চোলাৰ বুটাম-নাছিৰ আহমেদ

©Admin
0
বেৰত ওলমি আছে এটি  চোলা
চোলাটোৰ গাত আঁতি আঁতিকৈ আছে কেইবাটাও বুটাম,
যেন সৌন্দৰ্য্যৰ এক সমাহাৰ!
সেউজবুলীয়া চোলাটি আটোম টোকাৰিকৈ গাত পিন্ধি
মোৰ কৃষক ভায়ে শস্য পথাৰলৈ যায় শস্য গজাবলে'।

মোৰ কোঠাত সিঁচৰতি হৈ পৰি আছে
একো একোটা ব্ৰেণ্ডেড কোম্পানীৰ দুৰ্মূল্যৰ চোলা ।
মোৰ আকৌ জেনেৰিক চোলাৰ প্ৰতি নাই কোনো মোহ,
ব্ৰেণ্ডেডৰ  প্ৰতি মাথোঁ তড়িৎ চুম্বকীয় আকৰ্ষণ !
কিন্তু মোৰ চোলাৰ বুটামবোৰৰ বৰ আত্ম-অভিমান,
সময়ে অসময়ে  ঠেঁহ পাতি সলকি সলকি পৰে ।
বুটামহীন মোৰ চোলা হয় ইংৰাজৰ জেক ইউনিয়ন !
চেঁচা বৰফৰ হীম শীতলতা মোৰ বুকুয়েদি বৈ যায়।

সেউজবুলীয়া চোলাটি আটোম টোকাৰিকৈ গাত পিন্ধি
মোৰ কৃষক ভায়ে শস্য পথাৰলৈ যায় শস্য গজাবলে'
চোলাটোৰ গাত আঁতি আঁতিকৈ আছে কেইবাটাও বুটাম,
একো একোটা  যেন ৰূপোৱালী স্বৰ্গীয় মণি-মুকুতা।
 যি চোলা মোৰ আইৰ হাতে বনোৱা কাৰুকাৰ্য্য-খচিত শিল্পকলা  ;
য'ত লিপিবদ্ধ হৈ আছে অসমীয়া কলা-সংস্কৃতিৰ আৰ্হি!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)