কলং নৈ আজিও বয়-শান্তনু হাজৰিকা

Rinku Rajowar
0
উকা কাগজত কবিতা নিলিখা
আজি চোন বহু দিনেই হ'ল,
স্মৃতিৰ পাতৰ সোণালী দিনবোৰ
তাতেই চোন থমকি ৰ'ল ! 
কলমৰ চিয়াঁহীও শুকাই যায় আজি
আঙুলিৰ পৰশ বিচাৰি, 
মিছা প্ৰেমৰ জীয়া চিৎকাৰ
কেনেকৈ যাওঁ পাহৰি ! 
নৈখনে আজি উজাই নাযায় বৈ
নুশুনে ব্যৰ্থতাৰ কাহিনী, 
নহয় সাক্ষী মিছা প্ৰেমৰ
কেনেকৈ দিওঁ বুজনি ! 
আজিও চিঞৰে উদাসী হৃদয়ে
বেদনাবোৰ বুকুত লৈ, 
সকলো দেখিও সকলো শুনিও
কলং নৈ আজিও বয় ।

✍🏻 শান্তনু হাজৰিকা
বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)