চৰাঞ্চলৰ লোক সাহিত্য:- বিশেষকৈ ধুবুৰী জিলাৰ চৰাঞ্চলৰ লোক সাহিত্য"ৰ এক গৱেষণামূলক অধ্যয়ন••ইমৰুল কয়েচ

Rinku Rajowar
0
বাট চ'ৰাঃ                          
"চৰাঞ্চলৰ লোক সাহিত্য:-বিশেষকৈ ধুবুৰী জিলাৰ চৰাঞ্চলৰ লোক সাহিত্য"ৰ এই গৱেষণামূলক অধ্যয়নটোক প্ৰথমে সহজ ভাৱেই লৈছিলোঁ। ভাৱিছিলো যদিও মই চৰত বাস কৰা নাই কিন্তু আমাৰ ওচৰে পাজৰে বহু চৰ আছে আৰু চৰৰ বিষয়ে সৰুৰে পৰা অলপ হ'লেও ধাৰণা এটা আছে। ধুবুৰী জিলাৰ অন্তৰ্গত বিৰসিং,চলাকুৰা,ভাষানীৰ চৰ,আমিনেৰ চৰ,গুৰ গুৰিৰ চৰ আদি কৰি কেইবাটাও চৰত গৈছোঁ। সেয়ে ভাৱিছিলো ধুবুৰী জিলাৰ চৰাঞ্চলৰ লোক সাহিত্যৰ বিষয়ে লিখাটো সিমান কঠিন কাম নহয়।কিন্তু যেতিয়া লিখা আৰম্ভ কৰিলোঁ তেতিয়া হে বুজিব পাৰিলোঁ যিমান সহজ বুলি ভাৱিছিলো আচলতে সিমান সহজ নহয়।মই যিমান খিনি জানো লিখিবলৈ গ'লে দেখোন দুটা পৃষ্ঠাতেই সমাপ্ত ঘটিব।
        ধুবুৰী জিলাৰ চৰাঞ্চলৰ লোক সাহিত্যৰ ক্ষেত্রখন সৰু বুলি ভাৱিলেও প্ৰকৃতাৰ্থত ই যথেষ্ট বহল।ইয়াত চৰাঞ্চলৰ ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ,খেল-ধেমালি,বিবাহ আদি বিভিন্ন দিশ সামৰি লোৱা হৈছে। এই চৰাঞ্চলৰ লোকসাহিত্যৰ পিনে চালে দেখা যায় যে সাহিত্যটো ইমান উন্নত নহয়।তথাপিও এই সাহিত্যটোৰ অন্তৰ্গত ৰীতি-নীতি সমূহ বৰ ধুনীয়া। মোৰ এই লিখনিত ধুবুৰী জিলাৰ চৰাঞ্চলৰ লোকসাহিত্যৰ প্ৰায় সকলো বিষয়ৰ ওপৰত অলপ অলপকৈ ধাৰণাহে দিয়া হৈছে। এই খিনিয়েই শেয় নহয়,ইয়াৰ গভীৰতা বহুত।এই লিখনি খন প্ৰস্তুত কৰোঁতে,বিভিন্নজন কবি,সাহিত্যিকৰ লিখনিৰ পৰাও ধাৰণা লোৱা  হৈছে আৰু কিছু নিজ অৱিজ্ঞতাৰ পৰাও লিখা হৈছে।


  কৃতজ্ঞতাঃ
                     
"চৰাঞ্চলৰ লোক সাহিত্য:-বিশেষকৈ ধুবুৰী জিলাৰ চৰাঞ্চলৰ লোক সাহিত্য"ৰ এই গৱেষণামূলক অধ্যয়নটোত মোক সহায় কৰা প্রত্যেকজন ব্যক্তিলৈ মোৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।বিশেষকৈ মোক দিহা পৰামৰ্শ আগবঢ়াই সহায় কৰা আমাৰ হামিদাবাদ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক শ্রদ্ধেয় জামাল উদ্দিন ছাৰ,সহকাৰী অধ্যাপক জহিৰুল ইছলাম আৰু মনোৱাৰ হুছেইন লস্কৰ ছাৰৰ ওচৰত মই চিৰ কৃতজ্ঞ। আৰু মোৰ এই লিখনিত সহায় সহযোগিতা আগবঢ়োৱা মোৰ শ্রদ্ধেয় পেহী ৰাশিদা খাতুনক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।শেষত সকলোলৈ শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

                               কৃতজ্ঞতাৰে-
                               ইমৰুল কয়েচ,
            স্নাতক ষষ্ঠ ষান্মাসিক (অসমীয়া বিভাগ)
                হামিদাবাদ মহাবিদ্যালয়,সাতশিয়া।


                   সূচীপত্র
                °°°°°°°°°°°°°
প্ৰথমঃ আৰম্ভণি
দ্বিতীয়ঃ লোক সাহিত্য
তৃতীয়ঃ চৰাঞ্চলৰ লোক সাহিত্য
চতুর্থঃ লোক সাহিত্যৰ বিভাগসমূহ 
পঞ্চমঃ লোক গীত
ষষ্ঠঃ ফকৰা যোজনা,পটন্তৰ 
সপ্তমঃসাধুকথা
অষ্টমঃসামৰণি
নৱমঃগ্রন্থপুঞ্জী


আৰম্ভণিঃ

            ধুবুৰী জিলাখন ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ নামনি প্ৰান্তত অৱস্থিত।অসমৰ ভিতৰত সবাতোকৈ বেছি চৰ থকা জিলাখনেই হ'ল ধুবুৰী জিলা। আনহাতে অসম-বাংলা সীমান্ত জিলা হিচাপেও ধুবুৰী জিলাখন জনাজাত।জিলাখনত থকা চৰৰ সংখ্যা মুঠ ৪৮০ খন। ১৯৮৩ চনত অবিভক্ত গোৱালপাৰা জিলাৰ বিভাজন ঘটাই ধুবুৰী জিলাখন সৃষ্টি কৰা হয়।ধুবুৰী জিলা অসমৰ মুছলমান সংখ্যাগৰিষ্ঠ জিলা সমূহৰ ভিতৰত অন্যতম। জিলাখনত বাস কৰা মুছলমান লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ।২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁও জিলাৰ পিছতেই ধুবুৰী জিলা অসমৰ দ্বিতীয় জনবহুল জিলা।

ধুবুৰী জিলাৰ চাৰি সীমাঃ 
 
উত্তৰে- কোকৰাঝাৰ।
দক্ষিণে- দঃ শালমাৰা আৰু বাংলাদেশ।
পূৱে- গোৱালপাৰা জিলা আৰু মেঘালয় ৰাজ্য।
পশ্চিমে- পশ্চিমবংগ ৰাজ্য।

ধুবুৰী জিলাখন মূলতঃ কৃষি আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু এই জিলাৰ লোকৰ জীৱিকাৰ প্ৰধান উৎস হৈছে ধান খেতি।ইয়াৰোপৰি ঘেঁহু,সৰিয়হ,মৰাপাট,কুঁহিয়াৰ খেতিও কৰা হয়।


লোক সাহিত্যঃ 
         লোক সাহিত্য বুলিলে আমাৰ মনলৈ আহে কবিতা,নাটক,গল্প,উপন্যাস আদি লিখিত গ্ৰন্থৰ বিষয়ে।যদিও এনে গ্ৰন্থ সৃষ্টিৰ বহুকালৰ পূৰ্বে অৰ্থাৎ লিপিৰ উদ্ভৱ হোৱাৰ বহুবছৰ আগৰে পৰাই জনসাধাৰণৰ মাজত এক প্রকাৰ সাহিত্য প্ৰচলিত হৈছিল আৰু সেয়াই হ'ল লোক সাহিত্য।
      কেতিয়াৰ পৰা অসমত লোক সাহিত্যৰ প্ৰচলন আৰম্ভ হৈছিল সেয়া কোনেও ক'ব নোৱাৰে। আদিম যুগৰ পৰাই লোক সাহিত্য নিৰক্ষৰ লোকৰ দ্বাৰা মুখে মুখে ৰচিত আৰু প্ৰচলিত হৈ আহিছে। বিশ্বৰ অইন দেশৰ লোক সাহিত্যৰ দৰে অসমীয়া লোক সাহিত্যও অতি প্ৰাচীন কালৰে পৰা নিৰক্ষৰ জনজাতিৰ মাজত ৰচিত আৰু প্ৰচলিত হৈ আহিছে । ভাব অনুভূতি আৰু ৰচনা প্ৰণালীৰ সৰলতাই লোক সাহিত্যৰ ঘাই বৈশিষ্ট্য। আধুনিক কাব্যৰ লগত সহজতা সৰলতা বৈশিষ্ট্যৰ বাবেই গীত সাহিত্যৰ অমিল দেখিবলৈ পোৱা যায়।
লোক সাহিত্য মানৱ জীৱনৰ সুখ দুখ,আশা আকাংক্ষাৰ,ঘৃণা ,প্ৰশংসা আদি বিভিন্ন অনুভূতি, হৃদয়ৰ প্ৰতি স্পন্দন,মনৰ চঞ্চলতা,দেহ ভংগীমাৰ প্ৰকাশ,কৰুণতা,প্ৰকৃতিৰ বিচিত্র ৰূপ,সামাজিক চিত্ৰ আদি প্ৰকাশ পাইছে। লোক সাহিত্য যুগ যুগ ধৰি অসমীয়া জনসাধাৰণৰ স্মৃতিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে।
বিভিন্ন পণ্ডিতে বিভিন্ন সময়ত লোক সাহিত্যৰ সংজ্ঞা দাঙি ধৰিছে-

 ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে- "জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈ আঁত নিচিগাকৈ চলি থকা জনশ্ৰুতিয়েই হ'ল লোক সাহিত্য"।

ড° নবীন চন্দ্র শৰ্মাৰ মতে- "লোক সাহিত্য হ'ল লোক জীৱনৰ সঞ্চিত জ্ঞান আৰু অভিজ্ঞতাৰ বহিঃপ্রকাশ"।

শশী শৰ্মাৰ মতে- "লোক সাহিত্য হ'ল লোক সমাজে ৰচনা কৰা সাহিত্য"।


চৰাঞ্চলৰ লোক সাহিত্যঃ
        অসমৰ লোক সাহিত্যৰ ভঁৰাল বাৰুকৈয়ে টনকিয়াল। অসমৰ লোক সমাজেই অসমৰ লোক সাহিত্যৰ সৃষ্টিকর্তা। অসমৰ বিভিন্ন জনগোষ্ঠীয়ে যিদৰে বলিষ্ঠ অসমীয়া জাতি গঢ়ি তুলিছে,ঠিক সেইদৰে অসমৰ ভাষা সাহিত্য তথা লোক সাহিত্যও আগবঢ়াই লৈ গৈছে। এনে ক্ষেত্রত চৰাঞ্চলৰ লোক সকলেও পিছ পৰি থকা নাই। বিভিন্ন আচাৰ-ব্যৱহাৰ,পৰম্পৰা,খেল-ধেমালিৰ লগতে বিভিন্ন ধৰণৰ গীত মাতৰ প্ৰচলনে এই চৰাঞ্চলৰ লোক সকলৰ এখন লোক সাহিত্যৰ কথা দাঙি দৰে।
ইয়াৰ ওপৰিও গল্প,সাধুকথা,মিঞা কবিতা ইত্যাদিৰে ভৰপূৰ হৈ আছে অসমৰ সাহিত্যত। উদাহৰণ স্বৰূপে ১৯৭৭ চনত প্ৰথম বাৰৰ বাবে ছপা হোৱা 'ৰহিম- ৰূপবানৰ সাধু'। এনে ধৰণৰ আৰু বহুবোৰ সাধু বৰ্তমান কিতাপ আকাৰত দেখিবলৈ পোৱা যায়।যিবোৰ এই চৰ-চাপৰিবাসীৰ মুখে মুখে প্ৰচলন হৈ আহিছিল। আনকি ইন্টাৰনেটত বিচাৰিলেও অনেক মিঞা কবিতাৰ উমান পাব পাৰি। সম্প্রতি মিঞা কবিতাই অসমৰ লগতে পশ্চিমবংগ তথা বাংলাদেশত বৰ জনপ্রিয় হৈ উঠিছিল।

লোক সাহিত্যৰ বিভাগসমূহঃ
      বিষয়বস্তু আৰু ৰচনা ৰীতিৰ ফালৰ পৰা চৰ অঞ্চলৰ লোক সাহিত্যক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি।
ক।  লোকগীত।
খ।   ফকৰা যোজনা আৰু সাথঁৰ পটন্তৰ।
গ।   সাধুকথা।

লোকগীতঃ লোকগীত সমূহ মৌখিক বা অলিখিত সাহিত্যৰ এক অন্যতম ভাগ। লোক সাহিত্যৰ ইতিহাসত লোকগীত সমূহে এক বিশেষ স্থান লাভ কৰি আহিছে। লোকগীত সমূহ হ'ল তাত্ত্বিক বা দাৰ্শনিক ভাৱ প্রধান গীত। এই গীতসমূহৰ ভিতৰত টোকাৰী,মৈষাল,দেহ বিচাৰ,জিকিৰ আৰু গোপী কৃষ্ণৰ গীতসমূহেই প্ৰধান যদিও আমাৰ ধুবুৰী জিলাৰ চৰ অঞ্চল সমূহত পল্লীগীত,ভাটিয়ালী গীত,বিয়া গীত,নাওখেলৰ গীত,ভাৱাইয়া গীত,লাঠিবাৰী খেলৰ গীত,মাগন গীত আদি প্ৰধান। ইয়াৰোপৰিও এই চৰ অঞ্চল সমূহত গোৱালপৰীয়া লোকগীত,কামৰূপী লোকগীত,জিকিৰ জাৰী আদিৰো প্ৰচলন আছে।সাহিত্যৰ দৃষ্টিভংগীৰে চালে লোকগীতবোৰ অধিক মূল্যৱান। লোকগীতবোৰক প্ৰধানকৈ তিনিটা শ্রেণীত ভগাব পাৰি-- 
১।  অনুষ্ঠানমূলক গীত।
২।  আখ্যানমূলক গীত।
৩।  বিবিধ বিষয়ক গীত।

১। অনুষ্ঠানমূলক গীতঃ যিবোৰ লোকগীত চৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছে আৰু সেই অনুষ্ঠান সমূহৰ উদযাপনৰ সময়ত গাঁৱৰ বাবে ৰচিত হৈছিল সেই অনুষ্ঠানমূলক লোকগীত বোলা হয়। 
যেনে-বিয়ানাম,বিহুগীত,নাওখেলৰ গীত,বেহুলা বা বেমাৰ উপসমৰ গীত আদি।

বিয়া নামঃ অসমীয়া বিবাহ অনুষ্ঠানৰ বিভিন্ন ক্রম বা অৱস্থাত আয়তীসকলে গোৱা গীতবোৰ অসমীয়া লোক সাহিত্যৰ মূল্যৱান সম্পদ। আমাৰ চৰ অঞ্চলত এই গীতবোৰ দৰা বা কইনাৰ ঘৰত কিছুমান মহিলাই হাত চাপৰি বজাই বজাই নৃত্য কৰি পৰিৱেশন কৰা দেখা যায়। এই গীতসমূহ গোৱাৰ সময়ত দৰা-কইনাক সন্মুখত ৰাখি গীতসমূহ গোৱা হয়। এই গীতসমূহ দুজন বা তিনিজন মহিলাই একেলগে থিয় হৈ সুৰ মিলাই পৰিৱেশন কৰে আৰু বাকী মহিলাবোৰে হাত চাপৰি বজাই নৃত্য কৰে। বিয়াৰ সময়ত বিয়া নাম গোৱাটো বহুত আগৰে পৰাই আমাৰ অসম তথা ধুবুৰী জিলাৰ চৰ অঞ্চলত চলি আহিছে। এই গীতসমূহ অকল মহিলা সকলেই পৰিৱেশন কৰা দেখা যায়,ইয়াত পুৰুষৰ কোনো ভূমিকা নাথাকে। পুৰুষ সকল অকল নৃত্য গীতবোৰ উপভোগ কৰাত ব্যস্ত থাকে।
চৰ অঞ্চলত বিয়াৰ আগদিনা তেলাই অনুষ্ঠান পতা হয়। এই অনুষ্ঠানত কইনাৰ গাত হালধি ঘঁহা হয়। তেলাই অনুষ্ঠানৰ দিনা দুপৰীয়া চৰৰ নাৰী সকলে দল বান্ধি ককালত কলহ লৈ নৈৰ ঘাটলৈ পানী আনিবলৈ যায়,সেই পানীৰে দৰা-কইনাক গা ধোঁৱাবৰ উদ্দেশ্যত। পানী কলহত ভৰোৱাৰ সময়ত তলত দিয়া গীতটি গোৱা দেখা যায়-
"চলো গো সখী
মনো গো সখী
জল ভৰিতে যাই
আমাৰ কলসী হেন
ভৰিয়ে দেওঁ গংগা মাও
আমি আতেৰ (হাতেৰ) বাজ দিবো লো
আমাৰ কলসী হেন ভৰিয়ে দেও"।

দৰা-কইনাক গা ধুৱাই দিয়াৰ আগত কেঁচা হালধি বটি গাত সনা হয়। হালধি বটাৰ সময়ত তলত দিয়া গীতটি গোৱা দেখা যায়-
"হোলোধি বাটেলো 
এতো সুন্দৰ আয়োলো
সেই হোলোধি ঝলকে ঝলকে
কইনাৰ মুখে জ্বলেলো
হোলোধি কুটুম জামুৰ জুমুৰ 
গিলা কুটুম পায়
যাই সনেলো নাতিন জামাই 
কেমুন দেহা যায়"।
দৰাই বিয়া কৰাবলৈ কইনাৰ ঘৰলৈ যাত্ৰা কৰাৰ সময়ত আয়তী সকলে তলৰ এই গীতটি পৰিৱেশন কৰা দেখা যায়-

"চান্দ গেলো বিয়ে কৰতে
কে কে যাইবো সাথে
সোনাৰ চান্দ আমাৰ
আসিও সকালে"।

চৰাঞ্চলৰ এই বিয়া গীতবোৰ প্ৰায় বিলুপ্তিৰ পথত। আমাৰ এই নতুন প্রজন্মৰ এই বিয়া গীতবোৰৰ প্ৰতি আজিকালি আকৰ্ষণেই নোহোৱা হ'ল। মই ভাবো এই গীতবোৰ সংগ্রহ কৰি লোক সাহিত্যৰ সম্পদ হিচাপে লিপিবদ্ধ কৰি ৰাখিব লাগিব ভৱিষ্যত প্রজন্মৰ বাবে।

বিহুগীতঃ বিহু অসমৰ জাতীয় উৎসৱ। বিহু উৎসৱ সমগ্র অসম তথা ধুবুৰী জিলাৰ চৰ অঞ্চলতো উলহ-মালহেৰে উদযাপন কৰা হয়। অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উৎযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। কৃষি উৎসৱ ঘাইকৈ তিনিটাঃ খেতিৰ আৰম্ভণিৰ বেলিকা,খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ শেষত।
অসমত পালন কৰা বিহু তিনি প্রকাৰ-
ক) বহা'গ বিহু বা ৰঙালী বিহু।
খ) কাতি বিহু বা কঙালী বিহু ।
গ) আৰু মাঘ বিহু বা ভোগালী বিহু।

ক)  বহা'গ বা ৰঙালী বিহুঃ বসন্তৰ আগমনত উদযাপন কৰা বহা'গ বা ৰঙালী বিহু অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনত যেতিয়া প্রকৃতি নতুন ৰূপেৰে জিলিকি উঠি,তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলৈ আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে,বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনে ধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্রোত সম্বন্ধ আছে।

খ)  কাতি বা কঙালী বিহুঃ আহিন আৰু কাতিৰ সংক্রান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত মানুহৰ আহু ধান শেষ হয়,শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুত ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়,ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতি পথাৰত চাকি জ্বলায়।

গ)  মাঘ বা ভোগালী বিহুঃ
খেতি চপোৱাৰ ঠিক পাছতে পুহ আৰু মাঘ মাহৰ দোমাহীত মাঘ বা ভোগালী বিহু পালন কৰা হয়। এই উৎসৱ লগে ভাগে খাই আনন্দ কৰাৰ উৎসৱ। পুহ-মাঘৰ সংক্রান্তিৰ দিনাৰ পৰা এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান,মাহ,তিল,মগু আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই ভাৱে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত চিৰা,নানা তৰহৰ পিঠা-পনা,লাডু,আখৈ আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকর্ষণ হ'ল মেজি জ্বলোৱা।

বিহু অনুষ্ঠানত গোৱা বিহুগীত-
১।  চ'তৰে শেষতে বহাগে পালেহি
      গছে বনে সলালে ঐ পাত
      আজি বিহু তলীত ঢোল পেঁপা বাজিলে ঐ
      নাচো নাচো লাগিছে গাত।।
২।  এ তুমি হ'লা শদিয়াৰ মই হ'লো ধুবুৰীৰ
      লগ হ'লো বিহুৰে ঐ তলীত।
      এ তোমাকে মৰমজান এৰিব নোৱাৰি ঐ
      তুমি মোৰ চকুৰে মণি।


বেহুলা বা বেমাৰ উপসমৰ গীতঃ পক্ষাঘাতগ্রস্ত ব্যক্তিৰ বেমাৰ উপসমৰ উদ্দেশ্যত এই গীতবোৰ পৰিৱেশন কৰা দেখা যায়। এই গীতবোৰ বেহুলা-লক্ষিন্দৰৰ কাহিনীৰ কিছু অংশকলৈ পৰিৱেশন কৰা হয়। গীত পৰিৱেশন কৰাৰ আগমূহৰ্তত গীতগোৱা ঠাইখন ভালদৰে পৰিষ্কাৰ কৰি লোৱা হয় আৰু চাৰিটা নতুন কলগছৰ পুলি পুতা হয়। এই কলগছবোৰ বিভিন্ন ফুল আৰু নানা ৰঙৰ কাগজেৰে সজাই লোৱা হয়। কলগছৰ পুলি বোৰত বেৰ সদৃশ ৰঙা বা গেৰুৱা ৰঙৰ কাপৰৰ ঘেৰ দিয়া হয়। এই গীতৰ অনুষ্ঠানত তিনি,পাঁচ বা সাতজনী যুৱতী ছোৱালীক লৈ নৃত্য পৰিৱেশন কৰা দেখা যায়। যুৱতী সকলে নৃত্য কৰাৰ আগমূৰ্হতত তেওঁলোকৰ প্রত্যেকৰে এটা এটা নাম দিয়া হয়। বেহুলা,পদ্ধা আদি বিভিন্ন নামেৰে নামকৰণ কৰা হয়। আৰু যি জনে গীত গায় তেওঁৰ মূৰত ৰঙা কাপোৰ বান্ধি লৈ গীত পৰিৱেশন কৰা দেখা যায়। যি ৰোগীৰ উদ্দেশ্যত গীত পৰিৱেশন কৰা হয় তেওঁক সেই ৰঙা বা গেৰুৱা কাপোৰেৰে ঘেৰ দিয়া কলপুলি চাৰিটাৰ মাজভাগত হুৱাই দিয়া হয় আৰু তেওঁৰ চাৰিও ফালে ঘূৰি ঘূৰি নৃত্য কৰা হয়।

বেহুলা গীতৰ আৰম্ভণিতে এই গীতটি গোৱা দেখা যায়-
"এই আসৰে এসো
মা জননী আমাৰ মা গো
অ তুমি দয়াৰ সাগৰ 
গুনো মনি"।
আৰু বিভিন্ন ধৰণৰ গীতৰ মাজেৰে পক্ষাঘাতগ্রস্ত ৰোগীৰ ৰোগ উপশমৰ চেষ্টা কৰা হয়। তলৰ এই গীতটিও বেহুলা গীতৰ অনুষ্ঠানত গোৱা দেখা যায়।
" কাল সাপ ঢুকেছে 
আমাৰ সোনাৰ বাসৰ ঘৰে
সাপে দংশন কৰে
বিষেৰ জ্বালায় গেলাম আমি মৰে
ও বেহুলা বাচাওঁ আমাৰে
ও বেহুলা বাচাওঁ আমাৰে"।

নাওখেলৰ গীতঃচৰ অঞ্চলত বাৰিষা কালত নাওখেলৰ অনুষ্ঠানটো পতা হয়। এই নাওখেলৰ অনুষ্ঠানত বহু দূৰ দূৰণিৰ পৰা বাইছালসকল আহি অংশ গ্রহণ কৰে। নাওখেলত ব্যৱহাৰ কৰা নাওবোৰ সাধাৰণ নাওতকৈ বহুত দীঘল হয়। এই নাওবোৰত ব'ঠা মাৰিবলৈ প্রায় ৩০-৩৫ জন বাইছালৰ প্রয়োজন হয়। নাৱৰ একেবাৰে আগফালে অথবা মাজ ভাগত এজন মানুহ থাকে আৰু তাক সৰ্দাৰ বুলি কোৱা হয়। এই  সৰ্দাৰ জনেই গীত গায় আৰু বাইছালবোৰে গীতৰ তালে তালে বোঠা মাৰে আৰু সৰ্দাৰৰ সুৰত সুৰ মিলাই সিহঁতেও গীত গায়।
নাওখেলৰ অনুষ্ঠানত ব্যৱহাৰ কৰা এটা গীত-
"বৈঠা মাৰো বৈঠা মাৰো ৰে
আৰে অ বাইছাল ভাইয়া ৰে
ছাৰিয়া বৈঠা মাৰিয়া যাও ৰে
অ তুমৰা 
ছাৰিয়া বৈঠা মাৰিয়া যাও ৰে"।

২। আখ্যানমূলক গীতঃ আখ্যানমূলক গীত সমূহৰ বিষয়বস্তু হৈছে কোনো একোটা কাহিনী বা কিছুমান কাল্পনিক আখ্যান। এই আখ্যানমূলক লোকগীতবোৰক ইংৰাজীত 'বেলাড' বোলে।এইবিধ গীততো অসমীয়া ভাষা চহকী। এই গীতবোৰ বীৰত্ব ব্যঞ্জক বা আদি ৰসাত্মক কাহিনী,দুঃসাহসিক ঘটনা আদিও বৰ্ণিত হয়। কিন্তু কৰুণ ৰসেই এনে গীতৰ প্ৰধান সুৰ।
আখ্যানমূলক গীত সমূহক প্রধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি-
ক) বুৰঞ্জীমূলক।
খ) কিম্বদন্তিতু বা জনশ্রুতিমূলক।
গ) কাল্পনিক।

ক) বুৰঞ্জীমূলকঃ বুৰঞ্জীমূলক গীত সমূহৰ ভিতৰত নাহৰৰ গীত,জয়মতী কুঁৱৰীৰ গীত,গৌৰীনাথ সিংহৰ গীত,বৰফুকন গীত,মনিৰাম দেৱানৰ গীত আদি উল্লেখযোগ্য। এই গীতবোৰৰ কিছুমান সম্পূর্ণ কিন্তু বেছিভাগেই অসম্পূর্ণ ৰূপত পোৱা যায়। ইয়াৰ ভিতৰত নাহৰৰ গীত প্রাচীনতম কাৰণ নাহৰ ডেকা খোৰা ৰজাৰ (১৫৫২ চনৰ পৰা ১৬০৩ চনলৈ) কুঁৱৰী এগৰাকীৰ তোলনীয়া ল'ৰা আছিল।মনিৰাম দেৱানৰ গীত অৰ্বাচীন। বৰফুকনৰ গীতৰ বাহিৰে বাকীবোৰ গীত সম্পূর্ণ হোৱা নাই। তথাপিও কৰুণ ৰসেৰে সিক্ত প্রতিটো গীততে ঐতিহাসিক ব্যক্তিজনাৰ প্ৰতি সহানুভূতি প্ৰকাশ পোৱা গৈছে। বুৰঞ্জীমূলক গীতবোৰ প্ৰায়েই কৰুণ ৰসাত্মক।

খ) কিম্বদন্তিতু বা জনশ্রুতিমূলকঃ ফুলকোঁৱৰৰ গীত,জীৱন নাগাভৰুৰ গীত,ময়নামতীৰ গীত,মণিকোঁৱৰৰ গীত,কমলা কুঁৱৰীৰ গীত আদি কিম্বদন্তি বা জনশ্রুতিমূলক গীতৰ অন্তভূর্ক্ত। এই গীতসমূহৰ মাজেদি মনোৰঞ্জনৰ কাহিনী একোটা বৰ্ণিত হৈছে। এই জনশ্রুতিমূলক গীতৰ ৰচনা কাল নিৰ্ণয় কৰা টান যদিও জনাগাভৰুৰ গীতেই বোধকৰোঁ প্ৰাচীন। শংকৰদেউ ৰজাৰ পুতেক ফুলকোঁৱৰে ঘোঁৰাৰে গৈ বৰবৰুৱাৰ জীয়েক কাঁচনমতীক বিয়া কৰায়। ষোল বছৰ বয়সত জলকুঁৱৰীয়ে মণিকোঁৱৰক হৰণ কৰি পানীৰ তললৈ নিয়ে। মণিকোঁৱৰৰ পুতেক ফুলকোঁৱৰে কাঠৰ ঘোঁৰাৰে মালিনীৰ ফুলনিলৈ যায় আৰু তাতে মালিনীৰ সহায়ত ৰজাৰ জীয়েক পঁচেতুলীক বিয়া কৰায়। দুটি ল'ৰা ওপজাৰ পাছত ফুলকোঁৱৰক বগা হাতীয়ে নি ৰজা পাতে। পঁচেতুলীক সাউদে নিয়ে। অৱশ্যে অৱশেষত আটাইৰে মিলন হয়। এই গীতসমূহ অসমৰ সংস্কৃতি আৰু আহোম ৰাজত্বৰ এটি আভাস পোৱা যায়।

গ) কাল্পনিকঃ এই গীতসমূহত কৰুণ ৰস প্ৰধান আৰু প্ৰোষিত ভৰ্তৃকা নায়িকাৰ প্ৰিয় বিৰহৰ বৰ্ণনা পোৱা যায়। এই গীতসমূহৰ ভিতৰত কন্যা বাৰমাহী,দুবলা শান্তিৰ গীত,মধুমতী গীত,শান্তি বাৰমাহী গীত,জয়ধন বণিয়াৰ গীত আদি।

বিবিধ বিষয়ক গীতঃবিবিধ বিষয়ক গীতবোৰৰ কিছুমান গীত বিভিন্ন কৰ্মক কেন্দ্র কৰি সৃষ্টি হৈছে বাবে সেইবোৰক কৰ্মবিষয়ক গীত বুলিও কোৱা হয়। শ্রম লাঘৱ আৰু কাম কৰোঁতে আনন্দ লাভৰ উদ্দেশ্যেত এই ধৰণৰ গীত গোৱা হয়।
ধুবুৰী জিলাৰ চৰ অঞ্চলৰ বিবিধ বিষয়ক গীতবোৰৰ ভিতৰত নিচুকনি গীত, ভাৱাইয়া গীত,ভাটিয়ালী গীত,মুৰ্শিদী গীত,মাগন গীত ইত্যাদি। ইয়াৰ ওপৰিও আমাৰ ধুবুৰী জিলাৰ চৰ অঞ্চলত গোৱালপৰীয়া  লোকগীত,কামৰূপী লোকগীত,জিকিৰ,জাৰী আদিৰ বহুল প্রচলন আছে।

নিচুকনি গীতঃ নিচুকনি গীত সাধাৰণতে মহিলা সকলে শিশুক টোপনি অনাৰ উদ্দেশ্যত পৰিৱেশন কৰা দেখা যায়। আমাৰ চৰ অঞ্চলৰ মহিলা সকলে শিশুক কোলাত লৈ বিভিন্ন অংগী-ভংগীৰে গীত গায়। চৰ অঞ্চলত প্রায়েই এই গীতটি শিশুক টোপনি অনাৰ উদ্দেশ্যত গোৱা দেখা যায়।

"আয় চাঁন বাৰায়া 
ভাত দিমু তাৰায়া 
বাইস্বা আইলে নাও দিমু
উন্না আইলে ঘোঁৰা দিমু
আংগো বাবুৰে টুকু দিয়া যা"।

ভাৱাইয়া গীতঃ ৰাতি গৰু বা ম'হৰ গাড়ী চলাই গৈ থাঁকোতে গাৰোৱানে গাড়ীৰ গতি,গাড়ীৰ চকাৰ শব্দৰ তালে তালে ভাৱাইয়া গীত গায়। দূৰ-দূৰণিলৈ গাড়ী চলাই গৈ থাঁকোতে নিজৰ প্ৰেমিকালৈ মনত পেলাই নাইবা বিৰহৰ ভাৱাবেগেৰে কাতৰ হৈ এই ধৰণৰ গীত গায়। আনহাতে গাড়ী চলাই গৈ থাঁকোতে গাৰোৱান জনৰ প্ৰেমাস্পন্দেও ভাৱাইয়া গীত গায়। এই ধৰণৰ গীতবোৰ মূৰত প্ৰেমমূলক। 
উদাহৰণ স্বৰূপে-
"অ' কি গাড়ীয়াল ভাই,
কত ৰব আমি
পন্থেৰ দিকে চাইয়াৰে।
যেদিন গাড়ীয়াল উজান যায়,
নাৰী মন মোৰ ঝুইৰা ৰয়ৰে"।

ভাটিয়ালী গীতঃ এই গীতবোৰ সাধাৰণত চুটি আৰু শব্দৰ প্ৰয়োগ গীতবোৰত বৰ কম। কিন্তু গীতবোৰৰ সুৰত ভাৱৰ প্রকাশ বৰ গভীৰ। ভাটিয়ালী গীতবোৰ নাৱৰীয়াসকলে যি দৰে নৈৰ মাজত নাও মেলি দি গায় তেনেদৰে বহুতে ঘৰুৱা কামবন কৰোঁতে নাইবা পথাৰত কাম কৰোঁতেও গায়। ইয়াৰোপৰি নাৰী মনৰ ভাৱৰ কথাৰে ৰচিত ভাটিয়ালী গীতসমূহ মহিলা বা গাভৰুৱেও ঘৰতে বহি অথবা কামবন কৰি কৰোঁতে গায়।
উদাহৰণ স্বৰূপে-
"আমাৰ বন্ধুৰ তালাসে,
আমি যামু কোন দেশে,
বন্ধু বিনে ৰ'ইতে পাৰিনা ঘৰে,
মনটা আমাৰ দিনে ৰাইতে কান্দে"।

মুৰ্শিদী গীতঃ সাধাৰণতে দল বান্ধি এই মুৰ্শিদী গীত পৰিৱেশন কৰা দেখা যায়। মুৰ্শিদী গীতৰ মূল বিষয়বস্তু হ'ল গীতৰ মাজেৰে ঈশ্বৰৰ মাহাত্ম্য প্রকাশ কৰা। প্রায় গীতত ঈশ্বৰৰ মহিমা,অলৌকিক শক্তি আদিৰ কথা প্রকাশ কৰা দেখা যায়। এই গীতসমূহ ৰাতিহে বেছি গোৱা দেখা যায়। গীতসমূহ গোৱাৰ আগ মুহূর্তত এটা চুলত আগৰবাতি আৰু মম জ্বলাই গীত গোৱা ঠাইত টুলটো ৰাখি গীত গোৱা দলটোৱে টুলৰ চাৰিওফালে ঘূৰণীয়া আকৃতি হৈ বহি গীত পৰিৱেশন কৰে। মম আৰু ধূপকাঠি জ্বলোৱা টুলটোক আসন বুলি কোৱা হয়। এই আসনৰ চাৰিওফালে সেৱা জনাই গীত আৰম্ভ কৰা হয়। এই গীতবোৰত বিভিন্ন বাদ্য-যন্ত্ৰ ব্যৱহাৰ কৰা দেখা যায়। উদাহৰণ স্বৰূপে- ডল,দোতাৰা,একতাৰা,হাৰমুনিয়াম,খুনজুৰি আদি প্ৰধান।
মুৰ্শিদী গীতৰ ভিতৰত এটা গীতৰ কিছু অংশ উদাহৰণ হিচাপে আগবঢ়োৱা হ'ল-
" এই দেহ মাটিতে খাবে
মাটিৰ এমন সাদ্য নাই
মুৰ্শিদেৰ আগুনে যে জন
পুইৰা হৈছে ছাই
ভবে মুৰ্শিদেৰ আগুনে যে জন
পুইৰা হৈছে ছাই"।

মাগন গীতঃ এই গীতবোৰ চৰ অঞ্চলত সাধাৰণতে শীতৰ সময়ত অৰ্থাৎ পুহ মাহৰ আৰম্ভণিতে গোৱা দেখা যায়। এই গীতসমূহ ১০ বা ১৫ জনীয়া যুৱকৰ দল এটাই লোকৰ ঘৰে ঘৰে গৈ গীতসমূহ পৰিৱেশন কৰে। এই গীতসমূহ গোৱাৰ মূল উদ্দেশ্য হ'ল চাউল,টকা আদি লোকৰ ঘৰৰ পৰা সংগ্রহ কৰি আনি ভোজ ভাতৰ আয়জন কৰা। এই ভোজ ভাতৰ আয়জনৰ বাবে যুৱকৰ দলটোৱে প্রায় সাত,আট দিন ধৰি লোকৰ ঘৰত চাউল,টকা সংগ্রহ কৰে। সাত,আট দিন পিছত পথাৰৰ মাজত ভোজ ভাতৰ আয়জন কৰে। যুৱকসকলে দল বান্ধি চাউল,টকা আদি সংগ্রহ কৰাৰ সময়ত পৰিৱেশন কৰা গীতসমূহৰ পৰা এটা গীতৰ কিছু অংশ উদাহৰণ হিচাপে দাঙি ধৰা হ'ল-
"হোচতীয়া ৰে হোচতীয়া
হোচতীৰ পিস্টে চোৰিয়া 
হোচতীৰ কাণ নলবল কৰে 
নবা বাগুন গাছে ধৰে
নবা বাগুন চিৰোল পাত
ৰাহালে খায় কৰকৰা ভাত
কৰকৰা ভাত খায়া ৰে
তেতুল তলা জায়া ৰে 
তেতুল তলা বাঘেৰ ভয়
বাঘ আৰ বাঘীন্নি কয় 
অৰে অৰে ৰাহাল ভাই 
তৰ পালে কয় গাই 
বাৰ আবাল তেৰো গাই 
তাৰি আমৰা দুদু গাই"।

ফকৰা যোজনা,পটন্তৰঃ ফকৰা যোজনাবোৰ হৈছে চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা যাক "দহৰ জ্ঞান একৰ বাণী"বোলা হয়।ফকৰা যোজনা,পটন্তৰ আদি মুখে মুখে চলি অহা বাবে এইবোৰক লোকোক্তিও বোলা হয়। সাধাৰণতে কম পৰিসৰৰ বাক্য বা বাক্যংশৰ দ্বাৰা বহু ভাৱ ব্যঞ্জন কৰা এই ফকৰা যোজনা আমাৰ চৰ অঞ্চলৰ গৌৰৱ। ইয়াৰ ভাষা সৰল,প্ৰতীকধৰ্মী আৰু ছন্দোবদ্ধ। দৈনন্দিন কথা-বতৰাত কথাৰ লাচতে,প্ৰায়েই এই ফকৰা যোজনাবোৰ আমাৰ চৰ অঞ্চলৰ মানুহে ব্যৱহাৰ কৰি আহিছে। ডাকৰ বচনবোৰত কৃষিজীৱী গঞা লোকজীৱনৰ নানা বৈষয়িক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়া আছে।
ফকৰা যোজনাৰ ভাণ্ডাৰটো যথেষ্ট ডাঙৰ। সৰল অথচ বুদ্ধিদীপ্ত এই প্রবাদবোৰ সাধাৰণ মানুহৰ জীৱনৰ প্ৰতি থকা গভীৰ আস্থা,দৃষ্টিভংগী আৰু বোধৰ গম্ভীৰ প্ৰকাশ। এইবোৰ জাতিৰ বিশ্বাস,জাতিসত্বা,সমাজ ব্যৱস্থা আৰু বুৰঞ্জীৰ উৎকৃষ্ট সমল। পুৰণি হ'লেও যথেষ্ট সংখ্যক ফকৰা যোজনাৰ প্রাসংগিকতা আজিও অটুত আছে। কথা কওঁতে বা লিখাৰ মাজত উপযুক্ত ফকৰা যোজনাৰ ব্যৱহাৰ কৰি লিখিব পাৰিলে বক্তাৰ ভাষাজ্ঞান উন্নত বুলি গণ্য কৰা হয়।

উদাহৰণ স্বৰূপে-
১। "নিজিৰ নাই পোলাবান,নাকেৰ ডোগায় মুইসেৰ বাথান"( নিজৰে কাম নাই উপায়ান্তৰে লোকৰ কাম কৰা সম্পর্কীয়)।
২। "ঝৰে বগ মৰে,ফকিৰেৰ কেৰামতি বাৰে"।(ধুমুহাত বগলী মৰে,ফকিৰে বোলে সেয়া তেওঁৰহে লীলা)
৩। "ঝি নষ্ট ঘাটে,পোল নষ্ট হাটে"।( ছোৱালী বেয়া হয় ঘাটত,ল'ৰা বেয়া হয় বজাৰত)
৪। " মাতেনা কইন্নাৰ মাতা নাৰে...সেই কইন্নাই পুৰুষ মাৰে"।( মূৰ দুপিয়াই নিমাতি কন্যাই পুৰুষক মাৰে)
৫। "অভাগীৰ দুইপুত,একডা ৰাইক্ষস একডা ভূত"।(অভাগীৰ দুই পুত্ৰ,এটা ৰাক্ষস আনটো ভূত)

সাধুকথাঃ সাধুকথা অসমীয়া সাহিত্যৰ এটা বিশিষ্ট বিভাগ। সাধুকথাবোৰ সাধাৰণতে এক অনিৰ্দিষ্ট ৰূপৰ এক লোক-কথা। কিন্তু এইবোৰত এটা সজ নীতিকথা থাকে আৰু সেয়ে হয়তো এইবোৰ লোক-কথাক অসমীয়াত সাধুকথা বোলা হয়। সাধুকথাবোৰৰ স্থিৰ ৰূপ এটা নাই,সাধু কওঁতাই নিজৰ অভীৰুচি আৰু সামৰ্থ অনুসাৰে তাক বনাই যায়।
অসম তথা ধুবুৰী জিলাৰ চৰ অঞ্চলৰ সাধুকথাৰ ভঁৰাল যথেষ্ট চহকী। কিছুমান লেখত ল'বলগীয়া সাধু অসমৰ সকলো অধিবাসীৰ মাজতে সমানে প্রচলিত। অসমৰ সাধুবোৰক থলুৱা,সংস্কৃতৰ কৰা অহা আৰু বিদেশী এই তিনিটা ভাগত ভগাব পাৰি। থলুৱা সাধুবোৰৰ কাহিনী অসম অঞ্চলৰ; সংস্কৃতৰ পৰা অহা সাধুবোৰ হ'ল হিতোপদেশ,পঞ্চতন্ত্র আদি আৰু কিছুমান সাধুৰ মূল কাহিনী মধ্য এছিয়া বা ইউৰোপৰ কাহিনীৰ সৈতে মিলে।অসম তথা চৰ অঞ্চলৰ সাধুবোৰক ভালেমান শ্রেণীত ভগাব পাৰি। কিছুমান সাধু আছে যিবোৰ জীৱ-জন্তুক লৈ ৰচনা কৰা হৈছে। কিছুমান সাধু আকৌ অলৌকিক। আন এবিধ সাধু আছে যাৰ কাহিনী সৰু অথচ ৰসাল আৰু খুহুতীয়া। কিছুমান সাধুকথাত প্রাকৃতিক নানা পৰিঘটনাৰ আদি কাৰণ দেখুৱাবৰ যত্ন কৰা হয়। যেনে- আকাশখন ওখ কিয়,লুইতে ফেনায় কিয়, আলিবাটবোৰ কেঁকোৰা-কেঁকুৰি হ'ল কিয় ইত্যাদি। এনেদৰেই অসমীয়া সাধুকথাত প্রেম-প্রীতি,পিতৃস্নেহ-মাতৃস্নেহ,
সপত্নী-বিদ্বেষ,ঈৰ্ষা-অসুয়া,জীয়াই থকাৰ স্পৃহা,জনবিশ্বাস,কুসংস্কাৰ আদি আদিম ভাৱ আৰু অনুভূতিসমূহৰ সৰল আৰু মুকলি প্ৰকাশ দেখা যায়। প্রসংগক্রমে নৈতিক জীৱনৰ আদৰ্শও এইবোৰে পৰোক্ষভাৱে দাঙি ধৰে। অসমীয়া সাহিত্যৰ বুৰঞ্জীত সাধুকথাৰ বৰ বেছি মূল্য নাথাকিলেও সমাজ তত্বৰ অধ্যায়নৰ ফালৰ পৰা এইবোৰৰ মূল্য উলাই কৰিব নোৱাৰি। এই প্ৰসঙ্গত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 'বঢ়ী আইৰ সাধু'ৰ কথা উল্লেখ কৰিব পাৰি।

এই পুথিখনত অসমীয়া গ্রাম্য সমাজত প্ৰচলিত বিভিন্ন সাধুকথা সংগ্রহ হৈ আছে।


সামৰণিঃ অসমৰ লোক সাহিত্য অতিশয় চহকী। জাতিৰ ভাৱ অনুভূতি,আশা-আকাংক্ষা,ৰৰ্ষ-বিষাদ,প্ৰেম,বিৰহ,
জাতীয় আদৰ্শ আদি লোক সাহিত্যৰ মাজত নিহিত হৈ আছে। আজি কিছু দিশৰ পৰা ইয়াৰ প্রচাৰ আৰু প্ৰসাৰ বৃদ্ধি পাইছে যদিও অসমৰ ইমূৰৰ পৰা সিমূৰ লৈ যিমানবোৰ বিভিন্ন অনুষ্ঠান,আখ্যান,কিম্বদন্তি বা কাল্পনিক গীত আছে,সেই সকলোবোৰ সংগ্রহ হৈছে। সকলোবোৰ একেলগে দুনাই প্ৰকাশ কৰিব পাৰিলে সাহিত্যৰ ভঁৰাল আৰু চহকী হৈ উঠিব। চৰ-চাপৰিৰ লোক সাহিত্যৰ অৱদান বৰ চহকী। লোক সাহিত্যৰ মাজতে অসমীয়াৰ জন্ম আৰু তাৰ মাজতেই বিৱর্তন আৰু পৰিবৰ্দ্ধন। ইয়াৰ প্রসাৰে অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিক নিশ্চয় দুগুনে মহীয়ান কৰি তুলিব।


         গ্রন্থপুঞ্জীঃ
      

১)অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত              - ড° সত্যেন্দ্রনাথ শৰ্মা।

২)চৰ অঞ্চলৰ শিক্ষা ব্যৱস্থাঃ এটি পৰ্যালোচনা 
-মোঃ জহিৰুল ইছলাম।

৩)চৰ-চাপৰিৰ নাৰীৰ সামাজিক জীৱন
- আশ্রাফুল ইছলাম।

৪)চৰাঞ্চলৰ লোক সংস্কৃতি
- পাৰভিন চুলতানা।

৫)বিয়া গীতসমূহ বৰপেটাৰ জিলাৰ মন্দিয়া অঞ্চলৰ আমেনা বিবি আৰু ধুবুৰী জিলাৰ মৈৰাকুচি গাওঁৰ ৰাশিদা খাতুনৰ পৰা সংগ্রহ।

                            

✍️ইমৰুল কৈয়েচ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)