অচিন পথৰ শোকাকুল যাত্ৰী মই••লতা দেৱী পৌডেল

Rinku Rajowar
0
সপোন বোৰ কিয় বাৰু মৰহি যায়? 
হিয়া ভাগি কিয় চুৰমাৰ হৈ যায় ?
কিয় কলিবোৰ পূৰঠ নোহোৱাকৈয়ে চিঙি দিয়া হয়?? 
মৰমলগা মৰমৰ মানুহ কিয় হেৰাই যায়?
কিয় বাৰু সিক্ত আজি নয়ন ৰিক্ত হৃদয় ? 
উঠিছে থানথিত হৃদয়ত অজস্ৰ প্ৰশ্নৰ বান, 
কোনেনো শুনিব এই ভগ্ন হৃদয়ৰ গান?
কোনে বুজি পাব ইয়াৰ ভাষা?
স্নিগ্ধ হৃদয় আজি সিক্ত নয়ন!
এই নিজান ৰাতি উমি উমি জ্বলিছে দগ্ধ বুকু,
হিয়াত মাথোঁ আজি মৰহি যোৱা সপোনৰ কলৰোল,
জীয়াই থকাৰ হেঁপাহ নৌযাঁওতেই কিয় ক্ষুণ্ণ হয় জীৱন?
বিধাতাৰ নিৰ্মম প্ৰহাৰত ক্ষুব্ধ আজি মন;
তথাপিও আগুৱাই যাঁও জীৱনক প্ৰত্যাহ্বান জনাই,
নতুন সপোনৰ ,নৱপ্ৰভাতৰ আলোক জলাই, 
জীয়াই থকাৰ হেঁপাহ জগাই অচিন পথৰ শোকাকুল যাত্ৰী মই। 

📌লতা দেৱী পৌডেল 
    বিশ্বনাথ ,অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)