চন্দ্ৰমা বিজয় উল্লাস উদযাপনৰ ৰাতি
হাঁহিও হাঁহিবলৈ পাহৰি যোৱা এন্ধাৰটো
এটা উদাহৰণ মাত্ৰ।
গাঁৱৰ নদীৰে নামি আহিছিল পাৰ ভাঙা
চকুলোৰ এক নীৰৱ ক্ষণ।
মঙ্গল গ্ৰহত চুবুৰী পতাৰ কুচকাৱাজৰ
সময়তো বুল্ডোজাৰৰ শব্দ
এইবাৰ বাছনি প্ৰকৃয়াত
উপহাৰ দিয়া হৈছে হৃদৰোগ।
বৃহস্পতি গ্ৰহত যেতিয়া
গমন কৰিব মানৱ সভ্যতা।
মানুহৰ দাঁত নৰখাদকৰ দৰে
ভয়ভীত হৈ বিচাৰি আনিব কিজানি
ডাইনাচৰৰ পুনৰ যুগ।
ৰৈ থকা পথটোৰ দাঁতিত আজিও
অস্তিত্বহীন মূল্যহীন পদপৃষ্ঠ নৈ পৰীয়া
কলৈ যায়?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ