জ্ঞান শলিতা জ্বলোৱা মহান শিক্ষা গুৰুসৱ লৈ••নিপু কুমাৰ দাস

Rinku Rajowar
0
( শিক্ষক দিৱস উপলক্ষেঃ
   মহান  শিক্ষা গুৰুৰ নামত উৎসৰ্গ )                

বিশ্বৰ বুকুত জ্ঞানৰ শ্ৰমেৰেই
শিক্ষকতা কৰা 
সকলো মহান শিক্ষকক লৈ
কৰযোৰে সশ্ৰদ্ধাই 
হৃদয়ৰ পৰা কৰিছোঁ প্ৰণাম

যাৰ ত্যাগ অনন্য অতুলনীয় 
যি ত্যাগৰ ত্যাগ অমূল্য 
কোনোয়েও নোৱাৰে 
আজীৱন পৰিশোধ কৰিব 
শিক্ষকৰ এই ঋণ-------

বুকুত এসাগৰ যন্ত্ৰণাৰ তিক্ততা লৈ
নিজৰ সুখ-দুখ পাঁহৰি থৈ
দুৰ্গমৰ পৰা দুৰ্গম লৈ
যাত্ৰায়েই যাৰ শিক্ষকতা 
সমাজ সচেতন যেন ব্যক্তি গঢ়া 

শিক্ষক শিক্ষা শিক্ষকতাই যেন
যাৰ আজন্ম পৰিচয় 
সেই সকল ব্যক্তিৰ 
কিমান যে মহান মহানতা 
জীয়া জীৱনৰ ত্যাগ-----

নিজে এডাল মমশিখাৰ দৰেই
নীৰৱে জ্বলি জ্বলি 
জ্ঞান বৃত্তৰ পৰিধি ভাঙি 
জ্ঞানপিপাসু হৈ জ্বলাই  
আনৰ জীৱনত জ্ঞানৰ শলিতা

হে জ্ঞান পূজাৰী ভগৱান সাদৃশ্য 
পিতৃ-মাতৃৰ যেন সমতুল্য 
মহান শিক্ষা গুৰুসৱ 
কি স'তে পাঁহৰো আপোনাসৱক 
এই শুভ দিনৰ শুভ ক্ষণত -------

আজিও যেন এই অভাগাই
নতশিৰে সশ্ৰদ্ধাই কৰিছোঁ প্ৰণাম 
হৃদয়ৰ অন্তকৰণৰ পৰা 
য'তে নাথাকিলেও আপোনাসৱেই 
প্ৰভুৰ কৃপাত কুশলে থাকক-----

আপোনাসৱৰ জ্ঞানৰ শ্ৰমৰ দানেই
জীৱন কৰিলে মঁহীয়ান
কিনো দিলোঁ কিনো দিম 
দিয়াওতো নাই এটি ফুটাকড়ি
দূৰৈৰ পৰাই জনাইছোঁ শ্ৰদ্ধা-ভক্তি 

জীৱন শলিতা জ্বলোৱা এই
মহান শিক্ষা গুৰুসৱ লৈ
হৃদয়ৰ পৰা কৰিছোঁ প্ৰণিপাত 
শিক্ষকতাই আপোনাসৱৰ জীৱন 
জীৱনেই শিক্ষকতা মাথোন ------ !

                  
📌নিপু কুমাৰ দাস     
কাজিপাৰা,নলবাৰী 
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)