰণাম।
তোমাক প্ৰণাম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)