এটি অগ্নিৰ ফিৰিঙতি-মিন্টু গোৱলা

Rinku Rajowar
0
বহু শিল দেখিলোঁ,
বহু শিলৰ খুন্দা খোৱাৰ শব্দও শুনিলোঁ।

শিলে শিলে খুন্দা খাই জ্বলি উঠা সেই 
অগ্নিৰ ফিৰিঙতি ও দেখিলোঁ।
বালি যেন লগা সেই
 শিলবোৰত কিহৰ ?
সংমিশ্ৰণ আছে ।

যিয়ে খুন্দা খালেই,
সৃষ্টি হয়  এটি অগ্নিৰ ফিৰিঙতি
যত একেলগে হাজাৰ হাজাৰ জীৱন, সপোন, যৌৱন,আশা,ভৰসা শেষ হৈ পৰে ।

বহু ফিৰিঙতি দেখিলোঁ 
জীৱনৰ উত্থান পতনত

অগ্নিৰ দৰে উজ্বল হৈ  জ্বলি উঠা 
 সেই শিখা ডাল বহু দেখিলোঁ 
অগ্নিৰ শিখাই শিখাই ফিৰিঙতি 
হৈ জ্বলি উঠিব সকলো বালি 
বালি বোৰ যদি অগ্নি হয় , 
সেই বালিতে যদি এটি শিলৰ সৃষ্টি হয় ।

সেই শিলে এদিন যদি এটি অগ্নিৰ ফিৰিঙতি হৈ 
সমস্ত পৃথিৱী ধ্বংস কৰিব পাৰে ।

তেনেদৰেই সৰু এটি শিলেও খুন্দা খাই
এটি অগ্নিৰ ফিৰিঙতি হৈ
সমস্ত পৃথিৱীত  জুই হৈ  বিয়পি পৰিব ।

📌মিন্টু গোৱলা, লখিমপুৰ, কদম 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)