দিয়া নাছিলোঁ,
তোমাক
পাহৰো বুলি
মই যেন
পাহৰি যাব নোৱাৰোঁ
আজিও দেখোঁ
মোৰ মন আকাশত
ফাগুনৰ ৰং চতিয়াই
বাউলী চিলা হৈ
যেন তুমি উৰি আছা
পলাশ বনত
অনুভৱে অনুভৱে
অনুভূতিয়েই তোমাক
মনত পেলাই
কিদৰেই পাহৰো
জানোচা তোমাক মই
তুমি আঁতৰি গ'লেও চাগে
সঁচা অনুভৱেই যেন
সজালে মোক
তোমাৰ প্ৰেমিক কবি
মই সিঁচি দিছিলোঁ
তোমাৰ হৃদয়ত
কবিতাৰ ৰূপালী জোনাক
কবিৰ ভাষা
বুজিও তুমি নুবুজিলা
কবিতানো কি ?
যদিও প্ৰতিশ্ৰুতি নাছিল
তোমাৰ মোৰ
মিলনৰ পূৰ্ণ বাসনাৰ
প্ৰণয় স্ৰোতস্বিনী ধাৰা হৈ
বৈ আছা তুমি
হৃদয়ৰ গোপন কুঞ্জত
এইয়া যেন
এক বুজাব নোৱাৰা
জীৱন পৰিক্ৰমা-------॥
✍️নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ