টকা••নিজৰা বৰ্মন ডেকা

Rinku Rajowar
0
টকা টকা টকা
টকা নহ'লে যে
নচলে সংসাৰৰ চকা ।
টকা থাকিলে সমাজত
পায় উচ্চ আসন
টকা নাথাকিলে পায়
লাজৰ আচ্ছাদন ।
পিছে কষ্ট অবিহনে
যদি ঘটিছা ধন
জানিবা সেই ধনৰ নাই সমাদৰ।
নিজৰ বায়ুসীৰ বলেৰে
ঘটিবা টকা
তেতিয়াহে সঁচা শান্তি লভিবা
তথাপিও পিছে টকা
সকলোৰে প্ৰয়োজন
টকা নহ'লে নহয় 
পেটৰ ক্ষুধা নিবাৰণ ।
যদিও টকাৰ প্ৰতি বাঢ়ে লালসা
অহংকাৰী হয় মনৰ দাপোন
পাহৰে জীৱনত আপোন পৰ ।
টকাই সকলো নহয় জানিবা নিশ্চয়
টকা থকা বুলি লভি আছা শান্তি
পিছে মানুহ বিনে সকলো দুখৰ সমষ্টি
যানিবা নিশ্চয় তুমি
মানুহেই সুখ দুখৰ লগৰী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)