জেদ ••সংযুক্তা দত্ত

Rinku Rajowar
0
শুনিবলৈয়ে ভয় লগা এটা শব্দ হ'ল- জেদ। জেদে মানুহৰ মগজুত ক্ৰিয়া কৰে। সেই ক্ৰিয়া ইতিবাচক ভাৱেও হ'ব পাৰে নাইবা নেতিবাচক ভাৱেও হ'ব পাৰে। জেদ যদি ইতিবাচক দিশত থাকে তেনেহ'লে আপোনাক জেদে এদিন সফলতাৰ সন্ধান দিব। কিন্তু জেদ যদি নেতিবাচক দিশত থাকে তেনেহ'লে জেদে আপোনাক ধ্বংস পথৰ সন্ধান দিব। নেতিবাচক দিশত জেদ থাকিলে কেৱল এজন ব্যক্তিকে ধ্বংস নকৰে , বৰঞ্চ তেওঁৰ আশে পাশে থকা সকলোকে ধ্বংস কৰে। গতিকে জেদক কেনেদৰে গ্ৰহণ কৰিব সেয়া সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। সমাজত বহুতো মানুহৰ উদাহৰণ পোৱা যায় , যি জেদৰ দ্বাৰাই বিভিন্ন দিশত সফল হৈছে আৰু এনে কিছুমান মানুহো থাকে ,  যি জেদৰ দ্বাৰাই ধ্বংস হৈ গৈছে। গতিকে, জেদ যদি থাকে , তেনেহ'লে ইতিবাচক দিশত থাকক।  য'ত আপোনাৰো মংগল আৰু সমাজৰো মংগল। ইতিবাচক জেদে সমাজৰ কাৰণে একো একোজন ভাল মানুহৰ জন্ম দিয়ে আৰু নেতিবাচক জেদে সমাজৰ একো একোজন ভাল মানুহক ধ্বংস কৰি নিয়ে। 

                 ✍🏻সংযুক্তা দত্ত।
                    মিছামৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)