গৌৰৱৰ ক্ষণ••নিজৰা বৰ্মণ ডেকা

Rinku Rajowar
0
চন্দ্ৰযান -৩ ৰ সফল অৱতৰণ ,
ভাৰতীয়ৰ বাবে এয়া  গৌৰৱময় ক্ষণ ,
ইতিহাসৰ পাতত লিপিবদ্ধ হ'ল ।
এবুক আশাৰে উৰি চন্দ্ৰযান-৩, 
জোনবাইৰ বুকুত থ'লেহি ভৰি ,
ৰচিলে মানৱ ইতিহাসৰ গৌৰৱময় অধ্যায় এটি।
অক্লান্ত পৰিশ্ৰম নীৰৱ সাধনাৰ সাক্ষী ,
ভাৰতীয় বিজ্ঞানীৰ বিক্ৰম লেণ্ডাৰ আজি ,
অলীক সপোন ৰচিলে ভাৰতৰ বিজ্ঞানী।
ইছৰ’ৰ সফল অৱতৰণৰ ফলত
চন্দ্ৰযান-৩ জোনবাইৰ দেশত।
দেখিছিলোঁ জোনবাইক পতাকাৰ মাজত, 
আমাৰ পতাকা উৰিছে  জোনবাইৰ বুকুত।
কোনো গুণে নহয় কম আমাৰ বিজ্ঞানী
আকাশৰ সীমনাত পোহৰ হৈ থাকিল উজলি ।
২০২৩ চনৰ আগষ্টৰ ২৩ তাৰিখ চন্দ্ৰযান -৩ 
জিলিকিল চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত,
আৰ্জিলে চতুৰ্থ স্থান বিশ্বৰ দৰবাৰত
সাক্ষী হৈ ৰ‌'ল বুৰঞ্জীৰ পাতত ।
সেয়েহে , 
ইছৰ’ৰ প্ৰতিগৰাকী বৈজ্ঞানিক, কৰ্মকৰ্তালৈ
কৰযোৰে জনালোঁ প্ৰণাম শতকৌটি ।

        - নিজৰা বৰ্মণ ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)