যন্ত্ৰৰ বেদনা-চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
১৷ আব্দুল মেকানিকে পুৰণা মেচিনটোত বহুৱাই যোৱা চাৰি চিলিণ্ডাৰৰ কিৰলোস্কাৰ ইঞ্জিনটোৱে গ্ৰীজ মবিলেৰে লেতেৰা পৰিৱেশটোত উকমুকনি অনুভব কৰিছিল ৷ বিক্রী নোহোৱালৈকে  সুন্দৰ বাকছত পেকিং কৰি শীততাপ নিয়ন্ত্ৰিত পৰিস্কাৰ ষ্টোৰ ৰুমত আদৰ সাদৰকৈ  ৰখা হয়৷ কিন্ত এবাৰ বিক্ৰীৰ পাছত সিহঁতক কোনেও আদৰ নকৰে । অসুখ বিসুখ হ’লেটো কথাই নাই।  তেতিয়া মতলবীৰ দুনিয়াৰ  কোনোবা লেতেৰা গেৰেজৰ এটা চুকত পৰিত্যক্ত হৈ পৰি ৰ'ব লগীয়া হয় । কেতিয়াবা আকৌ মুক্ত আকাশৰ তলত ৰ'দ-বৰষুণ খহি ধূলি মাকতি লাগি সেইদৰেই পৰি থাকিব লগীয়াও হয় । মুকলিত তেনেদৰে বহু দিনলৈ পৰি থকাৰ বাবে দেহত মামৰ নামৰ বেমাৰ বিধ লাগিলে সিহঁতৰ ফালে কোনেও ঘুৰিয়েই নাচায় ৷ নিজৰ কথাবোৰ ভবাৰ মাজতে কিৰলোস্কাৰ ইঞ্জিনটোৱে মনতে ভাবিছিল, বেচেৰা আব্দুল মেকানিকহতঁৰো একেই বেথা ৷ গাড়ীমটৰৰ মালিকবোৰে ইঞ্জিনৰ অসুখ হ'লে পৰিচৰ্যা কৰিবলৈ গাড়ী মটৰত উঠোৱাই লৈ যায় । চাহপানী খুৱাই খাতিৰ কৰে । কিন্ত যেই গাড়ী মটৰ ঠিক হৈ যায় তাৰ পাছত পাৰিশ্ৰমিক দিয়াৰ সময়ত কেৰজেৰ লগায় ৷ ইঞ্জিন ঠিক কৰাৰ পাছত ৰাস্তাই পথে লগ পালেও মালিকহঁতে আব্দুল মেকানিক হতঁক নিচিনা ভাও ধৰে ।স্বাৰ্থপৰৰ কাৰণে জীৱ আৰু যন্ত্ৰ সকলো একে ৷ নিজৰ কাৰ্যসিদ্ধিৰ লগতহে মতলব ৰাখি চলে ৷

2 )  মাটি কটা প'কলেইন       এক্সাভেটৰ মেচিনটোৰ ২৭৫ অশ্বশক্তিৰ কামিন্স ইন্জিনটোৱে অপাৰেটৰ ৰামজনম আৰু মালিক সতনাম আগৰৱালাৰ কথা কাণ উনাই শুনিব চেষ্টা কৰিছিল ৷
 কম্প্ৰেচন ৰিং বহি যোৱাৰ কাৰণে পুৰণি ইঞ্জিনটোৰ  বলশক্তি কমি গৈছে ৷ ৰামজনমে ইঞ্জিনটো মেৰামতি কৰি দিবলৈ  বাৰে বাৰে কানচোৱাই থকাৰ বাবে মালিক সতনামে তাক খেচখেচাই উঠিছিল৷ কাম কৰিব ইচ্ছা নাই বাবে কিমান নো অজুহাত দেখুৱাই থাক বুলি সতনামে তাক চুই কিলাবলৈহে বাকি আছিল ৷ তাকে দেখি কামিন্স ইন্জিনটোৱে মনতে ভাবিছিল,
কৃপনৰ কাৰণে  বৌদ্ধিক,  মানসিক আৰু শাৰীৰিক প্ৰয়োজনীয়তাৰ নামত ধন খৰচ কৰাটো অৰ্থহীন ৷ তেওঁলোকৰ কাৰণে জীৱনৰ একমাত্র উদ্দেশ্যটো হৈছে কেৱল ধন আৰ্জন কৰা ৷

৩ ৷  পুৱাৰে পৰা পি ডাব্লিউ ডি অফিছৰ চৌহদৰ এটা কোনত পৰি থকা আওপুৰণি ৰোড ৰোলাৰখনৰ এয়াৰকুল লিলেণ্ড ইন্জিনটোৰ মনটো উদাস হৈ আছিল ৷  
  প্ৰায় বিছ বছৰ ধৰি মাষ্টাৰোলত সততাৰে চাকৰি কৰি থকা তাৰ  চালক হৰেনে যোৱা ৰাতি কৰা কামটোৱে তাক আশ্বস্ত  কৰিছিল ৷              হৰেন এজন সৎ আৰু নিষ্ঠাবান কৰ্মী  বুলি সকলোৰেই বাবে পৰিচিত ৷ সেই হৰেনেই যে তেনে কাম কৰিব পাৰে সেইটোহে আচৰিত কথা ৷ 
পাছে পুৱা হৰেন আৰু পিয়ন গোলাপৰ কথা বতৰাৰ পৰা গম পোৱা গ'ল যে যোৱা তিনিমাহ ধৰি  মাষ্টাৰোলৰ কৰ্মচাৰী বোৰক হেনো চৰকাৰে বেতন দিয়াই নাই ৷ কালি সন্ধিয়া বোলে লৰা -ছোৱালী দুটাৰ পেটৰ জুই নুমুৱাবলৈহে হেনো হৰেণে তাৰ ফুৱেল টেংকৰ পৰা অলপমান ডিজেল চুৰ কৰি উলিয়াই নিছিল ৷হৰেণে গোলাপক ফুচফুচাই কোৱা কথাবোৰ শুনি ৰোডৰোলাৰ খনে মনতে ভাবিছিল  সকলোৱেই  পৰিস্থিতিৰ দাস ৷ কথাতেই কয় নহয় বোলে- হস্তীৰো পিছলে পাও সজ্জনৰো বুৰে নাওঁ ৷    


📌চুমিন্দ্ৰ চৌধুৰী, 
সাহিত্য অভিযন্তা, 
নয়ডা উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)