শাৰদীয় দূৰ্গাপূজা- লখিমী শৰ্মা

©Admin
0
আহিন মাহৰ শুক্লাষষ্ঠীৰ পৰা শুক্লা দশমীলৈকে পাঁচদিন ধৰি দেৱী দূৰ্গাৰ পূজা আৰাধনা চলি আহিছে । দূৰ্গা দেৱীক অসংখ্য নামেৰে জনা যায় । তাৰে কেইটামান নাম হৈছে ---- ভগৱতী , মহামায়া , মহিষমৰ্দিনী , চণ্ডিকা , কালী ইত্যাদি । 
পুৰাণৰ মতে দূৰ্গ নামৰ অসুৰক বধ কৰাৰ বাবে দূৰ্গা নামেৰে প্ৰসিদ্ধ । দূৰ্গা হৈছে দূৰ্গতিনাশিনী । পৃথিৱীৰ দুখ - দুৰ্গতি , হিংসা - দ্বেষ কলুষ - কালিমা দূৰ কৰি শান্তি প্ৰতিষ্ঠাৰ হকে দূৰ্গা মাতৃৰ পৃথিৱীত আগমন ঘটে । 
পুৰাণ অনুসৰি মা ভগৱতীয়ে দক্ষ ৰজাৰ ঘৰত সতীৰূপে জন্ম লাভ কৰি শিৱৰ লগত বিবাহ হৈছিল । দক্ষ যজ্ঞত পিতৃ দক্ষৰ মুখত স্বামী নিন্দা সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণ বিসৰ্জন দিছিল আৰু শিৱই দক্ষৰ যজ্ঞ বিনাশ কৰি সতীৰ দেহ কান্ধত তুলি সমগ্ৰ ভাৰতবৰ্ষ বিচৰণ কৰিছিল । ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে শিৱৰ কান্ধত থকা সতীৰ দেহৰ অংগ এটা এটাকৈ ছেদন কৰাত একাৱন্নখন পীঠস্থান বা তীৰ্থস্থান সৃষ্টি হৈছিল । এই পীঠস্থানসমূহৰ ভিতৰত অসমৰ কামাখ্যাই হ'ল শ্ৰেষ্ঠ পীঠস্থান । 
সত্যযুগত মহিষাসুৰৰ অত্যাচাৰত দেৱতাসকল জৰ্জৰিত হৈ বিষ্ণুক আৰাধনা কৰাত স্বয়ং বিষ্ণুৱে নাৰীশক্তিৰ প্ৰতীকৰূপে নাৰীক সৃষ্টি কৰে । এই দেৱীয়েই হ'ল মহিষমৰ্দিনী মা দূৰ্গা । দেৱীয়ে দশভূজা ৰূপেৰে দেৱতাসকলৰ পৰা বিভিন্ন অস্ত্ৰ - শস্ত্ৰ লাভ কৰি সিংহবাহিনী হৈ মহিষাসুৰ আৰু তেওঁৰ পাৰিষদবৰ্গ ধূম্ৰলোচন , শুভ - নিশুভ আদিক বধ কৰিছিল । ফলস্বৰূপে দেৱতাসকলে স্বৰ্গৰাজ্য পুনৰ লাভ কৰিলে । 
কুমাৰসম্ভৱ কাব্যৰ মতে তাৰকাসুৰৰ অত্যাচাৰত দেৱলোক - মনুষ্যলোক কম্পমান হৈছিল । দেৱতাসকলে স্বৰ্গৰ পৰা বিতাড়িত হৈ ব্ৰহ্মাৰ ওচৰলৈ গৈ তেওঁলোকৰ দুখ - দুৰ্গতি বৰ্ণনা কৰাত ব্ৰহ্মাই বিষ্ণুৰ ওচৰলৈ তেওঁলোকক পঠিয়ায় । দেৱতাসকলে বিষ্ণুক স্তুতি কৰি তেওঁলোকৰ আগমনৰ উদ্দেশ্য জনোৱাত বিষ্ণুৱে মহাযোগী মহেশ্বৰ শিৱৰ লগত পাৰ্বতীৰ মিলন হ'লেহে তেওঁলোকৰ পুত্ৰ কাৰ্তিকে তাৰকাসুৰক বধ কৰিব পাৰিব বুলি উপদেশ দিয়ে । বিষ্ণুৰ উপদেশ অনুসৰি দেৱতাসকলে শিৱ - পাৰ্বতীৰ বিবাহৰ আয়োজন কৰে । দেৱতাসকলে শিৱক আৰাধনা কৰি তেওঁৰ সন্মতি সাপেক্ষে পৰ্বতৰাজ হিমালয়ৰ কন্যা উমা ( পাৰ্বতী ) ৰ লগত মহা ধুমধামেৰে বিবাহ কাৰ্য সম্পন্ন কৰালে । শিৱ - পাৰ্বতীৰ মিলনৰ ফলস্বৰূপে কাৰ্তিকৰ জন্ম হয় আৰু যথাসময়ত কাৰ্তিকে দেৱ সেনাপতি হৈ তাৰকাসুৰক বধ কৰে । 
ৰামায়ণ অনুসৰি ত্ৰেতাযুগত শ্ৰীৰামচন্দ্ৰই পিতৃসত্য পালন কৰি চৈধ্য বছৰ বনবাস খাটোতে লংকাধীশ ৰাৱণে সীতাদেৱীক হৰণ কৰিলে । সীতাক অন্বেষণ কৰি থাকোঁতে কিষ্কিন্ধাৰাজ সুগ্ৰীৱৰ লগত মিত্ৰতা কৰি সীতাক বিচাৰি হনুমানক পঠিয়ালে । হনুমানে সাগৰ পাৰ হৈ লংকালৈ গৈ অশোক বনত বন্দিনী সীতাক দৰ্শন কৰি লংকা দাহ কৰিলে । উভতি আহি ৰামক সীতা দৰ্শনৰ বাতৰি কোৱাত সৈন্য - সামন্ত সহিতে ৰামচন্দ্ৰই লংকালৈ যাত্ৰা আৰম্ভ কৰিলে । সাগৰৰ তীৰত ৰাৱণ বধৰ বাবে শক্তি লাভৰ কাৰণে অকাল সময়ত শৰৎকালত ৰামচন্দ্ৰই দেৱী পূজাৰ আয়োজন কৰিলে । ইয়াৰ পূৰ্বতে বসন্ত কালতহে বাসন্তী পূজা হিচাপে দেৱীক পূজা কৰা হৈছিল । তেতিয়াৰে পৰাই শৰৎকালত দূৰ্গা পূজা পালন কৰি অহা হৈছে । 
জনবিশ্বাস মতে দেৱী মহামায়া তেওঁৰ দুই পুত্ৰ --- গণেশ , কাৰ্তিক আৰু দুই মহাশক্তি --- লক্ষ্মী , সৰস্বতীক লগত লৈ কৈলাশৰ পৰা পৃথিৱী অভিমুখে মহালয়াৰ পৰা পঞ্চমীলৈকে পাঁচদিন যাত্ৰা কৰি ষষ্ঠীৰ দিনা ধৰাধামত উপস্থিত হয় । ষষ্ঠীৰ পৰা দশমীলৈকে জগতবাসীয়ে মহাভক্তিৰে পূজা আৰাধনা কৰি দেৱীৰ পৰা আশীৰ্বাদ বিচাৰে । বিজয়া দশমীৰ দিনা দেৱীয়ে পুনৰ পৃথিৱীৰ পৰা প্ৰত্যাগমণ কৰে । দূৰ্গা মাতৃয়ে হাতী , ঘোঁৰা , দোলা আৰু নৌকা বাহনেৰে গমণাগমণ কৰে বুলি বিশ্বাস আছে আৰু সেইমতে ফল লাভ হয় । দূৰ্গাপূজা কেইদিন প্ৰকৃতিস্বৰূপা দেৱীৰ সন্তুষ্টিৰ বাবে ভক্তসকলে অতি ভক্তিভাৱেৰে পূজা - অৰ্চনা কৰে । আই মহামায়াৰ কৃপাত পৃথিৱীৰ পৰা অপায় - অমংগল নাশ হৈ সুখ - শান্তি বিৰাজ কৰক এয়ে প্ৰাৰ্থনা ।।


                " যা দেৱী সৰ্বভূতেষু 
                 শক্তিৰূপেন সংস্থিতা 
             নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ
                        নমো নমঃ । "

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)