তুমি আহিলে••শ্যামল বৰা

Rinku Rajowar
0
তুমি আহিলে এজাক বতাহ লৈ আহিবা
নৈপৰীয়া হেন্দোলনী তুলি
টঙীঘৰৰ জখলা বগাম... 
তুমি আহিলে এজাক ফাগুণ লৈ আহিবা
হেঁপাহৰ আখল ঘৰত
আপঙ চাকিম,
দুয়ো বহি একেলগে খাম... 
তুমি আহিলে এখন নৈ হৈ আহিবা
সোৱণশিৰি নতুবা জীয়াঢল, 
তাৰেই দুপাৰে শাৰদ ৰাতি
জোনাকৰ বৰষুণত তিতিম... 
তুমি আহিলে ৰঙা বহাগ হৈ আহিবা
মন গহনৰ নিজান বনত
নতুনৰ সুৰে সুৰে
জীৱনৰ জীয়া গান গাম...

✍️শ্যামল বৰা
 সাপেখাতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)