মই বিচাৰি গৈছিলো ।
তেতিয়া চাগে বেলি লহিওৱাইছিল
মেঘমেদুৰ আকাশত জোনটিও
জোনাকৰ সৈতে স্নিগ্ধ পোহৰ সিঁচিছিল
আৰু এক অবুজ প্ৰাপ্তিৰ মাদকতা
মোৰ চকুৱে মুখে উজ্বলি উঠিছিল ।
ঠিক তেতিয়াই জোনটিয়েও
লাহে লাহে সোমাই পৰিল মেঘৰ বুকুত,
মোৰো অনুভবী হৃদয়ে হয়তো
তেতিয়া বুজিবলৈ চেষ্টা কৰিলে
নীল সমুদ্ৰৰ সিপাৰে কোনো নাই
সেয়া মাথো এক মৰীচিকাৰ চিকমিকনি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ