সময় বালিত ৰৱ জীৱন খোজৰ চানেকি••নিপু কুমাৰ দাস

@admin
0
সময় বালিত ৰৱ নে জীৱন খোজৰ চানেকি  
জোনাক বিহীন নিশাৰ গভীৰতা ভাঙি 
সেউজী বাসনাৰ সংজ্ঞা বিচাৰি চৌদিশে 
সময়ৰ বুকুত আশাৰ ৰেঙনি কঢ়িয়াই
আগুৱাইছো সময় ভেদি জীৱন বাটত 
 
য'ত আছে জীৱনৰ আধালিখা কবিতা
বিৰহ বিষাদ বেদনাৰেই ভৰা জীৱন গাঁথা 
জীৱন বাসনাৰ দুঃস্বপ্নত ধূসৰিত ছবি   
মন চোতালত এজাক কিনকিনীয়া বৰষুণ
সময়ত পূৰ্ণ হ'ব নে আধৰুৱা কবিতাবোৰ

সময়েই শিকাই জীৱন চিত্ৰনাট্যৰ সংলাপ 
সময়েই আঁকিব নষ্টালজিয়াত জীৱন ছবি
আবেলিৰ হালধীয়া ৰহণত বিষাদৰ হুমুনিয়াহ
কিযে জীৱন মোহনীয়া এই প্ৰেম ভালপোৱা
বিচুৰ্তিত জীৱন যাত্ৰাৰ মাৰ্গত যাত্ৰা শেষ নাই।

                             

         নিপু কুমাৰ দাস 
      কাজিপাৰা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)