ভাস্কৰ্য তুমি••আয়নাল হক

@admin
0
তুমিতো নোহোৱা দুঃস্বপ্ন  !
মোৰ অনন্ত উশাহৰ দ্ৰুতি
কঠিন শিলত কটা
ভাস্কৰ্য তুমি ,
হয়তো অজন্তা ইলোৰাৰ
ইতিহাস প্ৰসিদ্ধ ।

জুলিয়ট তুমি
মজনুৰৰ লাইলা,
যাৰ বাবে লিখিব পাৰোঁ
অন্য এখন ডিভাইন কমেদি ।

হ'বা নেকি হাস্নাহানা
বেবিলন বাগৰ ?
নে ফুলি ৰ'বা খৰিকাজাই হৈ
মোৰ হৃদয় কাননৰ ?

তুমি এটি সুৰ
মোৰ জীৱন বীণাৰ ,
যাৰ ঝঙ্কাৰত সৃষ্টি হয়
ন ন সপোন--
অসীম হেঁপাহৰ...।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)