ক্লান্ত অনুভূতি••শিল্পী গোস্বামী

Rinku Rajowar
0
উকা হৃদয় আৰু উজ্জ্বল দুচকুত 
তিৰবিৰাই থকা অজস্ৰ সপোন।
শান্তিৰ কামনা
জয়ৰ অভিলাষ
মৃত্যু মোৰ শেষ কামনা।।

ঠিকনাবিহীন সপোনৰ অচিনাকী পথ
ভাগৰুৱা সময়ত উন্মুক্ত মন,
মৃত্যু এক শিল্প বুলি কোনে কয়
যদি মৃত্যু সঁচাই শিল্প, মৃত ব্যক্তিগৰাকী শিল্পী কিয় নহয়?

হেৰাই যোৱাৰ ভয়ে
কেতিয়াবা প্ৰশ্ন কৰে-
"তুমি যদি সঁচাই হেৰাই যোৱা
শৰতৰ শেৱালি বুটলিব কোনে?
অশ্ৰুসিক্ত নয়নক অন্ধকাৰৰ আঁৰলৈ নিশাই মুগ্ধ হৈ চায়,
শিতানৰ গাৰুয়ে হেৰাই যাব নিদি মোক পুনৰ নিচুকায়।।

✍️শিল্পী গোস্বামী
লাহদৈগড়,যোৰহাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)