কৃষ্ণ মহিমা- সীমা ৰবি দাস

©Admin
0
দৈৱকীৰ গৰ্ভত জন্ম লৈলা, 
যশোদাৰ আচলত পালিত ভৈলা।
বসুদেবৰ পুত্র ৰূপে মথুৰাক তৰিলা,
গকুলত নন্দলাল নাম লৈলা। 
তোমাৰ মহিমা, তোমাৰ মায়া, 
তোমাৰ নামতে কানু প্ৰেমৰ চায়া। 
তুমিয়েই ৰাধাৰ মোহন বিহাৰী, 
তুমিয়েই মীৰাৰ মাধৱ মুৰাৰী। 
শিৰত দিলা ময়ূৰপাখিক স্থান,
বংশী তোমাৰ সংগী, বংশীধৰ তোমাৰ নাম। 
তুমিয়েই জগতৰ ত্রাণকৰ্তা, 
তুমিয়েই দুৰ্নীতিৰ নাশকৰ্তা।
ৰাধিকাৰ তুমি প্ৰেমৰ অস্তিত্ব, 
কানু তোমাৰ মহিমা অনন্ত। 
গোপাল, মোহন তোমাৰ সহশ্ৰ নাম, 
হে জগতপালক তোমাক জনাইছো প্ৰণাম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)