জোনবাই তুমি আপোন হ'লা-অনন্ত কুমাৰ ভূঞা

©Admin
0
জোনবাই !
তুমি আপোন হ'লা
তুমি নিচেই কাষতে ৰ'লা 
তুলসীৰ তলে মৃগপহু চৰে
আইতাই গীত গাইছিল
জোনবাই ! 
তুমি নায়ক সাধু কথাৰ 
আজি তুমি
নতুন গীতেৰে চিনাকি হ'লা ।
বিলাস বৈভৱ
ভাৱনাৰ সপোন মধুৰ
কল্পনা হেৰাল 
আজি বাস্তৱ নিচেই কাষত ।
জোনবাই !
তুমি প্ৰতিপদৰ জোন 
পূৰ্ণিমা নিশাৰ জ্যোতি
আউসী ৰাতি হেৰাই যোৱা
গ্ৰহনৰ গ্ৰাসত পৰা 
তুমি উপগ্ৰহ হৈ ঘূৰা ।
তোমাৰ অভিযান চলে 
চন্দ্ৰযান তোমাৰ বুকুত পৰে
মানুহ গৈ তোমাৰ পিঠিত নামে ।
আইতা আজি নাই
এই কথা কিদৰে শুনাব
চিনাকি ভাৱনা কি দৰে জনাম
তুমি যে ইমান আপোন  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)