চাৰি টকা সুতত নগদ ত্ৰিশ হাজাৰ টকা ধাৰলৈ লৈ শাওন মাহতো এদিনো নবহাকৈ অশেষ কষ্ট কৰি দহ বিঘা মাটিত ধান ৰুলে। শাওনত পথাৰৰ কাম শেষ কৰি পবিত্ৰ ভাদ মাহত পুৱা গধূলি নামঘৰত ভগৱানক স্মৰণ কৰিবলৈ যায়। ভাদ মাহৰ পঞ্চম দিনাৰ পৰা একেৰাহে নেৰানেপেৰাকৈ বৰষুণ
দিবলৈ আৰম্ভ কৰিলে। তেতিয়াৰ পৰা ৰঘুনাথৰ মনত বিভিন্ন ভাবনাই প্ৰতিক্ৰিয়া
সৃষ্টি কৰিবলৈ ধৰিলে।হঠাৎ বৰ দিকৰাই নৈৰ পানী ৰাতিৰ ভাগতে বাঢ়ি ভদীয়া বান ৰঘুনাথৰ ধাননি পথাৰত উপচি পৰিল। প্ৰায় সাত দিন ধৰি ধাননি পথাৰ পানীৰে নেদেখা হ'ল।ৰাতি বৰষুণ দিনত প্ৰখৰ সূৰ্যৰ ৰ'দে দুচকুত সোনালী সপোন দেখা ৰঘুনাথৰ আশাক বিভৎস কৰি তুলিলে । হে ভগবান!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ