মহাভাৰতৰ যুদ্ধত ভীষ্মক পৰাস্ত কৰাৰ কৌশলত শিখণ্ডীৰ পদাৰ্পন এক কুটনৈতিক কৌশল-জ্যোতিষ্ক বৰুৱা

©Admin
0
মহাভাৰতৰ কাব্য মতে কুৰু ৰজা শান্তনু  আৰু গংগাৰ অষ্টম পুত্ৰ ভীষ্ম এগৰাকী অদ্বিতীয় যোদ্ধা আছিল ৷ তেওঁক পিতামহ, গঙ্গাপুত্ৰ আৰু দেৱব্ৰত নামেৰেও জনা যায়। মহামুনি বশিষ্ঠৰ পৰা বেদ-বেদান্তৰ জ্ঞান তথা শুক্ৰাচাৰ্যৰ পৰা সকলো শাস্ত্ৰ, কলা আৰু বিজ্ঞানৰ শিক্ষা লাভ কৰা মহাবীৰ ভীষ্ম আছিল এগৰাকী অদ্বিতীয় ধনুৰ্দ্ধৰ তথা ৰাষ্ট্ৰনীতিত সুপণ্ডিত।
হিন্দু মহাকাব্য মহাভাৰতত উল্লিখিত কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ছোৱাত তেওঁ কৌৰৱ বাহিনীৰ মুখ্য সেনাধ্যক্ষ আছিল। পাণ্ডৱ আৰু কৌৰৱ দুয়োপক্ষৰ লগত তেওঁৰ পাৰিবাৰিক সম্পৰ্ক আছিল। 
দেৱব্ৰত অৰ্থাৎ ভীষ্ম কুৰু ৰাজ্যৰ উত্তৰাধিকাৰী ৰূপে স্বীকৃত আছিল যদিও পিতৃৰ সুখৰ বাবে তেওঁ নিজৰ অধিকাৰ স্বেচ্ছাই পৰিত্যাগ কৰিছিল আৰু চিৰজীৱন ব্ৰহ্মচাৰী ৰূপে জীৱন কটাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। অতি কম বয়সতে এনেকুৱা সাংঘাতিক সিদ্ধান্তত উপনীত হোৱা বাবে তেওঁ ভীষ্ম নাম লাভ কৰে আৰু নিজে যিমান দিনলৈ জীয়াই থাকিব বিচাৰে, সিমান দিনলৈ জীয়াই থকাৰ বৰ লাভ কৰে। তেওঁ কুৰু ৰাজ্যৰ ৰাজনৈতিক বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ ফালে অংশগ্ৰহণ কৰিছিল। যুদ্ধৰ দশম দিনৰ দিনা পাণ্ডৱৰ যুৱৰাজ অৰ্জুনে শিখণ্ডীৰ সহায়ত অজস্ৰ বাণেৰে ভীষ্মক শৰবিদ্ধ কৰে। অৰ্জুনৰ আক্ৰমণত পক্ষাঘাতগ্ৰস্ত হৈ প্ৰায় একাৱন্নটা নিশা তেওঁ শৰশয্যাত কটাই আৰু অৱশেষত উত্তৰায়ণৰ (মকৰ সংক্ৰান্তি) দিনা নশ্বৰ দেহ ত্যাগ কৰে। মৃত্যুৰ আগমুহূৰ্তত তেওঁ সম্ৰাট যুধিষ্ঠিৰক বিষ্ণু সহস্ৰনামাখন হস্তান্তৰ কৰিছিল ।
মহাভাৰতত দেৱব্ৰতে আজীৱন ব্ৰহ্মচাৰী হোৱাৰ যি ভীষণ প্ৰতিজ্ঞা কৰি তাক যথাযথভাৱে পালন কৰিছিল, তাৰেই ফলস্বৰূপে তেওঁ ভীষ্ম নাম লাভ কৰে।জন্মতে ভীষ্মৰ নাম ৰখা হৈছিল দেৱব্ৰত যাৰ অৰ্থ হৈছে নিজকে ভগৱানৰ ওচৰত সমৰ্পণ কৰা লোক।

যিহেতু ভীষ্ম গঙ্গাৰ একমাত্ৰ জীৱিত পুত্ৰ, গতিকে তেওঁক বহুতো অভিধা দিয়া হৈছিল, যেনে — গঙ্গাপুত্ৰ, গঙ্গ, গঙ্গাসূত আৰু গঙ্গেয়। গঙ্গাদত্ত শব্দৰ অৰ্থ হৈছে গঙ্গাই দিয়া। ৰজা শান্তনুৰ পুত্ৰ হোৱা হেতুকে ভীষ্ম‌ই শান্তনৱ, শান্তনুপুত্ৰ, শান্তনুসূত আৰু শান্তনুজ নাম লাভ কৰিছে। তদুপৰি ভীষ্মক গৌৰাঙ্গ, স্বেতবীৰ, ভৰতবংশী, পিতামহ আদি নামেৰেও জনা যায়।
ভীষ্মৰ জন্ম আৰু কৈশোৰৰ কালছোৱা মূলতঃ মহাভাৰতৰ আদি পৰ্বত বৰ্ণনা কৰা হৈছে। ভীষ্ম কুৰু ৰজা শান্তনু আৰু তেওঁৰ প্ৰথম পত্নী গঙ্গা দেৱীৰ একমাত্ৰ জীৱিত সন্তান আছিল। ভীষ্ম দ্যুৰ মানৱ অৱতাৰ। দ্যু অষ্টবসুৰ এজন যাক প্ৰভাস নামেৰেও জনা যায়।

কিংবদন্তি মতে, শান্তনু আছিল প্ৰতীপ ৰজাৰ কনিষ্ঠতম পুত্ৰ তথা কুৰু ৰাজ্যৰ ৰজা। এদিনাখন তেওঁ চিকাৰলৈ ওলাই গৈছিল আৰু এনেতে গঙ্গা নদীৰ পাৰত এগৰাকী সুন্দৰী যুৱতীৰ লগত তেওঁৰ সাক্ষাৎ হয়। শান্তনু সেই যুৱতী গৰাকীৰ প্ৰেমত পৰে আৰু বিবাহৰ বাবে তেওঁৰ পাণি গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। যুৱতী গৰাকীয়েও শান্তনুৰ প্ৰস্তাৱত মান্তি হয় কিন্তু এটা চৰ্ততহে যে তেওঁ যিয়েই নকৰক কিয় তেওঁৰ কাৰু-কাৰ্যৰ ওপৰত শান্তনুৱে কোনো দিনে কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব আৰু যদিহে কেতিয়াবালৈ এই চৰ্তৰ উলংঘন হয়, তেতিয়াই তেওঁ ৰজাক পৰিত্যাগ কৰিব। শান্তনুৱে যুৱতী গৰাকীৰ চৰ্ত মানি লয় আৰু তেওঁৰ লগত এটি সুন্দৰ বৈবাহিক জীৱন কটাবলৈ লয়। তেওঁলোকৰ প্ৰথমটি সন্তানৰ জন্ম হোৱাৰ লগে লগেই শান্তনুৰ পত্নীয়ে তাক গঙ্গা নদীত পেলাই দিলে। এনেদৰে এটা এটাকৈ মুঠ সাতটা নৱজাত শিশুক তেওঁ গঙ্গা নদীত পেলাই দিয়ে। শান্তনুৱেও পত্নীয়ে দিয়া চৰ্ত উলংঘন নকৰাকৈ মনে মনে থাকিবলৈ বাধ্য হয়। কিন্তু অষ্টম পুত্ৰৰ জন্মৰ পিছত তাকো তেওঁ নদীত পেলাবলৈ ধৰোঁতে শান্তনুৱে ধৈৰ্য্যৰ সীমা হেৰুৱাই তেওঁক বাধা দিয়ে আৰু তেওঁলোকৰ অষ্টম পুত্ৰক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰে। শান্তনুৰ কথা শুনি তেওঁ শান্তনুক নিজৰ প্ৰতিজ্ঞাৰ কথা সোঁৱৰাই দিলে আৰু তেওঁৰ পৰা বিদায় ল'লে। বিদায় লোৱাৰ আগতে তেওঁ ৰজাক তেওঁলোকৰ সাতটি সন্তান বধ কৰাৰ কাৰণ এইদৰে বিৱৰি  ক'লে যে,---
এসময়ত সৰগৰ অষ্টবসুৱে তেওঁলোকৰ ভাৰ্যাসহিতে প্ৰমোদ ভ্ৰমণৰ বাবে এখন বনলৈ গৈছিল। দৈৱক্ৰমে সেই বনখনতে বশিষ্ঠ মুনিৰ আশ্ৰমো (বশিষ্ঠাশ্ৰম) আছিল। এনেতে বশিষ্ঠাশ্ৰমত চৰি ফুৰা নন্দিনী (সুৰভিৰ জিয়ৰী) নামৰ গাইজনীৰ সৌন্দৰ্য দেখি দ্যুৰ (অষ্টবসুৰ এজন) পত্নী বিমোহিতা হয় আৰু নন্দিনীক নিজৰ লগত লৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেওঁৰ ইচ্ছা পূৰণ কৰাৰ খাতিৰত দ্যুৱে বাকী সাতজন বসুৰ সহায়ত নন্দিনীক চুৰ কৰিবলৈ চেষ্টা চলায়। এই সকলোবোৰ কথা গম পাই বশিষ্ঠ মুনি ক্ৰোধান্বিত হৈ বসুসকলক অভিশাপ দিলে যে তেওঁলোকে পৃথিৱীত মনুষ্যজন্ম ল'ব লাগিব। অৱশেষত ভুল স্বীকাৰ কৰি অষ্টবসুৱে মুনিজনাৰ ওচৰত বহুতো কাকূতি-মিনতি কৰাত মুনিয়ে সাতজন বসুৰ অভিশাপ চুটি কৰিলে, অৰ্থাৎ জন্মৰ লগে লগেই তেওঁলোকে মুক্তি লাভ কৰিব পাৰিব। আনহাতে দ্যুৱে দীৰ্ঘকাল মনুষ্যজীৱন কটাব লাগিব যিহেতু দ্যুৱেই এই চুৰিকাৰ্যৰ প্ৰধান নায়ক আছিল। এই দ্যুৱেই অৱশেষত ভীষ্মৰ ৰূপত মানৱ হৈ জন্ম গ্ৰহণ কৰিলে। বাকী সাতজন বসুক জন্ম লাভ কৰাৰ পাছতেই গঙ্গা দেৱীয়ে নৈত পেলায় দিয়ে আৰু মুনিয়ে কোৱাৰ দৰেই সিহঁতে জন্মৰ লগে লগেই শাপমুক্ত হয়।শান্তনুৰ সেই পত্নী গৰাকীয়েই আছিল গঙ্গা দেৱী। অৱশেষত তেওঁলোকৰ অষ্টম পুত্ৰক লগত লৈ গঙ্গা দেৱীয়ে শান্তনুক পৰিত্যাগ কৰে আৰু ৰজাক তেওঁৰ উত্তৰাধিকাৰী দেৱব্ৰতক উপযুক্ত সময়ত ওভোতাই দিয়াৰ কথা দিয়ে।
গঙ্গা দেৱীয়ে তেওঁৰ পুত্ৰৰ নাম ৰাখিছিল দেৱব্ৰত। গঙ্গা দেৱীয়ে দেৱব্ৰতক বিভিন্ন ঠাইলৈ লৈ গৈছিল য'ত সি ডাঙৰ-দীঘল হোৱাৰ উপৰিও প্ৰসিদ্ধ ঋষি-মুনিৰ পৰা শিক্ষা-দীক্ষা গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল।

দেৱব্ৰতক ৰজাৰ কৰ্তব্য (দণ্ডনীতি) বা ৰাজনীতি আৰু অন্যান্য শাস্ত্ৰৰ জ্ঞান দিছিল বৃহস্পতি আৰু শুক্ৰাচাৰ্যই।

বেদ আৰু বেদাঙ্গৰ শিক্ষা দিছিল বশিষ্ঠ আৰু চ্যাৱন ঋষিদ্বয়ে।

ব্ৰহ্মাৰ জ্যেষ্ঠ পুত্ৰ সনতকুমাৰে মানসিক আৰু আধ্যাত্মিক বিজ্ঞান সম্পৰ্কে জ্ঞান দান কৰিছিল।

মৃকাণ্ডুৰ অমৰ পুত্ৰ মাৰ্কেণ্ডেয়ই যতিসকলৰ কৰ্তব্যসমূহ শিকাইছিল।

পৰশুৰামৰ পৰা লাভ কৰে যুদ্ধবিগ্ৰহৰ শিক্ষা।

দেৱৰাজ ইন্দ্ৰৰ পৰা লাভ কৰিছিল দিব্যাস্ত্ৰ।

বহু বছৰ পিছত, শান্তনু গঙ্গা নৈৰ পাৰত ফুৰি থাকোঁতে এদিন লক্ষ্য কৰিলে যে এজন সুশোভন বালকে হাতত ধনু লৈ ধাৰাষাৰে বাণবৰ্ষণ কৰি গঙ্গা নৈৰ সোঁতত ভেটা বান্ধিছে। এবাৰ নৈৰ গতি স্তব্ধ কৰি দিয়ে আৰু পিছ মূৰ্হুততে আকৌ খুলি দিয়ে। এনেতে শান্তনুৰ সন্মুখত গঙ্গা দেৱী আৱিৰ্ভূত হয় আৰু কয় যে এইজনেই তেওঁলোকৰ অষ্টম সন্তান দেৱব্ৰত। তেওঁৰ প্ৰতিশ্ৰুতি অনুসৰি গঙ্গা দেৱীয়ে শান্তনুক তেওঁৰ উত্তৰাধিকাৰীজন গটাই দিয়ে।
আজীৱন ব্ৰক্ষ্মচাৰী ব্ৰত পালন কৰি সতীয়া মাতৃৰ পুত্ৰ সকলৰ ৰাজকাৰ্যত সহযোগীতা প্ৰদান কৰা ভীষ্মই সকলো সময়ত দেশক  শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰাৰ কৰ্ত্তৱ্য পালন কৰিছিল ৷ সতীয়া মাতৃৰ সতি সন্ততিৰ নামত ধৃতৰাষ্টৰ পক্ষৰ পৰা এশ কৌৰৱ আৰু পাণ্ডুৰ পক্ষৰ পাঁচ পাণ্ডৱৰ জন্ম হৈছিল ৷ কৌৰৱৰ মামাক শকুনিৰ চক্ৰান্তত আয়োজিত পাশা খেলত কৌৰৱৰ হাতত পাণ্ডৱ সকলে ৰাজ্য হেৰুওৱাবলগীয়া হৈছিল ৷ শেষত ৰাজ্যৰ বাবে এক বিশাল যুদ্ধত পৰিণত হৈছিল ৷ সেই সময়ত কৌৰৱৰ পক্ষ হৈ ভীষ্মই যুদ্ধত অৱৰ্তীৰ্ণ হৈছিল ৷ যুদ্ধত মহা পৰাক্ৰমী ভীষ্মই মুখ্য সেনাধক্ষ্যৰ পদত অধিষ্ঠিত হোৱাৰ লগে লগে পাণ্ডৱৰ পক্ষই তেখেতৰ লগত সন্মূখ সমৰত তিষ্ঠি থাকিৱলৈকে টান হৈছিল ৷ ভীষ্মৰ দৰে যোদ্ধাক প্ৰতিহত কৰিৱলৈ পাণ্ডৱৰ পক্ষ্যে সাধ্যকৰ হোৱা নাছিল ৷ কৃষ্ণই বাৰে বাৰে অৰ্জুনক ভীষ্মক বধ কৰিৱলৈ পৰামৰ্শ দিছিল যদিও অৰ্জুন বাৰে বাৰে বিচলিত হৈ ভীষ্মৰ মহাতীক্ষ্ণ বাণত ধৰাশায়ী হোৱাৰ উপক্ৰম হৈছিল ৷ সেই সময়ত দ্ৰুপদ ৰজা পুত্ৰ ক্লীৱৰূপী শিখণ্ডীক ভীষ্মৰ সন্মূখত ভেটা দিৱলৈ যত্ন কৰাতহে পৰিস্থিতিৰ কিছু শাম কাটিৱলৈ ধৰে ৷
শিখণ্ডী হৈছে হিন্দু মহাকাব্য মহাভাৰতৰ এক উভয়লিঙ্গী চৰিত্ৰ। তেওঁ শিখন্দিনী নামৰ মহিলা হিচাপে পাঞ্চালৰ ৰজা দ্ৰুপদৰ ঘৰত জন্ম গ্ৰহণ কৰে, অৱশ্যে পিছলৈ তেওঁ পুৰুষলৈ ৰূপান্তৰিত হয়। তেওঁ দ্ৰৌপদীৰ ভাতৃ।
শিখণ্ডী হৈছে অম্বাৰ পুনৰ্জন্ম। শিখণ্ডীয়ে কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱসকলৰ বাবে যুঁজ দিছিল আৰু ভীষ্মৰ মৃত্যুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জাভানীজ ৱায়াং পৰম্পৰাত শিখণ্ডীক শ্ৰীকান্দি বুলি জনা যায় আৰু সেই অনুসৰি তেওঁ প্ৰথমে পুৰুষ হিচাপে জন্ম হয়, অৱশ্যে তেওঁ মহিলালৈ পৰিৱৰ্তন হয়।

পূৰ্বজন্মত শিখণ্ডী আছিল কাশীৰাজৰ ডাঙৰ জীয়ৰী অম্বা। হস্তিনাপুৰৰ ৰজা বিচিত্ৰবীৰ্যৰ সৈতে বিবাহৰ হেতু ভীষ্মই তেওঁক তেওঁৰ দুই ভগ্নী সহ স্বয়ংবৰ সভাৰ পৰা জয় লাভেৰে লৈ যায়। কিন্তু তেওঁ সুবলৰ ৰজা শাল্বৰে সৈতে প্ৰেমত আবদ্ধ থকা বাবে বিচিত্ৰবীৰ্যয় তেওঁক বিবাহৰ বাবে প্ৰত্যাখ্যান কৰে। শাল্বয়ো পৰাজয়ৰ গ্লানি লৈ তেওঁক পুনৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। অম্বাই তেওঁৰ এই দুৰ্দশাৰ বাবে ভীষ্মক দায়ী কৰে আৰু ভীষ্মৰ মৃত্যু কামনাৰে প্ৰতিজ্ঞাবদ্ধ হৈ সাধনা কৰি শিৱৰ বৰ লাভ কৰে আৰু পৰৱৰ্তী জন্ম শিখণ্ডী নামে দ্ৰুপদ ৰজাৰ কন্যা হিচাপে হয়।

মহাভাৰতৰ প্ৰাৰম্ভিক সংস্কৰণত, এগৰাকী মহিলা ৰূপত শিখণ্ডী হৈছে অম্বাৰ পুনৰ্জন্ম। পাঞ্চাল ৰাজ্যত লিংগ বৈষম্যৰ অনুশীলন নহৈছিল, সেয়ে শিখণ্ডীক এগৰাকী যোদ্ধা হ'বলৈ আৰু কুৰুক্ষেত্ৰ যুদ্ধত যুঁজিবলৈ প্ৰশিক্ষণ দিয়া হয়। এই কাহিনীৰ বেছিভাগ সংস্কৰণতে উল্লেখ থকা অনুসৰি, শিখণ্ডী এগৰাকী পুৰুষ যদিও জন্মগত ভাৱে তেওঁ এগৰাকী মহিলা আছিল। পিছলৈ শিখন্দিনীয়ে তেওঁৰ লিংগ সলনি কৰি শিখণ্ডী হৈ পৰে, সেই ৰূপত তেওঁ এগৰাকী নপুংসক।
চি. ৰাজাগোপালাচাৰীৰ মহাভাৰতৰ মতে, শিখন্দিনীয়ে যুৱতী হিচাপে জীৱন ব্যতিত কৰি থকাৰ সময়ত তেওঁ প্ৰাসাদৰ দ্বাৰত সদায় ফুলি থকা নীলা পদুমৰ মালা আৱিষ্কাৰ কৰে আৰু তেওঁ সেই মালা ডিঙিত পৰিধান কৰে। ইয়াকে দেখি দ্ৰুপদ ৰজাই ভীষ্মৰ শত্ৰু হোৱাৰ ভয় অনুমান কৰি শিখন্দিনীক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰে। নিৰ্বাসিতা শিখন্দিনীয়ে অৰণ্যত কৃচ্ছ্ৰসাধনা কৰে আৰু শিখণ্ডী নামৰ পুৰুষলৈ ৰূপান্তৰিত হয়। 
কুৰুক্ষেত্ৰৰ যুদ্ধত শিখণ্ডী পুৰুষ যোদ্ধা হিচাপে পাণ্ডৱ পক্ষৰ হৈ অংশগ্ৰহণ কৰে। ভীষ্মৰ সৈতে যুদ্ধৰ সময়ত ভীষ্মই তেওঁক চিনিপায় নিজ প্ৰতিজ্ঞাৰ হেতু অস্ত্ৰ পৰিত্যাগ কৰে। এই সুযোগতে অৰ্জ্জুনৰ দ্বাৰা তেওঁ শৰাক্ৰান্ত হৈ শৰশয্যাত শুই পৰে আৰু পৰৱৰ্তী সময়ত মৃত্যুবৰণ কৰে। যুদ্ধৰ অষ্টাদশ দিনা অশ্বত্থামাৰ সৈতে যুদ্ধত পৰাজিত হৈ শিখণ্ডীয়ে মৃত‌্যুবৰণ কৰে।

অৱশেষত যুদ্ধৰ ১৮ তম দিনা অশ্বত্থামাই শিখণ্ডীক হত্যা কৰে। যুদ্ধৰ অন্তিম দিনা অশ্বত্থামা, কৃপাচাৰ্য আৰু ক্ৰিতাবাৰ্মাই পাণ্ডৱ শিবিৰ আক্ৰমণ কৰাৰ সময়ত অশ্বত্থামাৰ সৈতে তৰোৱাল যুঁজত শিখণ্ডী নিহত হয়।

কোনো কোনো স্থানত কোৱা হৈছে যে, শিখণ্ডীক কুৰুক্ষেত্ৰ যুদ্ধৰ দশম দিনটোত দেখা যায়, য'ত তেওঁ প্ৰতিজ্ঞা পূৰণ তথা ভীষ্মদেৱক নীৰস্ত্ৰ কৰিবলৈ যুদ্ধত পদাৰ্পণ কৰে, তেওঁ যুদ্ধক্ষেত্ৰত যে প্ৰৱেশ কৰিব এই কথা আগতেই গম পোৱাত শকুনিয়ে শিখণ্ডীক বাধা দিবলৈ মায়াস্ত্ৰ সাজু কৰে। শেষত অশ্বত্থামাৰ হাতত নীৰস্ত্ৰ হৈ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। শিখণ্ডীৰ মৃত্যু হোৱা বুলি তেওঁ শকুনি আৰু অশ্বত্থামাই এৰি  থৈ যায় ৷ শিখণ্ডীৰ পদাৰ্পন অৱিহনে ভীষ্মক পৰাস্ত কৰা আৰু পাণ্ডৱৰ জয়লাভৰ কোনো আশা নাছিল ৷ পাণ্ডৱ সেনাক যি দৰে ভীষ্মই এমূৰৰ পৰা মষিমূৰ কৰি তাণ্ডৱ কৰিছিল সেইয়া শাম কটোৱাৰ শিখণ্ডিৰ অৱিহনে সম্ভৱপৰ নাছিল ৷

(কিছু তথ্যৰ সহায় লৈ)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)