আকাশৰ জোনটি হ'বলৈ,
জগতত পোহৰ বিয়পাবলৈ !
মোৰ মন যায়,
নিশিগন্ধা হ'বলৈ
চৌপাশে সুগন্ধি বিয়পাবলৈ ।
মোৰ মন যায়,
একো একোখন নৈ হ'বলৈ ,
কুলু-কুলু কৈ বৈ গৈ সাগৰৰ বুকুত সমাহিত হ'বলৈ ।
মোৰ মন যায় ,
ৰাতিপুৱাৰ ৰ'দালী হ'বলৈ,
জগতৰ মানুহক এক নতুন আশা দিবলৈ ।
মোৰ মন যায়,
নীলা আকাশত উৰি-ফূৰা চৰাই হ'বলৈ,
মুক্ত হৈ আকাশত উৰি সপোন পূৰণ কৰিবলৈ ।
মোৰ মন যায়,
জগতৰ মানুহৰ এক অনুপ্ৰেৰণা হ'বলৈ,
জীৱনত আগুৱাই যোৱা পথ দেখুৱাবলৈ ।
মোৰ মন যায়,
প্ৰিয়জনৰ সাহস হ'বলৈ,
জীৱনৰ ৰং সিঁচি দিবলৈ ।
মোৰ মন যায়,
প্ৰিয়জনৰ নিভাঁজ প্ৰেমৰ শান্তি হ'বলৈ,
দুচকুৰে নিগৰি অহা অশ্ৰু
দূৰ কৰিবলৈ ।
📌জেৰিফা ওৱাহিদা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ