এন্ধাৰ জীৱন-আজমত আলী

©Admin
0
অচিনাকি হৈ আহিছিলা
এন্ধাৰ জীৱনলৈ ।
জোনাকৰ জোনাক হৈ
আহিছিলা পোহৰ বিলাবলৈ ।

দিন আৰু ৰাতিৰ দৰে
তুমিও আহিলা আৰু গ’লা ।
দি গ’লা বহুত আবেগ
দি গ’লা বহুত কষ্ট ।

দুখৰ সময়ত আহিছিলা
সুখ দিবলৈ
প্রতিশ্রুতি দিছিলা গোটেই জীৱন থাকিবলৈ ।
দি গ’লা বহুত আশা সপোনৰ,
কিয় পূৰণ নকৰিলা সপোন বোৰ ?

আজিও পাহৰিব পৰা নাই তোমাক
পাৰিমনো কেনেকে দিছিলোঁ যে প্রতিশ্রুতি পাহৰি নুজোৱাৰ ।
জোনাক হৈ আহিছিলা এন্ধাৰ জীৱনলৈ
এন্ধাৰ জীৱনটোক দি গ’লা সেই জোনাকবিহীন এন্ধাৰ এ 

   *আজমত আলী*
*চাম্পুপাৰা গাওঁ, কামৰূপ*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)