অঙ্গীকৃত-তৰুলতা বৈশ্য

©Admin
0
গছৰ সৰাপাতএটায়ো বিতুল বৰুৱাৰ আজিকালি টোপনিভাঙে। বহুদিন হ'ল বতাহত লৰা টিনপাতত হোৱা কৰ্‌ কৰ্‌ শব্দত খপ্‌-জপ্‌কৈ উঠি বহে। কেতিয়াবা আকৌ উইচিৰিঙাৰ চি-চিয়নিতো চকুৰ পতা জাপ নাখায়। আগৰ দৰে ৰাতিৰ গভীৰতাৰ নিৰ্জনতাই তেওঁক আকৰ্ষণ নকৰে। দিন চমু চাপি অহাৰ লগে লগে তেওঁ যেন উন্মাদ হৈ যাব-এই ভাৱটোৱে তেওঁক খেদি ফুৰিছে..
       বিতুল বৰুৱা সচাকৈয়ে উন্মাদ হ'ল নেকি ! তেওঁৰ মনৰ ভিতৰৰ দৃশ্যপট -বোৰ এটাৰ পিছত এটাকৈ চিনেমাৰ ৰিলৰ দৰে আহিব ধৰে । 
      হয়! ২০০৪ চন।ৰিখটাৰ স্কেল ৯.১ ত অনুভূত হৈছিল ভূমিকম্পটোৰ কম্পন। ছেচমোগ্ৰাফৰ তথ্যমতে ইতিহাসৰ ই তৃতীয় ভূমিকম্প।‌ইন্দোনেচীয়া ,শ্ৰীলংকা, থাইলেণ্ড ,মালদ্বীপ আৰু ভাৰতৰ তামিলনাডু তল ওপৰ কৰিছিল। বৰুৱাই কম্পিউটাৰত চোৱা ভি ডি অ'টো মনৰ গহনাত সোমাই পৰে আৰু গোটেই দৃশ্য -পটৰ পৰা সযত্নে তেওঁ তিলিক তাৰপৰা বাহিৰলৈ উলিয়াই আনে।তাই তেওঁৰ অন্তৰত গোপনে সোমাই পৰে।
      কণমানি সাত বছৰীয়া তিলি। দক্ষিণ থাইলেণ্ডৰ সাগৰ তীৰ। এক প্ৰমোদ গৃহত এটা ইংৰাজ পৰিয়াল।বৰদিনৰ ছুটীৰ আমেজখিনি তাতে কটাম বুলিয়েই আগমন কলিন স্মিথ আৰু স্পেনীৰ; লগত দুই কন্যা । ২৬ ডিচেম্বৰ ২০০৪। সিদিনাখন হঠাৎ স্পেনীয়ে প্ৰত্যক্ষ কৰিলে সাগৰখন ওফণ্ডি আহিছে। সাগৰ তীৰ সৰু হৈ গৈ আছে।স্পেনীয়ে একো কৰিব পৰা নাছিল কিন্তু ডাঙৰ কন্যা তিলিয়ে বিপদৰ উমান পাইছিল। তাই দুসপ্তাহ আগতে ভূগোলৰ চাৰে দেখুওৱা ভি- ডি -অ'ৰ কথা মনত পৰিছিল।১৯৪৬ চনত হাৱাই দ্বীপত হোৱা চুনামীৰ ভি-ডি-অ'টোত সাগৰত তুফান,বুৰবুৰণি,চাকনৈয়া ,ফেন আদি দেখিছিল।ভূগোলৰ শিক্ষকে তাইক কৈছিল ইয়াৰ কাৰণ আৰু প্ৰতিকাৰৰ কথা। তাইৰ আটাইবোৰ কথাই মনলৈ আহিছিল আৰু উন্মাদৰ দৰে চিঞঁৰি চিঞঁৰি কৈছিল, ''পলোৱা! পলোৱা !সকলো ইয়াৰ পৰা পলোৱা! সাগৰে আমাক গ্ৰাস কৰিব!!!''
    ঠিক একে ধৰণে বিতুল বৰুৱাইও যেন তিলিৰ দৰে চিঞঁৰি চিঞঁৰি কব ৰখোৱা! ৰখোৱা! ইয়ে আমাক নিচিহ্ণ কৰিব!!আমাৰ ভাষা, আমাৰ সংস্কৃতি,আমাৰ জাপি, আমাৰ গামোচা এই চুনামীত জাহ যাব!!!কিয় জানো বৰুৱাই কণমানি তিলিক বুকুৰ মাজত লৈ ফুৰায়।তাই যেন তেওঁৰ গাইড ,ফিলোচ'ফাৰ।
     যোৱা ৰাতিও তেওঁৰ টোপনি হৰিল,।ৰাইজৰ স্বাৰ্থ বিৰোধী এখন এখনকৈ বিল সংসদত অতিক্ৰমি গ'ল।তেওলোকৰ মতে সেয়া হেনো জনহিতকৰ!সেই জনহিতকৰ বিলৰ পৰাই অত্যাবশ্যকীয় চিহ্নিত মূল সামগ্ৰী চাউল,দাইল,আটা, তেল, আলু পিয়াঁজ বাদ পৰিল ।যোৱা এটা দশক ধৰি বৰুৱাও তিলিৰ ভূগোল পাঠৰ অভিজ্ঞতাৰে পুষ্ট।নিজ ৰাজ্য বৰাক ভেলিৰ ভাষা সংস্কৃতিয়ে ইতিমধ্যে তেওঁক হতাশ কৰিছেই।
সভা সমিতিত আইৰ ডিঙিৰ গামোচাখন যেতিয়া এলাগী হয় তেতিয়া তেওঁৰ মনটোৱে কান্দি উঠে।তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি চুবুৰীয়া দেশৰ পৰা আলহী অনাৰ আইন কৰি নিকপ্ কপীয়া কৰিলে স্বয়ং ৰাস্ট্ৰ -যন্ত্ৰই ! হাজাৰ হাজাৰ বিৰোধীয়ে লাঠীৰ কোব খালে,জেললৈ গ'ল ,আৰু নিৰিহ প্ৰানী কি‌ছুমানে চহিদৰ মৃত্যু বৰণ কৰিলে ...মনত পৰাৰ লগে লগে বৰুৱা আৰু থিৰেৰে থাকিব নোৱাৰিলে।সিদিনাখন তেওঁৰ একমাত্র পুত্ৰৰ তেজেৰে লুতুৰি পুতুৰি হৈ পৰিথকা নিথৰ দেহটোৱে তেঁওৰ হাৰ্টবিত্ বঢ়াই তুলিলে!
     সহজে পাৰ হব পৰা নৈ- খনত নাওঁ চলে।নাওখন পাৰত লগাব পাৰিলেই হ'ল।এটা এটাকৈ কাইটীয়া তাৰেৰে সংগোপনে পাৰ হয়।অলপতে কাঠৰ নাওঁ খনত মেচিন লগোৱাৰ কথা চলিছে । নাওখন ভূতভূতি হব।যাতায়তৰ সুবিধা হব।লোক বেছিকৈ ধৰিব। ভূত-ভূতিত সহজে ইপাৰৰ পৰা সিপাৰ হোৱাৰ লগে লগে সিহ‌তৰ আত্ম অহংকাৰ বাঢ়িব। দেখদেখকৈ ইতিকিং কৰিব- চা তহতৰ ভাষা আচলতে আমাৰ চহা অৱস্থা হে।একবিংশ শতিকাত কি দৰকাৰ তেনে ভাষাৰ? যিমানে ভাবে সিমানে বৰুৱাৰ মূৰটো আচন্দ্ৰাই কৰে।তেওঁ চিঞঁৰি চিঞঁৰি কয়-নাওত মেচিন নলগাবা।যেনে আছে তেনেকৈ থাকিব দিয়া।নাই !তেওঁৰ কথা কোনেও নুশুনে।দিন চমু চাপি অহাৰ লগে লগে সেয়ে তেওঁৰ বুকুৰ বিষটো বাঢ়ি গৈ আছে।
       ইতিমধ্যে তিলিৰ আৰ্তনাদত বিনোদন গৃহৰ আটাইবোৰে হোটেলৰ তৃতীয় মহলাত গৈ আশ্ৰয় ল'লে।তাইৰ বুদ্ধি মত্তাক কিছুমানে স্বীকাৰ কৰিলে আৰু আন কিছুমানে আত্ম অহংকাৰত তাইক ককৰ্থনা কৰিব নাপাহৰিলে-সৰু ছোৱালী কি জানিব সাগৰৰ মহিমা! এই ওফণ্ডি উঠে এই জাহ যায়!!
    জীৱশ্ৰেষ্ঠ মানুহ বোৰ মূৰ্খ হৈ গ'ল নেকি বাৰু।জন্তুবোৰেচোন বিপদৰ আগজাননী পায়;তেনেহলে? জীৱশ্ৰেষ্ঠ হৈও জন্তুবোৰতকৈ বেছি মানুহৰ কেনেকৈ মৃত্যু হব পাৰে! হয়!আন জীৱ -জন্তুবোৰ সেই চুনামীত মানুহতকৈ বেছি সংখ্যকৰে জীৱন ৰক্ষা পৰিছিল।বেছিভাগ জন্তুৱে আগতীয়া সংকেত পাইছিল।আগেভাগে লৰ -মাৰি সিহঁতে নিজৰ জীৱন ৰক্ষা কৰিছিল।ভাৰতৰ কোদাল্লু উপকূলৰো হাজাৰ হাজাৰ মানুহৰ প্ৰাণ নাশ হৈছিল য'ত কুকুৰ, ম'হ,ছাগলী আদিৰ কোনো ক্ষতি হোৱা নাছিল।সিহত নিৰাপদ স্থানলৈ আতৰি গৈছিল।
      এই যে সাগৰৰ বুকুত জাহ গ'ল মানুহ বোৰ ! সিহঁতৰ মূৰবোৰ বিপদৰ সময়ত নচলে নেকি?মানে কমকৈ চলে নেকি?জীৱনৰ অভিজ্ঞতাবোৰ সিহঁতে পুৰি খায় নেকি?প্ৰকৃতিৰ ওপৰতচোন আধিপত্য লাভৰ অহৰহ চেষ্টাত ব্ৰতী থাকে।বৰুৱাৰ এনে ভাৱ হ'ল মানুহবোৰ সাগৰৰ পাৰত থিয় হৈ থাকি চুনামীৰ ফেন,বুৰবুৰণি, সাগৰ বিট্চ কমি যোৱা-এইবোৰ যেন দেখিও নেদেখা এজন দিনকণা!
    ইতিমধ্যে ভূত-ভূতি নাওঁৰ মেছিন বনোৱা কাৰখানা এটা তৈয়াৰ কৰিবলৈ যাৱতীয় সামগ্ৰী গোটোৱা হৈছে।কাৰখানাৰ বাবে ঘৰটো বনোৱা অনুমতি দিয়া মহাজন অলপ বিপদতে পৰিছে।চাৰি- পাচজন ডেকা ল'ৰা সদলবলে আহি মহাজনক ধমকি দিছে-"কাৰখানা- ঘৰ বনাবৰ বাবে মাটিৰ অনুমতি নিদিবা;
দিলে তোমাৰ বিপদ অনিবাৰ্য।"যাৰ বাবে তেৱো ৰৈ আছে এটা দিনলৈ।
      দিন চমু চাপি আহিছে।বৰুৱাৰ হাৰ্টবিত্ বাঢ়ি গৈ আছে।চকু মুদিলেই তেজৰঙা চকু -পানীয়ে নৈ বয়।উকা কপালৰ শুভ্ৰ বস্ত্ৰৰ ওৰণীৰ তলেৰে তেজৰঙা নৈখন খৰকৈ বব ধৰে।খৰকৈ বোৱা নৈখনত ইঞ্জিনীয়াৰিং, মেডিকেল, এন ফিল্ড, পি -এইচ্ -ডি,এম- এচ্- চি,এম -কম‌,এম -এ,এম- চি -এ,বি -চি -এ,বি- এচ্ -চি,বি- এ....ডিগ্ৰীধাৰী কৌটিৰ ঘৰৰ উচ্চ শিক্ষিত নিবনুৱাই সাতুৰি নাদুৰি ভাগৰি পৰে।বহুজনে আকৌ সাতুৰিব নজনাৰ বাবে চিৰদিনৰ কাৰণে উশাহ লব পাহৰে ।পিতৃ-মাতৃ ,অভিভাৱক সকলেও সন্তানক কেৱল উচ্চ ডিগ্ৰীধাৰী নাম কৰাতহে ছা -টোৰ দৰে লাগি থাকে।খলাবমা জীৱন নৈ-খনত সন্তানক সাতোৰৰ প্ৰশিক্ষণ দিয়াৰ কথা ভুলতেও ভাবিছেনে?ৰূঢ় বাস্তৱতাৰ সন্মুখীন হবলৈ শিকালেনে?
নিজ অধিকাৰ সম্পৰ্কে সচেতন কৰিলেনে??
    অসহ্যকৰ!সকলোফালে যেন হাহাকাৰ!
নৈখন মৃত নহয়। বুঢ়ালুইতৰ পৰা ভাজ হৈ ওলাই অহা সৰু নৈখন বাৰিষা ফেনে ফোটাকাৰে গাভৰু নাচজনী হৈ নিজ চন্দত আপোন পাহৰা হয়। আপোনপাহৰা হৈ বৰদৈচিলাৰ প্ৰেমত মতলীয়া হয়।আৰু তেতিয়াই কৃষকৰ সপোনৰ সেউজীয়া কৃষিভূমি তচ্- নচ্ হয়।বাৰিষাৰ ধলে সেউজীয়া কৃষি ভূমিত শুভ্ৰ দলিচা পাৰে।ঘৰৰ মুধচপৰ্যন্ত পানী উঠে।কৃষকৰ মূৰত সৰগ ভাগি পৰে।একমাত্ৰ সম্বল বছৰৰ মূৰত সোণগুটিকেইটাও যেতিয়া ভড়ালত নাহে ;সপোনৰ ঘৰখন ঠানবান হয় তেতিয়া বহুজনে নিজকে চম্ভালিব নোৱাৰে।দুখ শোক পৰিতাপে আপোনহাতে আপোনঘাতি হয়।মৰিমৰি জীয়াই থকাবিলাকেওনো কি পায়?প্ৰতি বছৰে একেই পুনৰাবৃত্তি।ৰজাঘৰীয়াই বানপানী যোৱাৰ পিছত কৃষকক কণা হাহক পতান দিয়াৰ লেখীয়াকৈ বীজৰ যোগান ধৰে।মধুকাই পথাৰত বীজ সিচে। এমাহ পিছত ধাননি পথাৰলৈ গৈ দেখে ধানত থোক ধৰিছে ।তাতে আকৌ ভূতৰ ওপৰত দানহ !এমাহতে ফচল ধৰা আৱতৰীয়া বীজত চৰহা পোকৰ মিচিল।বীজৰ মুনাফা কিন্তু বহুতৰ পকেটত ঠিকেই সোমায়।ৰাস্ট্ৰযন্ত্ৰইও নিজৰ মেচিন বিলাক পোনাই চলায়।প্ৰতি পাচ বছৰৰ অন্তত নিৰ্বাচন আহে।কেতিয়াবা ভাৱ হয় নিৰ্বাচন প্ৰহসন!নেতা সকলে ভোটবেংক ঠায়ে ঠায়ে গঢ়ি তোলে।মন্দিৰ মছজিদত টকাৰ বৰষুণ পৰে ।বেংকত লানি নিছিগা শাৰী ।বগা ভাতত কাউৰীৰ শেন-চকু!জাতি মাটি ভেটি ৰক্ষাৰ ফুলজাৰিত মানুহ বোৰ ভেৰা হয়।এফালে বৰপীৰা আনফালে ভাষা সংস্কৃতি ৰক্ষা!
        বৰুৱাৰ হাৰ্টবিত্ বাঢ়ি থকাৰ কথা বন্ধু নিবাৰণৰ শৰ্মাইহে ভালকৈ উপলব্ধি কৰে।ঘৈণীয়েক সাৰদাকো নকয় তেওঁ। প্ৰায় সকলো কথাই বৰুৱাই শৰ্মাৰ লগত ভাগ বতৰা কৰে।দুয়োজন দুখন জুনিয়ৰ কলেজৰ অধক্ষ ।সান্ধ্য ভ্ৰমণত দুয়োজন পাৰ্কত বহে। সুখ দুখৰ ভাৱ বিনিময় হয়।
      যোৱা তিনি মাহে অৱশ্যে দুয়োবন্ধু পাৰ্কত বহিব পৰা নাই।পাৰ্ক বন্ধ।অতিমাৰিয়ে গোটেই পৃথিৱীতে প্ৰায় দেশতে সংহাৰী ৰূপ ধাৰণ কৰিলে।আমাৰ দেশতো সংক্ৰমণ কুচকাৱাজ আৰম্ভ হ'ল ।মানুহৰ মাজত ব্যৱধান বাঢ়িল।পৰিয়ালৰ লোকেও একমিটাৰ দূৰত্ব ব্যৱধান মানি চলা- ফুৰা কৰিব লগা হ'ল।প্ৰেমিক প্ৰেমিকা,পতি পত্নীও একে পথৰে পথিক।লৰা ছোৱালীৰ শুভ সংবাদতো মাক দেউতাকে স্পৰ্শৰে মৰম বা আশীৰ্বাদ দিব নোৱাৰা পৰিবেশৰ সৃষ্টি হ'ল।স্কুল কলেজৰ লগতে মটৰগাড়ী,ৰেলগাড়ী,উৰাজাহাজ,পানীজাহাজ,চাৰিচকীয়া,তিনিচকীয়া, দুচকীয়া সকলো যানবাহনৰ যাতায়ত বন্ধ হৈ পৰিল।মানুহ যি -য়ে যেনেকৈ আছে তেনেকৈয়ে ৰৈ থাকিল। অংগুলিমাল তই স্থিৰ হৈ থাক!ঘৰৰ বাহিৰত ওলোৱা নিষেধ।'ঘৰত থাকক নিৰাপদে থাকক' সঘনাই হাত ধোৱক,মাসক্ পৰিধান কৰক...চৰকাৰী নিৰ্দেশনা সঘনাই আহিল।অৱশ্যে কিছু দ্ব্যৰ্থক নিৰ্দেশনা
বৰুৱাৰ চকুৰ পৰা সাৰি যাব পৰা নাছিল। এবাৰ যি ব্ৰেন্ডৰ মাস্ক পৰিধানত এশ শতাংশ নিৰাপদ হয় বুলি ঘোষনা হৈছিল তাৰ কেইসপ্তাহমান পিছতেই আকৌ একে ব্ৰেন্ডৰ মাস্কৰ নিৰাপদ সূচাংক শূণ্যৰ ঘৰত বুলি একেটা লাউড স্পীকাৰতে ঘোষণা হ'ল ।
-'এনে কথাই বিশ্বাস যোগ্যতা নেহেৰায়নে শৰ্মা?'
   মোবাইলত দয়ো বন্ধুই অতিমাৰি সম্পৰ্কে বহু কথাই পাতে।বৰুৱাই আক্ষেপ কৰি কয়,শুনিছেনে শৰ্মা আপুনি ভুল কৰি লে কাল,ৰজাই ভুল কৰিলে ভাল। বিদেশৰ পৰা লৈ আনিলে অতিমাৰি।বিমান বন্দৰ কেইটা তলা লগালেই হয় সংক্ৰমণ ৰোধ।বিপৰীতে কৰিলে কি নেদেখিলেনে!
   প্ৰাইভেট কোম্পানী বোৰ বন্ধ হৈ গ'ল ।ইফালে তলাবন্ধ।গাড়ী মটৰ ,ৰেল সকলো বন্ধ।এই বন্ধৰ মাজত পৰিল বেছেৰাহত!
 বিভিন্ন ৰাজ্যৰ কৰ্মৰত শ্ৰমিকে হাজাৰ হাজাৰ কি:মি:বাট খোজকাঢ়ি ঘৰলৈ উভতিল। লাখ লাখ শ্ৰমিক নিবনুৱাৰ বিলাই বিপত্তি নোহোৱা হ'ল।আদ বাটতে কিছুমানে প্ৰাণ বিসৰ্জন দিলে।যিকেইজন ঘৰলৈ ঘুৰি আহিল সিহঁতৰ ঘৰবোৰো উৰুখা পজা। পজাত হয়তো দা বা কোৰ এখনো নাই কাম কৰি খাবলৈ।ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ।
   শৰ্মা, নহয়নে বাৰু !আপুনি য়ে ভাৱকছোন ! উদ্যোগবোৰ বন্ধ হৈ 
 গ'ল ঠিকেই, পিচে মানুহ নামৰ প্ৰাণী বোৰৰ খোৱা মুখখনতো বন্ধ হৈ নাযায়! দেশৰ জি ডি পি বিয়োগৰ ঘৰত হ্ৰাস পোৱাৰ পিছতো ৰজাঘৰীয়া শুই থাকিল।দেশৰ লাখ লাখ কৰ্মচাৰী নিবনুৱা হ'ল ।বহুজনে ঋণ পৰিশোধ কৰিব নোৱাৰি সপৰিয়ালে আত্মঘাতী হ'ল।নিউজ চেনেলবোৰতো অতিমাৰিয়ে প্ৰাণ কাঢ়ি নিয়া বিদেশৰ গৰম গৰম খবৰ! !টি আৰ পি বাঢ়িল ।আকৌ ৰজা ঘৰীয়াৰ ফটা ঢোল বাজিল -শুনক! শুনক !শুনক!! ৰাষ্টাত ওলোৱা নিষেধ, অনিৰ্দিষ্ট কাললৈ তলাবন্ধ, লক্ ডাউন।
    'চৰকাৰী তলাবন্ধ ঠিকেই চলিল।শ্ৰমিকে লৰা ছোৱালী, তিৰোতাৰে সৈতে হাজাৰ হাজাৰ কি:মি:খোজ কঢ়াত ভৰি ফাটি ৰাষ্টাত তেজৰ চেকুৰা বান্ধিলে ! '
 কথাখিনি কৈ থাকোতে বৰুৱাৰ সিৰিক্ কৈ দুটোপাল চকুলো সৰি পৰিল।আবেগিক হৈ পৰে মানুহজন।মানুহ নামৰ জীৱৰ কংকালত প্ৰবেশ কৰে তেওঁ।বক্তব্য ধৰ্মীতাৰে কবলৈ আৰম্ভ কৰে-মোক এজন নেতা দিয়া, শ্ৰমিক নেতা।যাৰ নেতৃত্বত চলে শ্ৰেণীহীন ,শোষণ -বঞ্চনাহীন এখন বিশাল জণগণৰ দেশ।য'ত থাকে নাৰী মুক্তিৰ গান, হয় পতিতালয়ৰ অৱসান।নীল আকাশত দেখা যায় উৰণীয়া দ্ৰেগন!
     শৰ্মাও আৱেগিক হয়।তেৱো একে সুৰতে সুৰ মিলায়-প্ৰাইভেট কোম্পানী বোৰক নেদেখিছেনে!
 হঠাৎ খেদি দি উচ্চ শিক্ষিত যুৱক যুৱতীক নিবনুৱা কৰে।বহুজাতিক কোম্পানীবোৰক নাকী লগাবলৈ যেন তেনেকুৱা এক বিপ্লবকে বাট চাই আছে বৰুৱা! আটাইবোৰ যেন এক হোৱাৰ প্ৰয়োজন আহি পৰিছে -
     কৃষক! যি কৃষকে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহনন কৰিবলৈ বাধ্য হয়;খাজনা বৃদ্ধিত কামিহাড় ভাগে।ছাত্রবোৰেও একত্ৰিত নহবনে?যি শিক্ষাৰ শেষত কৰ্মসংস্থাপন নাপায় লাখ লাখ নিবনুৱা দিশহাৰা হৈছে।কৰ্মচাৰী সকলোকো কেকোৰা চেপা দিছে।তেওঁলোকো নিশ্চয় ৰৈ নাথাকে।মহিলাৰ সুৰক্ষা আজি বিঘ্নিত।ৰজাঘৰীয়া যেতিয়া নিৰ্যাতনকাৰী- হত্যাকাৰীৰ সপক্ষে মাত মাতে তাতকৈ আৰু পৰিতাপৰ বিষয় কি হব পাৰে নাৰীৰ বাবে।
        কিয় সকলো একত্ৰিত নহব কওকচোন বৰুৱা! দেশৰ মুষ্টিমেয় কেইঘৰমান মানুহ মাত্ৰ ।কৌটিৰ ঘৰত টকা উপাৰ্জনৰ বাবে দেশৰ সম্পদবোৰ উদাৰচিত্তে লাভ কৰে !ৰেলৱে, বেংক, বিমানবন্দৰ, তেলখাদ্ আদি লাভজনক উদ্যোগৰ মালিক একে ৰাতিয়ে হয়। বন্ধ হৈ যোৱা উদ্যোগৰ শ্ৰমিক কৰ্মচাৰীৰ দুৰৱস্থাৰ কথাও মুঠেই নাভাবে।সচাকৈয়ে বেয়া লাগে বৰুৱা!সেইবোৰ অনুষ্ঠানৰ জন্মত জনগণৰ সাগৰসদৃশ তেজ জড়িত হৈ থকাৰ কথা কোনেনো নাজানে!
    হয় শৰ্মা !আপুনি ঠিকেই কৈছে,যিখন দেশত কৌটি কৌটি জনতাই দুবেলা দুমুঠী পেট পূৰাই খাবলৈ নাপায়; ল'ৰা -ছোৱালী চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰে এইসকলো যেন একগোট হবৰ হ'ল!
     শৰ্মাৰ আবেগিক কথাখিনিয়ে বৰুৱাক বহুখিনি সকাহ দিলে। চহিদ ল'ৰাটোৰ তেজৰ ডোঙাটোৱে বুকুৰ বিষ বঢ়োৱা বৰুৱাৰ সন্মুখত এতিয়া এটাই খুটি-নাওঁ খনত মেচিন লগাব কোনোপধ্যেই দিব নোৱাৰি।
   ইতিমধ্যে নাওখনত তেজৰঙা পৰুৱাবোৰ আহি থূপ খাইছে;সিহঁত হাজাৰজনে একো একোটা থূপত গোট বান্ধিছে।সাৱধানে আছে যাতে কেনেবাকৈ নাওখনত পানী সোমালেও মাওখে উটিব পাৰে।

 ✍️তৰুলতা বৈশ্য

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)