অভিমান সামৰি ••দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
কেতিয়াবা আশাবোৰ আধাতে মৰহি যায় 
সপোনবোৰ পাহি মেলিব লওতেই
টুকুৰা টুকুৰ হৈ নিমিষতে ভাঙি চুৰমাৰ হৈ যায়
পাৰ ভাঙি গুছি যায় হৃদয়ৰ সংযমতা
থাকি যায় মাথোঁ হতাশা নিৰাশা আৰু বিষাদ।
এদিন দুদিনকৈ দিনবোৰ বাগৰি যায় 
তেনেকৈয়ে সময়ো থমকি ৰয়
কুঁৱলীৰ ফাকেৰে জুমি চাও
নিয়ৰত ভিজা তোমাৰ মৰিশালিটো।
এনে লাগে যেন তুমি মোৰ
নিশাৰ নিঃস্তব্ধতা আঁতৰাই
হাঁহি বুলাবলৈ কাষলৈ আহিবা
উভতি নাহে বুলি জানিও
সেই দিনবোৰ বাৰে বাৰে অভিমান কৰোঁ
চিঞৰি চিঞৰি তোমাক
কাষলৈ মাতো দেউতা বুলি।
পুৱাৰ কুমলীয়া ৰ'দত
তুমি যেন উজ্বলি থাকা
নিশাৰ অমানিশাত তুমি যেন
আন্ধাৰত লীন হৈ যোৱা
আৰু মই অভিমানী হৃদয়ত
অভিমান সামৰি উচুপি থাকোঁ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)