পোহৰৰ সন্ধানত মন মোৰ বাউলী হৈছে ।
বুকুত হেজাৰ দুখ থাকিও ,
ওঠঁত মিচিকিয়া হাঁহি ।
যাতে এই মৌনতাৰ বিষয়ে
লোক অজ্ঞাত হয় ।
মৌনতাই মোক নিস্তদ্ধ হৈ
প্ৰশ্ন কৰে ।
কিহৰ কাৰণে তোমাৰ এই অনাসক্ততা ?
বৈ যাব দিয়া ,
দুগালত তোমাৰ এই অলেখ অশ্ৰুৰ ধাৰা ।
মৌনতাই মোক হেজাৰ কথা শিকাইছে ,
কৈ গৈছে অলেখ প্ৰশ্নৰ অভিলেখ উত্তৰ ।
মৌনতাই মোক বাৰে বাৰে সাহস দিছে
কৈ গৈছে হেজাৰ কথা কাণে- কাণে ।
শিকি যোৱা তুমি জীৱনৰ নতুন - নতুন কথা ,
তুমি পথভ্ৰষ্ট নহ’বা !
যোৱা তুমি জীৱন সংগ্ৰামত ,
হেজাৰ প্ৰতিশ্ৰুতিৰ মাজেৰে ,
জীৱন জয়ী হোৱাৰ হেঁপাহেৰে ।
📌 জেৰিফা ওৱাহিদা
ছিপাঝাৰ
কবিতাটো পঢ়ি বহুত ভাল লাগিছে আৰু আগলৈ অনে কবিতা পঢ়ি থাকিব পাম বুলি আশা থাকিল ৷
ReplyDelete