জীৱনৰ কিছু প্ৰশ্ন ••মানস কুমাৰ শইকীয়া

Rinku Rajowar
0
বিশ্বাস কি? তেওঁকহে শুধিবা
যি কাৰোবাক বহুত বিশ্বাস কৰি;
অবিশ্বাসৰ পাত্ৰ হৈছে। 
আশা কি? তেওঁকহে শুধিবা
যাক মিছা আশা দি;
নিৰাশাৰে হৃদয় ভৰোৱা হৈছে। 
ভালপোৱা কি? তেওঁহে জানে
যি কাৰোবাক সঁচা ভাল পাই;
মিছা ভালপোৱাৰ পাত্ৰ হৈছে। 
মৰম তেওঁকহে বিচাৰিবা
যি কাৰোবাক সঁচা মৰম দি;
নিজে মিছা মৰম পায়,
জীয়াই আছে কাৰোবাক
মৰমৰ নদীখন বোৱাম বুলি। 
সুখ কি? তেওঁহে জানে
যিয়ে দুখৰ ওপৰি দুখ পায়ো;
ৰৈ থাকে সুখৰ সমিধান বিচাৰি। 
জীৱনৰ প্ৰশ্ন তেওঁকহে কৰিবা?
যিয়ে বহুত ঘাত- প্ৰতিঘাত পায়ো;
পুনৰ নতুন ৰূপত গঢ়াৰ মানসেৰে
নিতৌ কষ্ট কৰি যায় অপৰিসীম। 
                  
✍️মানস কুমাৰ শইকীয়া
ৰঙামাটি চেউনী গাঁও, বাদুলিপাৰ 
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)