আত্মহত্যা ••দিপশিখা ৰাজকোঁৱৰ

@admin
0
হৃদয়ত যেতিয়া অধিক বিষাদ থুপ খাই তেতিয়া মনৰ সকলো আশা নিমিষতে হেৰাই যায়। জীয়াই থকাৰ ক্ষীণতম আশাকণো নোহোৱা হয়।হিয়াৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল।এটা সময় আছিল যিটো সময়ত তাই মুক্ত হৈ নিজৰ মতে জীয়াই থাকিব পাৰিছিল। সৰুতে মাক দেউতাকক হেৰুওৱা হিয়াক প্ৰবীণ চৌধুৰী আৰু মিনতি চৌধুৰীয়ে তুলি লৈছিল। যেতিয়ালৈকে তেওঁলোকৰ সন্তান নাছিল তেতিয়ালৈকে তাই মৰমৰ অভাৱ অনুভৱ কৰা নাছিল। কিন্তু যেতিয়া তেওঁলোকৰ সন্তান জন্ম হ'ল তাই যেন তেওঁলোকৰ বাবে হৈ পৰিল অপ্ৰয়োজনীয়। তেওঁলোকে তাইক মৰম নকৰা হ'ল। প্ৰতিটো কথাতে তাইক তুলনীয়া বুলি ক'বলৈ ধৰিলে।
তাইও জানিছিল যে তাই তেওঁলোকৰ নিজৰ সন্তান নহয়। তথাপিও তাই তেওঁলোকক নিজৰ মাক দেউতাক বুলিয়েই ভাবিছিল।তাইৰ বয়স এতিয়া ১৯ বছৰ হ'ল। সকলো বুজি পোৱা হ'ল। তুলনীয়া জী বুলি কৰা ব্যৱহাৰে তাইক বহুত কষ্ট দিয়ে। এনেকুৱা এটা দিন নাই যিটো দিনত তাই দুচকুৰে চকুলো টুকা নাই।ভিতৰি ভিতৰি তাই বহুত দুৰ্বল পৰিল। কণমানি বয়সত তাই অকণমান মৰমৰ বাবে হাহাকাৰ কৰিছে।ভায়েক ভনীয়েক হতেও তাইক মৰম নকৰে।সকলোৰে মৰমৰ পৰা বঞ্চিত হৈ তাই অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে।তাই উচুপি উঠিল।
:::::::: মোক কিয় তুলি লৈছিলা তোমালোকে।তোমালোকক কোনোদিনে মই বেলেগৰ বুলি ভবা নাই।
:::::::: তোৰ মুখখন বেছি চলিছে।ডাঙৰক কেনেকৈ কথা ক'ব লাগে নাজান। তেতিয়া তোক তুলি আনিছিলো আমাৰ প্ৰয়োজন হৈছিল বুলি। কিন্তু তই এতিয়া আমাৰ বাবে বোজা হৈ পৰিছ।
::::::: ঠিক আছে। তোমালোকৰ বোজা হৈ মই কেতিয়াও নাথাকো।
                যেতিয়া তাই গম পালে তাই তেওঁলোকৰ বাবে বোজা হৈ পৰিছে তেতিয়াৰ পৰা তাই মানসিক ভাৱে ভাগি পৰিল আৰু এটা সময়ত তাই মানসিক ৰোগী হৈ পৰিল। তাইৰ আচৰণবোৰো বেলেগ ধৰণৰ হৈ পৰিল। সেইদিনা দুপৰীয়া সময়ত ঘৰত কোনো নাছিল সকলোৱে ফুৰিবলৈ গৈছিল।তাই একো নভবাকৈ আত্মহত্যা কৰিলে।ঘৰলৈ আহি তাইক তেনেকুৱা অৱস্থাত দেখি তেওঁলোকে হস্পিটেললৈ লৈ গ'ল।
ক্ষমা কৰিব চৌধুৰী।তাইক আমি বচাব নোৱাৰিলোঁ।আপোনালোকক আগতেই কৈছিলো মই যে তাই দুখ পোৱা কাম আপোনালোকে নকৰিব।তাইকো নিজৰ ছোৱালীৰ দৰে ৰাখিব।আপোনালোকেতো জানিছিলেই তাই এগৰাকী মানসিক ৰোগী হৈ পৰিছিল।তাৰ পিছতো আপোনালোকে.......
আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আমাৰ বাবেই তাই আত্মহত্যা কৰিলে।আমি নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম।যিজনি ছোৱালীক নিজৰ ছোৱালীৰ দৰে ঘৰলৈ আনিছিলো।তাইক তুলনীয়া বুলি কিমান কি কৰিলোঁ।তাই এদিনো মাত এষাৰ নামাতিলে।
 এতিয়া এইবোৰ ভাবি লাভ নাই।আগতেই ভাবিব লাগিছিল। তাইৰ মৃত্যুৰ কাৰণ
 আপোনালোক।
              তাই আত্মহত্যা কৰা পিছত তেওঁলোকে অনুশোচনা কৰিছে।যদি আগতেই তাইক নিজৰ ছোৱালীৰ দৰেই মৰম কৰিল হয় তাই কেতিয়াও আত্মহত্যা নকৰিল হয়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)