নৈপৰীয়া শীতত••আফতাৰা চুলতানা

Rinku Rajowar
0
নৈপৰীয়া শীতত ঠৰঙা লাগিছে
আঘোণৰ ৰাগপু্ষ্পী সপোন
তথাপি, মেঘৰ ওৰণি গুচাই
বাঁহনি ডৰাৰ আঁৰত
মেখেলা সলাই 
জোনটোৱে গা-ধুব এটা
মাঘীয়া পুৱাত 
গ্ৰীষ্মৰ ক্লান্তি পাহৰি
ন দশকীয়া আইতায়ো সাৱটিব
লখাই তৰাৰ আপোন মাটি
তোমাৰ সোঁৱৰণীত
মই আকোৱালিম
তোমাৰ আৱেশৰ উষ্ম কুণ্ডলী।।

✍️আফতাৰা চুলতানা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)