প্ৰকৃতিৰ বুকুলৈ নামি আহিছে শৰত••ৰশ্মি ৰেখা দুৱৰা

Unknown
0
শৰৎ তুমি আহিলা প্ৰকৃতিৰ বুকুলৈ
উৎকট গৰম সামৰি , 
বোকাময় আলিবোৰৰ অৱসান ঘটালা 
গো বাটেৰে পথাৰ গচকিলো , 
সেউজীয়া পথাৰে মিচিকি হাঁহি মাৰি
দূৰৈত হালি-জালি নাচি থকা কঁহুৱাক 
বতাহে আমন্ত্ৰণ জনাইছে।

শৰতৰ আকাশ-বতাহৰ খিকিন্দালিত 
প্ৰকৃতি জুৰুলি-জুপুৰি
আমোলমোল শেৱালিৰ গোন্ধত 
নিয়ৰসনা দুচকুৰ টোপালবোৰ
সৰি পৰি হাঁহি এটি ওলমি ৰয়।

প্ৰাণে প্ৰাণে শৰতে কুৰুকি কুৰুকি সোমাইছে
মেঘৰ প্ৰচণ্ড গৰ্জন সামৰি প্ৰকৃতিৰ একোণত
ন-জোনে সাজোন কাচোন কৰিছে
সিঁচি দিছে অজস্ৰ পোহৰ।

থুপি থুপি তৰাৰ শাৰীয়ে গুণগুণ কৰি
শৰতৰ আকাশত ৰং বিৰঙৰ ফুটুকা বাচিছে,
ফৰকাল মনেৰে ওপচাই তুলিবলৈ    
বাৰে বাৰে আহিবা শৰৎ
মুখমণ্ডলত আঁৰি থৈ যাবা এটি মৃদু হাঁহি।

✍️ৰশ্মি ৰেখা দুৱৰা
     ডিব্ৰুগড়               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)