মোৰ ভালপোৱা- যদুমণি গগৈ

©Admin
0
কাব্যিক ৰূপক 
দীপক হৈ বীজ গজে
মোৰ বক্ষ-স্থলত

ভালপাওঁ বাবেই চাগে
শব্দ বৃক্ষৰ ডাল ধৰি
শিপা পোখা গজালি 
মেলা লৈ বাট চাওঁ 

অনুৰিত শব্দই
নৈ পাৰতো আমনি কৰে
নৌকা বিহীন ঘাটত
সিপাৰ হোৱাৰ বাট দেখুৱাই

ভালপাওঁ বাবেই চাগে
য'লৈকে যাওঁ- - -
বেসুৰা শব্দ বোৰে
  মালা গাঁথে অকবিতা হ'লেও------

ভাল পাওঁ বাবেই চাগে- --
বৰ্ণিল ৰামধেনু নেদেখা
অজলা-অঁকৰা হৃদয় কাপেদি
মনে মনে প্ৰেমৰ ফাল্গুধাৰা
বৈ যায় - - - - !!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)