শিক্ষক ••দিপশিখা ৰাজকোঁৱৰ

@admin
0
আপোনালোকতেই আৰম্ভ হয়
আমাৰ শিক্ষা জীৱনৰ পাতনি,
আপোনালোকেই আমাৰ প্ৰেৰণা;
আন্ধাৰৰ পৰা পোহৰৰ
বাট দেখুৱাই আমাক সন্মুখলৈ
আগুৱাই লৈ যায় আপোনালোকেই।
পিতৃ মাতৃৰ দৰে শাসন আৰু 
বন্ধুৰ দৰে মৰম কৰি
আমাক জীৱনৰ জ্ঞান দিয়ে,
আমাৰ ভুলবোৰ আঙুলিয়াই দি
শুদ্ধ পথ আপোনালোকেই দেখুৱাই।
আপোনালোকৰ পৰাই পাইছোঁ
মানুহ হিচাপে জীয়াই থকাৰ জ্ঞান,
আপোনালোকে দিয়া আদৰ্শৰ
টোপোলাটো বুকুত কঢ়িয়াই
এখোজ দুখোজকৈ সফল হ'বলৈ
আগুৱাই যাওঁ সন্মুখৰ বাধা নেওচি ।
আমাৰ হৃদয়ত বোৱাই দিয়ে
জ্ঞানৰ অন্তহীন জুৰি ,
সেই জ্ঞানৰ জুৰিয়ে আমাৰ
মন মগজু ধোৱাই ৰাখে সদায় 
আপোনাৰ চৰণত শত কোটি প্ৰণাম।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)