তোৰ বাবে মোৰ ভালপোৱা-জয়শ্ৰী হাতীমূৰীয়া

©Admin
0
ৰাতিপুৱা হ'ল বেলিও উলাল 
ৰদৰ চিলিকণি চকুত পৰি
তুৰে নাম লৈ উঠিলো পোৱা ।
ঠাণ্ডা ঠাণ্ডা এক্লান্ত মনতোৱে 
যেন শান্তি পায় মুখত মিছিকীয়া 
হাঁহিটো লৈ তোৰে কথা ভাবি ।।
সপোনত যে আমনি কৰি ভাল পাওঁ তৈ ,
দিঠকত যে সেয়া আবেগিক হৈ ৰৈ !
ৰাতি দুচকুত দেখোন লগতে থাক 
পুঁৱায়ে কিয় আঁতৰি গৈ অকলে থাক ।
তোৰো বাৰু পিছে এনে  হৈছে নি 
মোৰ দৰে উগুল থুগুল মন ?
সেমেকা সেমেকা চকুৰ জুৰে 
সঘনাই তোক বৰ কৈ বিচাৰে ।
তোক জানো আকৌ ঘূৰাই পাম
মোৰ হতে চুপতি মৰা 
তোৰ বেকা হাঁহি টো চাবলৈ 
পাগলি হৈ থকা , মোক তোৰ বাদে বুজি পোৱা 
তোক হেঁপাহ নপলোৱালৈকে চাই থকা , 
তোক মোৰ বাদে কোনে জোকাব 
কোনে তোক অশান্তি কৰিব ,
মোৰ ফটুৱা কথা বোৰ কোনে 
কাণ পাতি শুনি শলাগী থাকিব ।
উচুপি উঠিছো তোৰ কথা কৈ 
ভিজা ভিজা দুচকুৰ জুৰে 
নেদেখা হৈ বুকু খুণ্ডা মাৰি ভাগি পৰিছে
তোক এৰি থাকিব নোৱাৰা হৈছোঁ ।
উপায় বিহীনময় আন কাৰোবাৰ .....
শেষত এটা কথা মোক পাহৰি নেজাবি
ভাল দৰে থাকিবি I LOVE YOU FOREVER......
             
            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)