ভাৰতৰ চন্দ্ৰ অভিযানঃএক আশাব্যঞ্জক ভৱিষ্যত••তপন নাথ

Rinku Rajowar
0
চন্দ্ৰ অভিযান’ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ দ্বাৰা গ্ৰহণ কৰা এক উল্লেখযোগ্য মহাকাশ অভিযান। আমাৰ পৃথৱীৰ প্ৰতিৱেশী জোনবাইৰ দেশৰ ৰহস্য উদ্ঘাটনৰ লক্ষ্যৰে আৰম্ভ কৰা চন্দ্ৰযান অভিযান ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এক যুগান্তৰকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ই  বিভিন্ন উদ্দেশ্যেৰে ইতিমধ্যে কেইবাটাও চন্দ্ৰ অভিযানৰ কাৰ্যসূচী হাতত লৈছে৷ ২০০৮ চনৰ ২২ অক্টোবৰত চন্দ্ৰযান-১ উৎক্ষেপণৰ লগে লগে আৰম্ভ কৰা হৈছিল এই অভিযানৰ৷এই অভিযানৰ প্ৰধান উদ্দেশ্য আছিল চন্দ্ৰপৃষ্ঠৰ ত্ৰিমাত্ৰিক ভূু-চিত্ৰ তৈয়াৰ কৰা, খনিজ গঠন অধ্যয়ন কৰা আৰু চন্দ্ৰত পানী বিচাৰি উলিওৱা।এই যানে চন্দ্ৰপৃষ্ঠত খনিজ আৰু পানীৰ উপস্থিতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ কেইবাটাও বৈজ্ঞানিক পেলোড কঢ়িয়াই নিছিল। চন্দ্ৰপৃষ্ঠত পানীৰ অণুৰ আৱিষ্কাৰ কৰাতো এই অভিযানৰ উল্লেখযোগ্য মাইলৰ খুঁটিস্বৰূপ আছিল৷চন্দ্ৰযান-১ৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি ২০১৯ চনৰ ২২ জুলাইত চন্দ্ৰযান-২ উৎক্ষেপণ কৰা হৈছিল।এই মহাকাশযানখনত আছিল এখন অৰ্বিটাৰ, ’বিক্ৰম’ নামৰ এখন লেণ্ডাৰ আৰু ’প্ৰজ্ঞান’ নামৰ এখন ৰভাৰ।এই অভিলাষী অভিযানৰ লক্ষ্য আছিল চন্দ্ৰপৃষ্ঠৰ ভূ-প্ৰকৃতি, খনিজ আৰু বহিঃমণ্ডল অধ্যয়ন কৰা আৰু পানীৰ অণুৰ উপস্থিতিৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা।যদিও লেণ্ডাৰখনৰ অৱতৰণ পৰিকল্পনা অনুসৰি নহ’ল, তথাপিও মিছনটো বিফল নহ’ল। কাৰ্যক্ষম হৈ থকা অৰ্বিটাৰখনে চন্দ্ৰপৃষ্ঠৰ মূল্যৱান বৈজ্ঞানিক তথ্য আৰু উচ্চ ৰিজ’লিউচনৰ ছবি প্ৰদান কৰি আহিছে। 
চন্দ্ৰযান-২য়ে ভাৰতৰ কাৰিকৰী সামৰ্থ্য, বিশেষকৈ চন্দ্ৰত অৱতৰণৰ পথ-প্ৰদৰ্শন কৰি চন্দ্ৰৰ ৰহস্য উন্মোচনৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছিল।যোৱা ১৪ জুলাই ২০২৩ তাৰিখে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান -৩ সফলতাৰে উৎক্ষেপণ কৰা হয়৷এই ঐতিহাসিক উৎক্ষেপণে লাখ লাখ উৎসাহী দৰ্শকক আকৰ্ষণ কৰি ৰকেটটোৱে মহাকাশৰ বুকুত খোজ পেলাইছিল৷ ভাৰতৰ ’ৰকেট মহিলা’ নামেৰে খ্যাত ঋতু কাৰিধলে ভাৰতৰ অভিলাষী চন্দ্ৰ মহাকাশ অভিযান চন্দ্ৰযান-৩ৰ নেতৃত্ব দিছিল।চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ তৃতীয় আৰু শেহতীয়া চন্দ্ৰ অভিযান। ইয়াত বিক্ৰম নামৰ লেণ্ডাৰ আৰু চন্দ্ৰযান-২ৰ সৈতে মিল থকা ’প্ৰজ্ঞান’ নামৰ এখন ৰভাৰ আছে যদিও ইয়াত অৰ্বিটাৰ নাই। ইয়াৰ প্ৰপালচন মডিউলে যোগাযোগ ৰিলে উপগ্ৰহৰ দৰে আচৰণ কৰে।প্ৰপালচন মডিউলৰ ওজন ২১৪৮ কিলোগ্ৰাম আৰু লেণ্ডাৰ মডিউলৰ ওজন ১৭৫২ কিলোগ্ৰাম। এই উল্লেখযোগ্য মডিউলসমূহৰ মুঠ ওজন ৩৯০০ কিলোগ্ৰাম।ইছৰোৰ মতে চন্দ্ৰযান-৩ অভিযানৰ তিনিটা প্ৰধান উদ্দেশ্য আছে৷সেইকেইটা হ’ল- চন্দ্ৰৰ পৃষ্ঠত নিৰাপদ আৰু লাহে লাহে অৱতৰণ কৰা, চন্দ্ৰত ৰভাৰে অভিযান চলোৱা আৰু চন্দ্ৰৰ পৃষ্ঠত স্থানীয় পৰীক্ষা কৰা৷চন্দ্ৰযান-২ৰ তুলনাত চন্দ্ৰযান-৩ৰ আকাৰ আৰু আকৃতিগত কিছু সালসলনি কৰা হৈছে৷ চন্দ্ৰযান-৩ৰ লেণ্ডাৰৰ সফল অৱতৰণৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিবৰ্তন কৰা হৈছে৷ লেণ্ডাৰখনত পথ-প্ৰদৰ্শনৰ নতুন পদ্ধতি ব্যৱহাৰ কৰাৰ লগতে অধিক শক্তিশালী ইঞ্জিন সংস্থাপন কৰা হৈছে৷চন্দ্ৰযান-২য়ে পৃথিৱীৰ পৰা চন্দ্ৰলৈ যাত্ৰা সম্পূৰ্ণ কৰোঁতে ৪৮ দিন লাগিছিল,কিন্তু চন্দ্ৰযান-৩ য়ে এই যাত্ৰা ৪২ দিনতে সম্পূৰ্ণ কৰিব৷ চন্দ্ৰযানখন চন্দ্ৰপৃষ্ঠৰ এক নিৰ্দিষ্ট ঠাইত লাহে লাহে অৱতৰণ কৰাৰো ব্যৱস্থা কৰা হৈছে৷ লেণ্ডাৰখনত অধিক ইন্ধন ভৰোৱা হৈছে যাতে অৱতৰণ কৰা স্থানৰ সালসলনি ঘটাব পৰা যায়৷ ইছৰোৰ মুৰব্বী সোমনাথৰ মতে চন্দ্ৰযান-৩ ১৫-২০ দিন পৃথিৱীৰ কক্ষপথত ঘূৰি থাকি চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিব৷ অহা ২৩ আগষ্টত লেণ্ডাৰখনে চন্দ্ৰৰ দক্ষিন মেৰুত অৱতৰণ কৰাৰ সম্ভাৱনা আছে৷বিজ্ঞানীসকলে অতি দক্ষতাৰে চন্দ্ৰযান-৩ৰ গতিপথ তিনিটা পৰ্যায়ৰে গঠন কৰিছে  — পৃথিৱী কক্ষপথৰ কৌশল, ট্ৰেন্স-লুনাৰ ইনজেকচন আৰু চন্দ্ৰ কক্ষপথৰ কৌশল। এই পৰ্যায়সমূহ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰপালচন মডিউলটোৱেই লেণ্ডাৰ আৰু ৰভাৰক চন্দ্ৰলৈ লৈ যাব। এই মডিউলটো চন্দ্ৰত অৱতৰণ নকৰে আৰু ইয়াৰ পৰিৱৰ্তে চন্দ্ৰৰ চাৰিওফালে ১০০ কিলোমিটাৰ x ১০০ কিলোমিটাৰ পাৰ্কিং কক্ষপথত থিতাপি লৈ থাকিব৷ লেণ্ডাৰখনে প্ৰপালচন মডিউলৰ পৰা পৃথক হৈ চন্দ্ৰৰ ওচৰৰ কক্ষপথত প্ৰৱেশ কৰি চন্দ্ৰপৃষ্ঠৰ দক্ষিন মেৰুত অৱতৰণ কৰিব৷লেণ্ডাৰ মডিউলত ৰভাৰটো থাকে। অৱতৰণৰ পিছত লেণ্ডাৰখন লেণ্ডিং স্থানত স্থবিৰ হৈ থাকিব, আনহাতে ৰভাৰে চন্দ্ৰপৃষ্ঠত অনুসন্ধানৰ কাম আৰাম্ভ কৰিব।ভাৰতে চন্দ্ৰযান-৩কে ধৰি ভৱিষ্যতে আৰু বহুতো চন্দ্ৰ অভিযানৰ পৰিকল্পনা কৰিছে। এই অভিযানসমূহৰ নিৰ্দিষ্ট লক্ষ্যসমূহ এতিয়াও ৰাজহুৱাভাৱে প্ৰকাশ কৰা হোৱা নাই যদিও এই অভিযানে চন্দ্ৰৰ ন ন তথ্য উন্মোচিত কৰিব৷সামগ্ৰিকভাৱে ভাৰতীয় চন্দ্ৰ অভিযান কাৰ্যসূচীয়ে চন্দ্ৰৰ ভূতত্ত্ব বুজিবলৈ, পানী বা বৰফৰ দৰে সম্পদৰ উপস্থিতিৰ অনুসন্ধান কৰাৰ লগতে ভৱিষ্যতে চন্দ্ৰলৈ সম্ভাৱ্য মানৱ অভিযানৰ পথ প্ৰশস্ত কৰিব৷
উল্লেখযোগ্য বৈজ্ঞানিক লক্ষ্যত উপনীত হোৱাত চন্দ্ৰযান অভিযানসমূহে যথেষ্ট সহায় কৰিছে। চন্দ্ৰৰ ভূ-প্ৰকৃতি, খনিজ পদাৰ্থ আৰু মৌলিক প্ৰাচুৰ্য্যতা অধ্যয়ন কৰি বিজ্ঞানীসকলে ইয়াৰ উৎপত্তি, বিৱৰ্তন আৰু ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ বিষয়ে বিস্তৃত জ্ঞান লাভ কৰিছে। চন্দ্ৰৰ পৃষ্ঠত পানীৰ অণু ধৰা পৰাৰ ফলত ভৱিষ্যতে চন্দ্ৰৰ সম্পদ ব্যৱহাৰৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷চন্দ্ৰযান অভিযানে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ পোষকতা কৰিছে আৰু বিশ্ব মহাকাশ অভিযানৰ ক্ষেত্ৰখনত ভাৰতৰ স্থিতি শক্তিশালী কৰিছে। চন্দ্ৰযান-১- মহাকাশ অভিযানৰ ক্ষেত্ৰত আমেৰিকা, ইউৰোপীয় মহাকাশ সংস্থা, বুলগেৰিয়াকে ধৰি বিভিন্ন দেশে সহযোগিতা আগবঢ়াইছিল৷
চন্দ্ৰযান-২ এ নাছাৰ সৈতেও সহযোগিতা কৰি লেণ্ডাৰত নিজৰ লেজাৰ ৰেট্ৰ’ৰিফ্লেক্টৰ কঢ়িয়াই লৈ ফুৰিছিল, যাৰ ফলত ভৱিষ্যতে নিখুঁতভাৱে অৱতৰণ কৰাৰ প্ৰচেষ্টা সহজ হৈ পৰিছিল আৰু বিশ্বব্যাপী চন্দ্ৰৰ তথ্য নেটৱৰ্ক বৃদ্ধি পাইছিল৷ভাৰতৰ চন্দ্ৰযান অভিযানে ভৱিষ্যতে চন্দ্ৰ অভিযানৰ বাবে সুদৃঢ় ভেটি স্থাপন কৰিছে।এই অভিযানে ভাৰতৰ প্ৰযুক্তিগত সামৰ্থ্যক আৰু অধিক আগুৱাই নিব আৰু বিশ্বৰ বিজ্ঞানীমহলক চন্দ্ৰৰ বিষয়ে জ্ঞান আহৰণৰ ক্ষেত্ৰত অৰিহণা যোগাব৷তদুপৰি চন্দ্ৰযান অভিযানে মানুহৰ সম্ভাৱ্য চন্দ্ৰ অন্বেষণৰ পথ প্ৰশস্ত কৰে। এই অভিযানসমূহৰ পৰা লাভ কৰা জ্ঞানে মানৱীয় অভিযানৰ পৰিকল্পনা আৰু চন্দ্ৰত স্থায়ী উপস্থিতি প্ৰতিষ্ঠা কৰাত সহায় কৰিব পাৰে। ব্যয়বহুল মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ বিশেষজ্ঞতাক আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব আৰু সহযোগিতাৰ বাবে লাভৱান কৰিব পাৰি, যিয়ে চন্দ্ৰ অন্বেষণৰ ভৱিষ্যত গঢ় দিব।এক উল্লেখযোগ্য কৃতিত্ব আৰু যুগান্তকাৰী আৱিষ্কাৰেৰে সমৃদ্ধ চন্দ্ৰ অভিযানে ভাৰতক এক বিশিষ্ট স্থান দিছে৷ চন্দ্ৰযান-১ আৰু চন্দ্ৰযান-২ৰ জৰিয়তে ভাৰতে নিজৰ কাৰিকৰী দক্ষতা, বৈজ্ঞানিক কৌতুহল, মহাকাশ অন্বেষণক আগুৱাই নিয়াৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। চন্দ্ৰযান-৩ এতিয়া চন্দ্ৰৰ দক্ষিন মেৰুলৈ ৰাওনা হৈছে য’ত আগতে বিশ্বৰ কোনো দেশেই অভিযান চলোৱা নাছিল৷মহাকাশ নীতিৰ গৱেষক প্ৰণৱ আৰ সত্যনাথে কয় যে চন্দ্ৰযান-৩ অভিযানে আন্তঃৰাষ্ট্ৰীয় মহাকাশ সহযোগিতাৰ ক্ষেত্ৰত এক ন-দিগন্তৰ সূচনা কৰিব৷ এই অভিযানে চন্দ্ৰৰ এক অদেক্ষা অঞ্চলক প্ৰত্যক্ষ কৰাব যিটো আমেৰিকাৰ নাছা, ৰাছিয়ান ৰস্কোচমছ, জাপান এৰ’স্পেচ এণ্ড এক্সপ্ল’ৰেচন এজেন্সীকে ধৰি সকলো মহাকাশ সংস্থাই এক বিস্তৃত অধ্যয়ন কৰাৰ সুযোগ পাব৷
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)